কংগ্ৰেছত চাফাই হ’ব গাড্ডাৰ, বিশ্বাসঘাতক৷ গাড্ডাৰ, বিশ্বাসঘাতকক আঁতৰাবলৈ কংগ্ৰেছৰ আইনী যুঁজ৷ আইনী যুঁজৰ দায়িত্বত নৱনিৰ্বাচিত সাংসদ ৰকিবুল হুছেইন৷ কংগ্ৰেছৰ ভোটত জয়লাভ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰক সমৰ্থন কৰা ৫ বিধানসভা সমষ্টিত কংগ্ৰেছ বিচাৰিছে উপ-নিৰ্বাচন৷ যি ৫ সমষ্টিৰ কংগ্ৰেছী বিধায়কক পূৰ্বে নিলম্বন কৰিছিল৷ দলৰ বিৰুদ্ধাচৰণ কৰি চৰকাৰী পক্ষক সমৰ্থন কৰা এই ৫ বিধায়ক ক্ৰমে ৰহাৰ শশীকান্ত দাস, দক্ষিণ কৰিমগঞ্জৰ ছিদ্দিক আহমেদ, উত্তৰ কৰিমগঞ্জৰ কমলাক্ষ দে পুৰকায়স্থ, মঙলদৈৰ বসন্ত দাস আৰু বাঘবৰৰ বিধায়ক শ্বেৰমান আলী৷
এই ৫ বিধায়কৰ বিধায়ক পদ খাৰিজ কৰিবলৈ ইতিমধ্যে অসম বিধানসভাৰ অধ্যক্ষলৈ বাৰ বাৰ পত্ৰ লিখিছে কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াই৷ পিছে, বিৰোধী দলৰ দলপতিৰ পত্ৰক লৈ ব্যৱস্থা গ্ৰহণ নকৰাৰ পিছতে সৰব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷ যাৰ বাবে গাড্ডাৰ, বিশ্বাসঘাতক ৫ বিধায়কৰ বিৰুদ্ধে আইনী পদক্ষেপ লোৱাৰ যো-জা চলাইছে কংগ্ৰেছে৷
পিছে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৰা এনে কঠোৰ মন্তব্যৰ বিপৰীতে কিন্তু নৰম বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া৷ এতিয়াই আইনী পদক্ষেপ লোৱাৰ প্ৰয়োজন নাই বুলি কয় শইকীয়াই৷
বিৰোধী দলপতিয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত ইতিমধ্যে শ্বেৰমান আলী, শশীকান্ত দাস আৰু ছিদ্দিক আহমেদৰ বহুকেইবাৰ শুনানি সম্পন্ন হৈছে৷ এয়া শেষৰ তথা অন্তিমখন শুনানি বাকী আছে ৷ তেনে সময়ত অচিৰেই বিধানসভাই গ্ৰহণ কৰিব পদক্ষেপ৷ আনহাতে শেহতীয়া বিধানসভাত চৰকাৰী পক্ষক সমৰ্থন কৰা কংগ্ৰেছ বিধায়ক বসন্ত দাস আৰু কমলাক্ষ পুৰকায়স্থলৈ ইতিমধ্যে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে৷ তেনে সময়ত হয়তো অধ্যক্ষই অচিৰেই ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশাবাদী দেৱব্ৰত শইকীয়া৷
অৱশ্যে ইয়াৰ মাজতে কমলাক্ষ দে পুৰকায়স্থৰ বিধায়ক পদ খাৰিজক লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে কৰা মন্তব্যক প্ৰত্যুত্তৰ দিলে বিধায়কজনে৷ কংগ্ৰেছে যিধৰণে বিচাৰে তেনে ধৰণে নিজৰ কাম কৰক৷ তাত আপত্তি নাই কমলাক্ষ দে পুৰকায়স্থৰ৷ এনেদৰে এতিয়া কংগ্ৰেছৰ ভিতৰতে নিলম্বিত বিধায়কৰ বিৰুদ্ধে আইনী যুঁজক লৈ দুটা ভাগত দেখা গৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি বনাম বিৰোধী দলপতি দেৱব্ৰত শইকীয়া৷