তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হিচাপে শপত ল’ব নৰেন্দ্ৰ মোদীয়ে, কোন কোনে মোদী মন্ত্ৰীসভাত লাভ কৰিব মন্ত্ৰিত্ব?

1 min read

তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত ল’ব নৰেন্দ্ৰ মোদীয়ে। ৰাষ্ট্ৰপতি ভৱনত দেওবাৰে সন্ধ্যা ৭বাজি ১৫ মিনিটত ৰাষ্ট্ৰপতি মুৰ্মূৱে পাঠ কৰাব শপত বাক্য। মোদীৰ শপত গ্ৰহণ তথা মোদীৰ সৈতে কোনে শপত গ্ৰহণ কৰিব তাক লৈ এতিয়া ব্যাপক জল্পনা-কল্পনা চলিছে।বিজেপিয়ে একক সংখ্যা গৰিষ্ঠতা লাভ কৰাত ব্যৰ্থ হোৱাৰ পাছতে মোদী মন্ত্ৰীসভাকলৈ স্বাভাৱিকতে বিভিন্ন চৰ্চা চলিছে। কাৰণ এইবাৰৰ নিৰ্বাচনৰ ফলাফলে NDAৰ সহযোগী দল সমূহক অধিক গুৰুত্বপূৰ্ণ কৰি তুলিছে।

বিশেষকৈ ১৬খন আসন লাভ কৰি চন্দ্ৰবাবু নাইডুৰ তেলেগু দেশম পাৰ্টী আৰু ১২খন আসন লাভ কৰা নীতিশ কুমাৰৰ জনতা দল ইউনাইটেডে বিজেপিৰ সৈতে দৰদাম কৰিছে। শেহতীয়া তথ্য অনুসৰি ইতিমধ্যে মিত্ৰজোঁটৰ সৈতে আলোচনা সম্পন্ন হৈছে। বিজেপিৰ সুত্ৰ অনুসৰি বিজেপিয়ে মন্ত্ৰীসভাৰ বিগ ফ’ৰ নিজৰ হাততে ৰাখিব। অৰ্থাৎ গৃহ, প্ৰতিৰক্ষা, বিত্ত আৰু বৈদশিক মন্ত্ৰালয় বিজেপিয়ে আন সযহযোগী দলক এৰি নিদিব।

একেসময়তে আন এটা গুৰুত্বপূৰ্ণ দপ্তৰ ৰে’লৱে মন্ত্ৰালয় নীতিশ কুমাৰে বিচাৰিছিল যদিও, ৰে’লৱে মন্ত্ৰালয়ৰ লগতে আন কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰ বিজেপিয়ে নিজৰ হাততে ৰখাৰ সম্ভাৱনাই অধিক। বিজেপিয়ে পথ পৰিবহন, আইন, তথ্য আৰু সম্প্ৰচাৰ আৰু শিক্ষা মন্ত্ৰালয় নিজৰ লগত ৰাখিব বিচাৰিছে।

চন্দ্ৰবাবু নাইডুৰ TDPক সদ্যহতে এটা কেবিনেট দপ্তৰ আৰু দুই কেন্দ্ৰীয়ে ৰাজ্য মন্ত্ৰীৰ দায়িত্ব দিয়া হ’ব। নীতিশ কুমাৰৰ দল JD(U)য়ে ২০১৯ ত ১৬খন আসন লাভ কৰা স্বত্বেও বিজেপিয়ে JD(U) কেবিনেট মন্ত্ৰিত্ব দিয়া নাছিল। বিপৰীতে এইবাৰ দলটোৱে ১২খন আসন লাভ কৰিও, এইবাৰ চৰকাৰত দলটোৰ গুৰুত্ব বুজি নীতিশ কুমাৰে ৰে’লৱে মন্ত্ৰালয়ৰ লগতে কৃষি আৰু গ্ৰাম্য উন্নয়ন দপ্তৰো বিচাৰিছে। অৱশ্যে দলটোক কি দপ্তৰ দিব সেয়া এতিয়াও নিশ্চিত হোৱা নাই। কিন্তু এটা কেবিনেট আৰু দুটা ৰাজ্য মন্ত্ৰীৰ দপ্তৰ JD(U)য়ে লাভ কৰাৰ সম্ভাৱনা আছে।
লক্ষণীয়ভাৱে নীতিশ কুমাৰে পূৰ্বে ৰে’লৱে দপ্তৰৰ দায়িত্ব পালন কৰাৰ লগতে, দলটোত আৰচিপি সিঙে ষ্টীল মন্ত্ৰালয়ৰ দায়িত্ব চম্ভালিছিল। দেওবাৰে প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে শপত গ্ৰহণ কৰাৰ লগতে আন ১৫ গৰাকী কেবিনেট সতীৰ্থয়ো শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। সাতখন আসন লাভ কৰা একনাথ সিন্ধেৰ শিৱসেনাই, মোদী মন্ত্ৰীসভাত এটা কেবিনেট দপ্তৰ আৰু এটা কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰীৰ দপ্তৰ লাভ কৰাৰ সম্ভাৱনা আছে। একেদৰে পাঁচখন আসন লাভ কৰা চিৰাগ পাছোৱান নেতৃত্বাধীন লোক জনশক্তি দলেও মোদী মন্ত্ৰীসভাত এটা কেবিনেট দপ্তৰ আৰু এটা কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰীৰ দপ্তৰ লাভ কৰাৰ সম্ভাৱনা আছে।

একেদৰে মোদী মন্ত্ৰীসভাত একোটাকৈ কেবিনেট বা ৰাজ্য মন্ত্ৰীৰ দপ্তৰ লাভ কৰিব পাৰে, এইছ ডি কুমাৰ স্বামী নেতৃত্বাধীন JD(S), পৱন কল্যানে নেতৃত্বধীন আৰু RLDয়ে। ৰাজ্য মন্ত্ৰীৰ দায়িত্ব লাভ কৰিব পাৰে আপনা দলৰ নেত্ৰী অনুপ্ৰিয়া পেটেল, হামৰ নেতা জিতন ৰাম মাঝিয়ে।

দেওবাৰে নৰেন্দ্ৰ মোদীৰ সৈতে কোনে কোনে শপত গ্ৰহণ কৰিব তাক লৈ NDA শিবিৰত ইখনৰ পিচত সিখন বৈঠক অনুষ্ঠিত হৈছে। জ্যেষ্ঠ বিজেপি নেতা অমিত শ্বাহ আৰু বিজেপি ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই NDA মিত্ৰজোঁটৰ ইজনৰ পিচত সিজন নেতাৰ সৈতে আলোচনাত বহিছে। খবৰ অনুসৰি প্ৰথমে দুই বিজেপি জ্যেষ্ঠ নেতাই NCPনেতা অজিত পাৱাৰ, প্ৰফুল পেটেল আৰু সমীৰ ভূজবলৰৰ সৈতে আলোচনাত মিলিত হয়। তাৰ পাছতে ৰাষ্ট্ৰীয় লোক দলৰ মুৰব্বী জয়ন্ত চৌধুৰীৰ সৈতেও আলোচনা চলে। সকলো জল্পনা কল্পনাৰ অন্ত পেলাই দেওবাৰে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে।

You May Also Like

More From Author