মুখ্যমন্ত্ৰীয়ে এদিন মোক জে’লত দিছিল, এদিন তেওঁক ময়ো দিমঃ অখিল গগৈ

1 min read

ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ আজি অখিল গগৈয়ে গোৱালপাৰাৰ জলেশ্বৰ সমষ্টিৰ লগতে মানকাচৰৰ হাজিৰহাট আৰু ঠাকুৰাণবাৰীত নিৰ্বাচনী প্ৰচাৰ চলায়। দক্ষিণ শালমাৰা-মানকাচৰ জিলা কংগ্ৰেছৰ উদ্যোগত আজি বিয়লি প্ৰায় ৫ বজাত মানকাচৰ বিধানসভা সমষ্টিৰ হাজিৰহাটত অখিল গগৈ উপস্থিত হৈ সংখ্যালঘু লোকৰ মাজত নিৰ্বাচনী প্ৰচাৰ চলাই ২০২৬ চনত দিছপুৰৰ পৰা বিজেপি ছাফা কৰিব বুলি দাবী কৰে।

মানকাচৰ জিলা সমিতিৰ সভাপতি তথা প্ৰাক্তন বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডল, ৰূপহীহাটৰ বিধায়ক নুৰুল হুদা, দক্ষিণ শালমাৰাৰ বিধায়ক ওৱাজেদ আলী চৌধুৰীৰ লগতে কেবাগৰাকী কংগ্ৰেছৰ জেষ্ঠ নেতাৰ উপস্থিতিত অখিল গগৈয়ে বিয়লি প্ৰায় ৫ বজাত হাজিৰহাটৰ নিৰ্বাচনী সভাস্থলীত উপস্থিত হোৱাৰ লগে লগে ৰাইজে বিপুল আদৰণি জনায়। যোৱা দুদিন পূৰ্বে হাজিৰহাটত এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল হেলিকপ্টাৰযোগে নিৰ্বাচনী প্ৰচাৰ চলাইছিল।

আজমলে নিৰ্বাচনী প্ৰচাৰৰ মাজত এগৰাকী সক্ৰিয় দলীয় কৰ্মীক কাণতলীয়া দিয়া ঘটনাক লৈ অখিল গগৈয়ে আজি ভাষণৰ আৰম্ভণিতে কয় যে – আজমলৰ হেনো এইখন খেলপথাৰতো নিৰ্বাচনী সভাত বহুত খং উছিল, আজমলৰ খং উঠাৰ কাৰণ কি জানেনে? আজমল দীৰ্ঘদিন ধৰি এখন জমিদাৰী চলাই আছে। এতিয়া সেই জমিদাৰীৰ ৰায়ত বিলাকে অৰ্থাৎ খেতিয়কসকলে আজমলৰ জমিদাৰীত নাথাকে। খেতিয়কসকলে নিজৰ ভূমিত নিজে মালিক হৈ থাকিব বিচৰাৰ বাবে আজমলৰ এতিয়া প্ৰচণ্ড খং উঠি থাকে। আজমল বুজি পাইছে এইটো তেওঁৰ শেষ কাৰ্যকাল। এইবাৰৰ পৰা তেওঁ আৰু কোনোদিনে সাংসদ হ’ব নোৱাৰে। বদৰুদ্দিন আজমলে ইতিমধ্যে আত্মসমৰ্পন কৰিছে।

