“অসমৰ ইতিহাসত শিক্ষক – কৰ্মচাৰীক আটাইতকৈ বেছি অত্যাচাৰ আৰু অপমান কৰিছে মূখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই” এই মন্তব্য ৰাজ্য সভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ। অজিত কুমাৰ ভূঞাৰ মতে মুখ্যমন্ত্ৰী য়ে ভাবে যে তেওঁ ৰজা, বাকী শিক্ষক – কৰ্মচাৰীসকল তেওঁৰ প্ৰজা। শিক্ষকসকলক তেওঁ কোনটো কামত ব্যৱহাৰ কৰা নাই? যদি অৰুণোদয় আঁচনিৰ নামত, কলহত মাটি ভৰোৱা কামতো তেওঁ শিক্ষকক ব্যৱহাৰ কৰে তেন্তে শিক্ষকৰ পদমৰ্যদা ক’ত থাকিল? টেট শিক্ষকৰ চাকৰি নিয়মায়ীকৰণৰ নামত বেতন কৰ্তন, প্রাদেশীকৰণৰ দাবী কৰি থকা শিক্ষকক পুলিচৰ জৰিয়তে অত্যাচাৰ, কলেজ শিক্ষকসকলৰ প্রমোচনত সমস্যা সৃষ্টি কৰা, প্রাথমিক বিদ্যালয়সমূহত স্থায়ী প্রধান শিক্ষক নিযুক্তি নিদিয়া হিমন্ত বিশ্বৰ কি অধিকাৰ আছে যে তেওঁ শিক্ষকৰ ভোট খুজিব?
অজিত কুমাৰ ভূঞাৰ মতে ‘‘তেওঁ শিক্ষক সমাজক আটাইতকৈ অপমান কৰিছিল সেইদিনা , যিদিনা তেওঁ ৰাজহুৱাভাবে এজন শিক্ষকক সুধিছিল যে আজি কোনটো ব্ৰেণ্ডৰ মদ খাইছে? সেইদিনা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চকুত স্পষ্টভাবে এই অহংভাব ফুটি উঠিছিল যে তেওঁ ৰজা আৰু বাকী সকলোবোৰ তেওঁৰ চাকৰ এই অভিযোগ অজিত কুমাৰ ভূঞাৰ। কাষত দুজনমান সুবিধাবাদী শিক্ষকক চপাই লৈ ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাবে যে তেওঁ ক্ষমতাৰ স্বাৰ্থত সকলো শিক্ষককে ব্যবহাৰ কৰিব পাৰিব।’’
‘‘শিক্ষক – কৰ্মচাৰীৰ নিজৰ অধিকাৰ আছে, নিজৰ চিন্তা শক্তি আছে। গতিকে ডঃ হিমন্ত বিশ্ব শৰ্মাই এতিয়া কৈ লাভ নাই যে তেওঁক শিক্ষকৰ ভোট নালাগে। ডঃ হিমন্ত বিশ্ব শৰ্মাই বুজা উচিত যে তেওঁৰ শিক্ষক-কৰ্মচাৰীৰ ভোট খোজাৰ কোনো অধিকাৰ নাই আৰু সেই অধিকাৰ তেওঁ আৰু তেওঁৰ দলে চিৰদিনৰ কাৰণে হেৰুৱাই পেলাইছে বুলিও কয় অজিত কুমাৰ ভূঞাই।