ডিমৰীয়া উন্নয়ণ খণ্ডত উন্নয়নৰ ফোপোলা স্বৰূপ ! চাৰিটা পকী খুটা নিৰ্মাণ কৰি উদৰস্থ তিনি লাখ টকা

1 min read

বৰ্তমান শাসনাধিষ্ঠ চৰকাৰ খনে উন্নয়নৰ ব্যাপক ঢাক-ঢোল বজাইছে যদিও সেয়া যেন কাৰ্যত এক আভুৱা |

এটা ৰাজহুৱা শৌচাগাৰ নিৰ্মাণৰ বাবে আৱন্টন হৈছিল তিনি লাখ টকা ৷ কিন্ত শৌচালয় নিৰ্মাণৰ নামত মাত্ৰ চাৰিটা পকী খুটা নিৰ্মাণ কৰিয়ে দায়িত্ব সামৰিলে ঠিকাদাৰে।

ইতিমধ্যে সমুদায় ধন উদৰস্থ কৰিলে সংশ্লিষ্ট ঠিকাদাৰে ৷ এই ঘটনা সংঘটিত হয় কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত ডিমৰীয়া উন্নয়ন খণ্ডৰ অধীনস্থ ৫৬ নং ডিগাৰু গাঁও পঞ্চায়তৰ বামুনখাটত ৷

উল্লেখ্য যে,বামনখাটৰ ঐতিহাসিক দেহাল থানত এটা শৌচালয় নিৰ্মাণৰ বাবে পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত ডিমৰীয়া উন্নয়ন খণ্ডই ২০২০-২১ ত আৱন্টন দিছিল তিনিলাখ টকা । সেই অনুসৰি ১৬-৫-২০২২ ত নিবিদা লাভ কৰি সংশ্লিষ্ট ঠিকাদাৰে থান চৌহদত শৌচালয় নিৰ্মাণৰ নামত মাত্ৰ চাৰিটা খুটা নিৰ্মাণ কৰিয়ে কাম সামৰে ৷ আজি দুটা বছৰে নিৰ্মাণ হৈ নুঠিল দেহাল থানৰ শৌচালয়টি ৷

স্থানীয় লোকে অভিযোগ কৰা মতে,শৌচালয় নিৰ্মাণ বাবে আৱন্টিত সমুদায় ধন উদৰস্থ কৰিলে ঠিকাদাৰ আৰু ডিমৰীয়া উন্নয়ন খণ্ডৰ সংশ্লিষ্ট বিষয়া- কৰ্মচাৰীয়ে ৷

এতিয়া ৰাইজৰ প্ৰশ্ন,দেহাল থানৰ পৰিত্যক্ত অৱস্থাত থকা শৌচালয়ৰ চাৰিটা খুটাৰ পৰিৱৰ্তে সম্পূৰ্ণ শৌচালয়টি কেতিয়া সম্পূৰ্ণ হৈ উঠিব ৷ কুম্ভকৰ্ণ নিদ্ৰাত থকা দিছপুৰীয়া বিধায়ক জনে এইবোৰৰ প্ৰতি নজৰ দিবনে ৷ এইয়া এতিয়া লাখটকীয়া প্ৰশ্ন বামুনখাটবাসীৰ ৷

You May Also Like

More From Author