তেওঁ পুনৰ কয়, ২০২৪ চনত এ আই ইউ ডি এফ দলৰ এজনো প্ৰাৰ্থী সাংসদ হ’ব নোৱাৰিব। ২০২৬ চনত দলটোৰ অসমত এজনো বিধায়ক হ’ব নোৱাৰিব। আজমলে হিন্দু-মুছলমানৰ ঘৃণা বিয়পাই থকাৰ দোকান খুলিছিল। ৰাইজে এইবাৰ ধুবুৰী, নগাওঁ আৰু কৰিমগঞ্জত ঘৃৰ্ণাৰ দোকানখন বন্ধ কৰি দিব। ২০২৬ চনত এ আই ইউ ডি এফে অসমৰ য’ত য’ত প্ৰাৰ্থীত্ব প্ৰদান কৰিব, তেওঁলোক প্ৰতিজনে পৰাস্ত হ’ব। মই আগতীয়াকৈ আপোনালোকক কৈ ৰাখো যে, এ আই ইউ ডি এফৰ যিসকল বিধায়ক আছে, তেওঁলোক অতি সোনকালে পদত্যাগ কৰিব। তেওঁলোকৰ মাজত ইতিমধ্যে কাজিয়া আৰম্ভ হৈ গৈছে। তেওঁলোক বিৰোধী ঐক্যমঞ্চৰ সৈতে যোগাযোগ আৰম্ভ কৰিছে। তেওঁলোক এ আই ইউ ডিএফত থাকি ভয় খাইছে। বিধায়কসকলে কংগ্ৰেছত যোগদান কৰিব। যদি এ আই ইউ ডি এফৰ কোনো বিধায়ক দলটোৰ পৰা পদত্যাগ নকৰি আমাৰ ইয়াত যোগদান নকৰে তেন্তে তেওঁলোক কোনেও জয়ী হ’ব নোৱাৰিব। তেওলোক কোনেও আৰু বিধায়ক হ’ব নোৱাৰিব। তেওঁলোকৰ ৰাজনৈতিক ভৱিষত নাইকীয়া হৈ যাব । গতিকে সকলো বিধায়ক ইতিমধ্যে আমাৰ সৈতে যোগাযোগ আৰম্ভ কৰি দিছে বুলি অখিল গগৈয়ে বিস্ফোৰক মন্তব্য কৰে।

প্ৰসংগক্ৰমে বিধায়ক অখিল গগৈ কয় যে, ২০২৬ চনত হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি দলক এ আই ইউ ডিএফৰ সৈতে একেলগে বান্ধি ব্ৰহ্মপুত্ৰত পেলাই দিয়া হ’ব। ইফালে এই হাজিৰহাটতে অনুষ্ঠিত হোৱা এ আই ইউ ডি এফৰ নিৰ্বাচনী সভাত অখিল গগৈক আন্তঃৰাষ্ট্ৰীয় দালাল বুলি সমালোচনা কৰা ঘটনাক লৈ অখিল গগৈ আজি নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, আজমল এগৰাকী মৌলানা। মৌলানাৰ মুখত এনে শব্দ ব্যৱহাৰ কৰাটো উচিত নহয়। ধৰ্মপ্ৰাণ লোকসকল ভদ্ৰ আৰু নম্ৰ হ’ব লাগে। কিন্তু আজমলে ইয়াৰ বিপৰীত হে কৰি আছে। কেতিয়াবা কৰ্মীক চৰিয়ায়, কেতিয়াবা মাইক দলিয়ায়। কেতিয়াবা সাংবাদিকক আক্ৰমণ কৰে। আজমল ইমান অস্থিৰ হৈছে কিয়? আজমল ডাঙৰীয়া অলপ ঠাণ্ডা হওক আপুনি। সদায় সাংসদ হৈ থাকিব লাগিব বুলি কি কথা আছে? ইমান অস্থিৰ হোৱাৰ কিবা প্ৰয়োজন আছে জানোঁ? আপুনি যথেষ্ঠ দিন খালে। যথেষ্ঠ দিন সংখ্যালঘু ৰাইজৰ লোকচান কৰিলে। সংখ্যালঘু ৰাইজে এতিয়া বুজি উঠিছে। আপোনাৰ দ্বাৰা আৰু কাম নহ’ব। আপুনি যদি উৎপাত কৰে, বেলেগক যদি আপুনি গালি দিয়ে, তেন্তে আপোনাক ৰাইজে এনেকুৱা শিক্ষা দিব, আপুনি কান্দিব লাগিব বুলি।

