নলবাৰীত অনুষ্ঠিত কেবিনেট বৈঠকত পৰিৱেশন কৰা খাদ্য সম্ভাৰক লৈ অসন্তুষ্ট মুখ্যমন্ত্ৰী, জিলা আয়ুক্তক ককৰ্থনা

1 min read

নলবাৰীত অনুষ্ঠিত কেবিনেট বৈঠকত পৰিৱেশন কৰা খাদ্য সম্ভাৰক লৈ অসন্তুষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অসন্তুষ্ট মুখ্যমন্ত্ৰীয়ে ককