PAN কাৰ্ডত ভুল আছে নেকি? ঘৰতে বহি ঘৰতে সমাধান কৰিব পাৰিব সমস্যা! জানি লওক অনলাইন পদ্ধতি

1 min read

পেন কাৰ্ডত ভুল নাম থকাটো অতি সাধাৰণ কথা। বহুতে পেন কাৰ্ড তৈয়াৰ কৰাৰ সময়ত নিজৰ নামত ভুল কৰিছে। এইটো এতিয়া সহজেই ঠিক কৰিব পাৰিব।

পান কাৰ্ড প্ৰতিজন ভাৰতীয়ৰ বাবে এক গুৰুত্বপূৰ্ণ নথি, পেন কাৰ্ডত নাম ভুল হ’লে অতি সোনকালে শুধৰাই দিয়াই ভাল। ইয়াৰ বাবে আমি কি কি প্ৰয়োজনীয় পদক্ষেপ ল’ব লাগিব সেই বিষয়ে আজি আমি আলোচনা কৰিম।

অনলাইন আৱেদন কৰাৰ পদ্ধতি হ’ল- আয়কৰ বিভাগৰ ৱেবছাইটলৈ যাওক https://www.incometaxindia.gov.in/

“PAN Card Services” ক্লিক কৰক “Change/Correction in PAN Card”- ক্লিক কৰক “Application Type” বিকল্প পৰা “Change or Correction in Existing PAN Data” নির্বাচন কৰিব লাগিব

পেন নম্বৰ লিখি “Submit”ত ক্লিক কৰক। তাৰ পিছত নতুন পেজ এখন খোল খাব। তাৰ পিছত প্ৰয়োজনীয় তথ্য পূৰণ কৰিব লাগিব। আধাৰ কাৰ্ডৰ স্কেন কপি আৰু অন্যান্য বৈধ ডকুমেণ্ট আৰু ‘ ID প্ৰমাণ পত্ৰ’ আৰু ঠিকনাৰ প্ৰমাণ পত্ৰ দিব লাগিব।

আবেদনৰ ধন প্ৰদান কৰিব লাগিব। তাৰ পিছত “Submit”ত ক্লিক কৰিব লাগিব। অনলাইন আবেদনৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ- ৰেচন কাৰ্ড, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, পাছপৰ্ট, ড্ৰাইভিং লাইচেঞ্চ।

অনলাইনৰ পৰিৱৰ্তে আপুনি অফলাইনো এই পেন কাৰ্ডৰ ভুল সলনিৰ বাবে আবেদন কৰিব পাৰিব।

নিকটবৰ্তী আয়কৰ বিভাগৰ কাৰ্যালয়ত গৈ আপুনি এই আৱেদন কৰিব পাৰিব। ইয়াৰ বাবে প্ৰয়োজনীয় নথি পত্ৰ হ’ব ৰেচন কাৰ্ড, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, পাছপৰ্ট, ড্ৰাইভিং লাইচেঞ্চ।

পেন কাৰ্ডৰ নাম সংশোধনৰ বাবে অন লাইন আৱেদনৰ মূল্য হ’ল ৮৫টকা( ১২.৩৬ শতাংশ চার্ভিছ টেক্স সহ ) অফলাইন আবেদনৰ মূল্য হ’ল ১১০ টকা (১২.৩৬ শতাংশ চার্ভিছ টেক্স সহ)

আবেদন দাখিল কৰাৰ পিছত আয়কৰ বিভাগে আবেদনখন তন্ন তন্নকৈ পৰীক্ষা কৰিব। যদি আবেদন গ্ৰহণ কৰা হয় তেন্তে ব্যক্তিজনে নতুন পেন কাৰ্ডৰ ৰচিদ লাভ কৰিব। আবেদনৰ ১৫ৰ পৰা ৩০ দিনৰ ভিতৰত তেওঁৰ ঠিকনালৈ প্ৰেৰণ কৰা হ’ব নতুন পেন কাৰ্ড।

You May Also Like

More From Author