ইফালে কাইলৈ মানকাচৰত অগপ-বিজেপিৰ মিত্ৰজোটৰ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব। ইয়াকে লৈ অখিল গগৈয়ে মুখ্যমন্ত্ৰীক সমালোচনা কৰি কয়, মুখ্যমন্ত্ৰীয়ে সদায় মানকাচৰ, ধুবুৰীৰ ৰাইজক বাংলাদেশী বুলি তুচ্ছ তাচ্ছিল্ল্য কৰে। মুখ্যমন্ত্ৰীয়ে মানকাচৰক অসম বুলি নাভাবে। মানকাচৰক বাংলাদেশ বুলিহে ভাৱে। তেও মানকাচৰলৈ কিয় আহিব লাগে বুলিও প্ৰশ্ন কৰে।

তেওঁ কয়, পূৰ্বে মুখ্যমন্ত্ৰীয়ে ইয়াৰ সকলোকে বাংলাদেশী বুলি কৈছিলে। এতিয়া তেওঁক বাংলাদেশীৰ ভোট লাগে নেকি, বিদেশীৰ ভোট লাগে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে। মুখ্যমন্ত্ৰীয়ে কৈছিলো তেওঁ খিলঞ্জীয়াৰ সৰদাৰ, তেওঁ অকল খিলঞ্জীয়াৰ ভোটেৰে যিকিব, তেওঁ কোনোদিনে বাংলাদেশীৰ ভোট নলয়। তেওঁক মিঞাৰ ভোট নালাগে। এইবোৰ কথা তেওঁ নিজে কৈছিলে। মানকাচৰ, ধুবুৰী, গোৱালপাৰা এইবোৰ হেনো মুখ্যমন্ত্ৰীৰ বাংলাদেশ যেন লাগে। এইবাৰ তেওঁ বাংলাদেশৰ ভোট বিচাৰি কিয় আহিব লাগে?মুখ্যমন্ত্ৰী লুইচ বাৰ্গাৰকে ধৰি বহু কেলেংকাৰীত জড়িত। তেওঁ মোক এদিন জে’লত দিছিল, মই তেওঁক এদিন জে’লত দিম বুলিও আজি অখিল গগৈয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

লক্ষণীয় যে, বিয়লি প্ৰায় ৬.১৫ বজাত অখিল গগৈ হাজিৰহাটত নিৰ্বাচনী প্ৰচাৰ সামৰি মানকাচৰত অনুষ্ঠিত হ’বলগীয়া আন এখন নিৰ্বাচনী সভালৈ ৰওনা হয়। মানকাচৰৰ ঠাকৰাণবাৰীত সন্ধিয়া ৮ বজাত তেওঁ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। আজমল হেলিকপ্টাৰযোগে হাজিৰহাটত কৰা নিৰ্বাচনী প্ৰচাৰতকৈ অখিল গগৈৰ নিৰ্বাচনী প্ৰচাৰত বহু লোকৰ সমাগম হোৱা দেখা গ’ল।

ইয়াৰ দ্বাৰা এটা কথা প্ৰায় স্পষ্ট যে, আজমলৰ দুৰ্গত অখিল গগৈয়ে খলকনিৰ সৃষ্টি কৰিছে। অখিল গগৈয়ে এতিয়া আজমল তথা এ আই ইউ ডি এফৰ নেতা কৰ্মীৰ নিদ্ৰা হৰণ কৰিছে। সেয়েহে কংগ্ৰেছ প্ৰাৰ্থীতকৈ আজমলৰ তথা এ আই ইউ ডি এফৰ নিৰ্বাচনী প্ৰচাৰত অখিল গগৈকহে অধিক সমালোচনা কৰা পৰিলক্ষিত হৈছে।

You May Also Like

More From Author