নগাঁৱত ডাছোৱানীৰ ৯জনৰ আগশাৰীৰ প্ৰতিষ্ঠানত নামভৰ্তিৰ যোগ্যতা

1 min read

নিউজ ব্যুৰ’,নগাঁও,১মে’:–প্ৰতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্ৰত নগাঁও জিলাৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠন ডাছোৱানীয়ে বিগত বৰ্ষৰ দৰে চলিত বৰ্ষতো ধাৰাবাহিকতা অব্যাহত ৰাখিছে। শেহতীয়াকৈ ঘোষণা কৰা অভিযান্ত্ৰিক প্ৰৱেশ পৰীক্ষা (JEE)ত শিক্ষাৰ্থীসকলে চলিত বৰ্ষটো সফলতাৰে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে । শিক্ষা প্ৰতিষ্ঠানখনৰ ১০জন ছাত্ৰ-ছাত্ৰী ৰ ৯জনেই সফলতাৰে উত্তীৰ্ণ হৈ আগশাৰীৰ প্ৰতিষ্ঠানসমূহত নামভৰ্তি গ্ৰহণ কৰিবলৈ সক্ষম হোৱাৰ লগতে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ উত্তীৰ্ণ হোৱা ৯গৰাকী ছাত্ৰ-ছাত্ৰী ভিতৰত ক্ৰমে তুষাৰ দহাল ৯৮.০৪%, হিৰক বৰদলৈ ৯১.৩৭%,ঋষি বৰা ৯১.০৭%,মছফিকুল আলম ৮৪.৬১%, মৃদু পৱন বৰা ৮৩.৯৬%,তনুজ পল ৮৩.৯৩%,‌লাজমী নায়েম ৭৯.৭৫%,দিছা মণ্ডল ৭৯.৮৪% আৰু দয়ান বিশ্বাসে ৭৬.৬৮ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে । আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰীক ডাছোৱানীৰ ফালৰ পৰা বুধবাৰে কেক কাটি সম্বধৰ্না জনোৱা হয়৷ উল্লেখ্য যে প্ৰতিষ্ঠানখনৰ উত্তৰণৰ বাবে ৰাজস্থানৰ কোটাৰ পৰা অহা ৮গৰাকী অভিজ্ঞতা সম্পন্ন শিক্ষকৰ দ্বাৰা পাঠদান কৰোৱা হয় । পুৱা ৯ বজাৰ পৰা বিয়লি ৪বজালৈ নিয়মিত ভাৱে পাঠদান আৰু সাপ্তাহিক মূল্যায়নৰ যি ব্যৱস্থা হাতত লোৱা হৈছে ছাত্ৰ -ছাত্ৰীসকলক আগুৱাই লৈ যোৱাত সহায় হ’ব বুলি শিক্ষানুষ্ঠান খনিৰ পৰিচালক ড° প্ৰাঞ্জল কুমাৰ বৰাই জানিবলৈ দিছে ৷ ইতিমধ্যে শিক্ষানুষ্ঠানখনিৰ আগন্তুক ২০২৪-২৫ বৰ্ষৰ বাবে নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈ আছে । ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author