উজনি-নামনি ভাগ ভাগ কৰা বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কেইবাটাও সংগঠনৰ

1 min read

বিপদত পৰিছে বিধায়ক মৃণাল শইকীয়া। ভাৰতীয় জনতা পাৰ্টিৰ মজিয়াত এলাগি হোৱাৰ পিছতে আন এক বিপদত পৰিছে খুমটাইৰ বিধায়ক মৃণাল শইকীয়া। বিলাসীপাৰাত এজাহাৰ দাখিল খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে।

বিলাসীপাৰা থানাত বিধায়কগৰাকীৰ বিৰুদ্ধে অবিভক্ত গোৱালপৰা জিলা আক্ৰাছু, নাথ যোগী ছাত্ৰ সন্থা, গৰিয়া মৰিয়াকে ধৰি বিভিন্ন দল সংগঠনে এজাহাৰ দাখিল কৰে। বিতৰ্কিত আৰু অসমৰ বিভাজনমূলক মন্তব্যৰ বাবে এজাহাৰ দাখিল মৃণাল শইকীয়াৰ বিৰুদ্ধে।

বিধায়ক মৃণাল শইকীয়াই কৈছিল ‘‘আমি উজনি অসমৰ মানুহ স্বাভিমানী। আমি নামনি অসমৰ মানুহ নহয়। আমাৰ ইয়াত তেল আছে, চাহপাত আছে, কয়লা আছে, আমিয়েইটো নামনি অসমক চলাই আছো। আমি ইমান Pride থকা জাতি এটা মাহেকত ১২৫০টা দিছো, আমাক ভোটে দিয়া। আমাৰ Prideক আঘাত কৰা হ’ল।’’

বিধায়কগৰাকীয়ে নামনি অসমৰ বিৰুদ্ধে দিয়া এই বিতৰ্কিত তথা কটু মন্তব্যৰ বিৰুদ্ধে খুৰধাৰ সমালোচনা কৰি ক্ষোভ প্ৰকাশ কৰে দল সংগঠনে। লগতে অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনায় চৰকাৰ তথা আৰক্ষী প্ৰশাসনক।

You May Also Like

More From Author