ডিঙি-পিঠিত প্ৰচণ্ড বিষ! এইকেইটা কাম কৰিলে নিমিষতে দূৰ হ’ব স্পণ্ডিলাইটিছ!

0 min read

সাধাৰণতে অফিচত বহি বহি কাম কৰি কৰি বা বহাৰ ভংগীমাৰ কাৰণে বহুতৰে নানা ধৰণৰ বিষ বা যন্ত্ৰণা হয়। দীৰ্ঘদিন ধৰি এই অভ্যাসৰ ফলত বহুতেই স্পণ্ডিলাইটিছত আক্ৰান্ত হয়। কিন্তু আপুনি জানেনে যে ঘৰতে কিছুমান নিয়ম মানিলে আপোনাৰ স্পণ্ডিলাইটিছ দূৰ হ’ব পাৰে।

মাংসপেশী অতিৰিক্ত ষ্ট্ৰেচ কৰাৰ ফলতো পিঠিত বিষ হ’ব পাৰে। চাইটিকা নাৰ্ভ দুৰ্বল হ’লেও পিঠিত বিষ হ’ব পাৰে।

দ্বিতীয়তে চিকিৎসকৰ নিয়মিত পৰামৰ্শ ল’ব লাগিব। আপুনি বিষৰ ধৰণ অনুসৰি নিয়মিত চিকিৎসকৰ সৈতে কথা পাতক। তেওঁ আপোনাক একাধিক বিষয়ত সঠিক চিকিৎসা পদ্ধতিৰ বিষয়ে ক’ব পাৰিব।

ইয়াৰ উপৰি নিজকে শান্ত ৰখাৰ অভ্যাস কৰক। মেডিটেচন কৰক, এনে কিতাপ পঢ়ক যাতে আপোনাৰ মনৰ অপ্ৰয়োজনীয় উত্তেজনা দূৰ হয়। দীৰ্ঘশ্বাস এৰক আৰু লোৱাৰ চেষ্টা কৰক। মুঠৰ ওপৰত শৰীৰক একেবাৰে নিশ্চিত আনন্দত ৰাখিবলৈ চেষ্টা কৰক।

নিয়মিত ডিঙিৰ ব্যায়াম কৰক। পুৱা উঠি, নিশা শোৱাৰ আগত, অফিচতো মাজে মাজে ব্যায়াম কৰক। ফলত আপোনাৰ ডিঙিৰ বিষ নিয়ন্ত্ৰণত থাকিব। প্ৰয়োজন হ’লে ডিঙিৰ বেল্ট ব্যৱহাৰ কৰক।

ইয়াৰ উপৰি হট এণ্ড ক’ল্ড থেৰাপিও ল’ব পাৰে। যাৰ ফলত আপোনাৰ পিঠিৰ যন্ত্ৰণা বহু পৰিমাণে কমিব পাৰে। ইয়াৰ উপৰি গৰম সেক দিব পাৰে বিষ হোৱা স্থানত। বহু পৰিমাণে আৰাম পাব।

You May Also Like

More From Author