অসমতে থাকিব আৰজিএল, স্থানীয় উন্নয়নৰ প্ৰতি নিঃচৰ্ত দায়বদ্ধতাঃ অ’এনজিচি

1 min read

শেহতীয়াকৈ অ’এনজিচিৰ আঞ্চলিক ভূ-বিজ্ঞান লেব (আৰজিএল) অসমৰ বাহিৰলৈ স্থানান্তৰিত কৰা সন্দৰ্ভত কিছুসংখ্যক বাতৰিকাকতত প্ৰকাশিত বাতৰি সন্দৰ্ভত অ’এনজিচিৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হয় যে বৰ্তমানৰ আৰজিএল শিৱসাগৰৰ পৰা স্থানান্তৰিত কৰাৰ কোনো পৰিকল্পনা নাই। আঞ্চলিক ভূ-বিজ্ঞান লেব (আৰজিএল) অসমতে থকাৰ কথা পুনৰবাৰ প্ৰকাশ কৰে অ’এনজিচিয়ে।

সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল আৰু বিশেষকৈ অসমৰ ক্ৰমবৰ্ধমান কাৰ্যকৰী প্ৰয়োজনীয়তা পূৰণৰ উদ্দেশ্যে যোৰহাটতো অত্যাধুনিক প্ৰযুক্তিৰে নতুন আৰজিএল নিৰ্মাণ কৰা হৈছে। ইয়াৰ উপৰি উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শিক্ষণ, দক্ষতা বিকাশ আৰু গৱেষণামূলক কামৰ বাবে অনুকূল পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰতো পৰীক্ষাগাৰটোৱে উল্লেখযোগ্য ভূমিকা পালন কৰিব। শিৱসাগৰত বৰ্তমান থকা আৰজিএল ভৱনটোও পুনৰ্নিমাণ কৰা হৈছে।

শেহতীয়াকৈ কিছু স্থানীয় সংগঠনৰ অভিযোগ আৰু প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত অ’এনজিচিয়ে অসমৰ অৰ্থনৈতিক আৰু সামাজিক বিকাশৰ প্ৰতি থকা প্ৰতিষ্ঠানটোৰ দায়বদ্ধতা সন্দৰ্ভত পুনৰবাৰ আশ্বস্ত কৰিব বিচাৰে।

অ’এনজিচিয়ে কাৰ্যকৰী দক্ষতা বৃদ্ধি আৰু কাৰ্যকলাপত উৎকৃষ্টতা অৰ্জনৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে। কাৰ্যকৰী দক্ষতা আৰু সেৱা প্ৰদান উন্নত কৰাৰ বাবে আমাৰ নিৰন্তৰ প্ৰচেষ্টাৰ অংশ স্বৰূপে আভ্যন্তৰীণ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হয়। এনে কোনো পদক্ষেপে কেতিয়াও স্থানীয় স্বাৰ্থক বিঘ্নিত নকৰে।

অসমৰ অৰ্থনীতি আৰু সমাজ জীৱনৰ সৈতে সম্পৃক্ত অ’এনজিচি স্থানীয় লোকৰ কল্যাণৰ প্ৰতি সদায় দায়বদ্ধ। স্বাস্থ্যসেৱা, শিক্ষা, আন্তঃগাঁথনি উন্নয়ন, দক্ষতা বিকাশকে ধৰি বিভিন্ন ক্ষেত্ৰত চিএছআৰৰ যোগেদি অ’এনজিচিয়ে স্থানীয় লোকৰ হিত সাধনৰ প্ৰয়াস কৰি আহিছে।

Press Release

You May Also Like

More From Author