নগাঁৱৰ বটদ্ৰৱা,কলিয়াবৰ আৰু চামগুৰিত পৃথক পথ দুৰ্ঘটনাত নিহত তিনিজন

1 min read

নিউজ ব্যুৰ’,নগাঁও,৪মে’:–নগাঁও জিলাৰ বটদ্ৰবা,কলিয়াবৰ আৰু চামগুৰিৰ সমীপৰ তিনি স্থানত সংঘটিত পৃথক পথ দুৰ্ঘটনাত এগৰাকী কণমানি ছাত্ৰীকে ধৰি তিনিজন নিহত হয় । ইয়াকে লৈ জিলাখন শনিবাৰ দিনটো “ব্লেক ছেটাৰদে”ৰূপে পৰিণত হয় । বটদ্ৰৱাৰ শান্তিজান বজাৰৰ সন্মুখত শনিবাৰে দুপৰীয়া এক পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন লোক। নিহত লোকজনক বটদ্ৰৱাৰ ভোমোৰাগুৰি গাঁৱৰ ধৰণী নাথ (৪৫) বুলি জানিব পৰা গৈছে। ঘটনাৰ বিৱৰণী মতে,শান্তিজান বজাৰৰ পৰা নগাঁও অভিমুখে গৈ থকা AS 02 DC 3941 নম্বৰৰ এখন যাত্ৰীবাহী টেম্প’খনক এখন অচিনাকি টাটা ম’বাইল গাড়ীয়ে কাষেৰে খুন্দিয়াই থৈ যায়। খুন্দাত টেম্প’ৰ সোঁকাষে থকা এজন যাত্ৰীৰ মূৰৰ অংশ সম্পূৰ্ণ ভাঙি যায়। লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা টাটা ম’বাইল গাড়ীখন বৰ্তমানলৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই । ইপিনে কলিয়াবৰৰ হাটবৰ-বামুণী পথৰ আখিৰঙাত শনিবাৰে দুপৰীয়া সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা। বিদ্যালয়ৰ পৰা ঘৰলৈ উভতা পথত ইটাভৰ্তি এখন বাহনৰ খুন্দাত থিতাতে নিহত হয় এগৰাকী ছাত্ৰী । নিহত ছাত্ৰীগৰাকীৰ নাম নিকিতা শইকীয়া । প্ৰাপ্ত বাতৰি মতে কলিয়াবৰ শিশু নিকেতনৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী নিকিতা এখন টেম্প’ত উঠি ঘৰলৈ বুলি আহি আছিল। ঘৰৰ সমীপত টেম্প’ৰ পৰা নামি পথ পাৰ হ’ব খোজোতেই তীব্ৰ বেগী এখন ইটা পৰিবাহী বাহনে ছাত্ৰীগৰাকীক খুন্দা মাৰে। দুৰ্ঘটনা সংঘটিত কৰিয়ে ইটা ভৰ্তি AS05 AC 5001 নম্বৰৰ পিকআপ বাহনখন পলায়ন কৰে। পৰৱৰ্তী সময়ত জখলাবন্ধা আৰক্ষীয়ে বাহনখন জব্দ কৰে। দুৰ্ঘটনাৰ পিছতে অঞ্চলটোত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। উল্লেখ্য যে আখিৰঙাৰ নয়নজ্যোতি শইকীয়া আৰু মণি শইকীয়াৰ একমাত্ৰ ৬বছৰীয়া কন্যা নিকিতা শইকীয়াক হেৰুৱাই শোকাভিভূত হৈ পৰা পিতৃ-মাতৃ দুয়োকে কলিয়াবৰ মহকুমা চিকিৎসালয়ত ভৰ্তি কৰিব লগা হয়। আনহাতে শনিবাৰে চামগুৰিৰ সমীপৰ ৰঙাগড়াত সংঘটিত হয় এক পথ দুৰ্ঘটনা। নিয়ন্ত্রণ হেৰুৱাই এখন স্কৰপিঅ’ বাহনে পথ বিভাজকত প্ৰচণ্ড জোৰৰে খুন্দা মাৰে। বাহনখনে পথ বিভাজকত খুন্দা মাৰিয়েই এগৰাকী পথচাৰীক মহটিয়াই নিয়ে । ফলত থিতাতে নিহয় হয় পথচাৰীজন। নিহত লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই । দুৰ্ঘটনাৰ পাছতে আৰক্ষী থানাত খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰা বুলি জানিব পৰা গৈছে। ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author