সাংবাদিক ধৰ্মেন্দ্ৰ খাখলাৰীসহ ২০ গৰাকীলৈ ”অসম গ্ৰাম্য শিৰোৰত্ন বঁটা”

1 min read

নিউজ ব্যুৰ’,নগাঁও,৪মে’:–সাংবাদিক ধৰ্মেন্দ্ৰ খাখলাৰীসহ ২০গৰাকীলৈ “অসম গ্ৰাম্য শিৰোৰত্ন বঁটা”। পশ্চিম কাৰ্বি আংলঙত ২০০৮ চনত গঠন হোৱা “অসম গৰীয়সী পুথি সংৰক্ষণ আৰু সাহিত্য-সংস্কৃতি বিকাশ মঞ্চ”ই ৰাজ্যখনৰ অন্তৰ্গত চহৰ,নগৰ আৰু অতিকে পিছপৰা গ্ৰাম্যাঞ্চলৰ ধৰ্ম,শিক্ষা,ক্ৰীড়া,সাহিত্য-সংস্কৃতি, স্থাপত্য,ভাস্কৰ্য তথা সুকুমাৰ কলা, সমাজ সংগঠন,সমাজ সেৱক, সাংবাদিকতা আদিৰ দিশত পাৰদৰ্শিতা দেখুওৱা ব্যক্তিক তেখেতসকলৰ কৰ্মৰ স্বীকৃতি স্বৰূপে তথা উৎকৰ্ষমূলক কামত প্ৰেৰণা আৰু উৎসাহিত কৰাৰ অৰ্থে লগতে জ্ঞাত,অজ্ঞাত আৰু তেনে প্ৰচাৰ বিমুখ লোকৰ সুপ্ত প্ৰতিভাসমূহ আৰু অধিক বিকাশ যাতে ঘটাব পাৰে তাৰ বাবে এই সংগঠনটোৱে ২০০৮ চনৰ পৰা বিশ্বৰ প্ৰয়াত মাতৃসকলৰ সোঁৱৰণত “অসম গ্ৰাম্য শিৰোৰত্ন বঁটা” প্ৰদান কৰি আহিছে । এই উদ্দেশ্য আগত ৰাখিয়েই ৰবিবাৰে “অসম গৰীয়সী পুথি সংৰক্ষণ আৰু সাহিত্য-সংস্কৃতি বিকাশ মঞ্চ” ই ২০২৩ বৰ্ষৰ “অসম গ্ৰাম্য শিৰোৰত্ন বঁটা” প্ৰদান কৰিব। দিনৰ ১০বজাত নগাঁও জিলাৰ অন্তৰ্গত কচুৱা তিনিআলি জ্ঞানজ্যোতি বিদ্যাপীঠত তৃতীয় মহলাত “অসম গ্ৰাম্য শিৰোৰত্ন বটাঁ” প্ৰদান আৰু সাহিত্য-সংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে । অনুষ্ঠানতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে কাৰ্বি আংলং জিলাৰ অন্তৰ্গত হাওৰাঘাটৰ “অসমীয়া প্ৰতিদিন”ৰ সাংবাদিক তথা গৰখীয়া পুখুৰী গাঁৱৰ বাসিন্দা,কবি লেখক তথা সাংবাদিক ধৰ্মেন্দ্ৰ খাখলাৰী,গৰখীয়া পুখুৰী গাঁৱৰে বাসিন্দা বিশিষ্ট কবি তথা সমাজ সেৱিকা ৰূপালী বসুমতাৰী, গোলাঘাট জিলাৰ বিশিষ্ট দ্বি-ভাষিক কবি,প্ৰবন্ধকাৰ আৰু সাহিত্যিক মহেশ্বৰ বসুমতাৰী আৰু গোলাঘাটৰে বাসিন্দা বিশিষ্ট কবি,সাহিত্যিক তথা সমাজ সেৱিকা স্পনানী গগৈ চেতিয়াসহ ৰাজ্যখনৰ মুঠ ২০ গৰাকী বিশিষ্ট কবি,লেখক,সাংবাদিক আৰু সাহিত্যিকক “অসম গৰীয়সী পুথি সংৰক্ষণ আৰু সাহিত্য-সংস্কৃতি বিকাশ মঞ্চ”ৰ ২০২৩বৰ্ষৰ “অসম গ্ৰাম্য শিৰোৰত্ন বঁটা” প্ৰদান কৰিব বুলি মঞ্চৰ সভাপতি সভাৰাম বৰাই জানিবলৈ দিছে । ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author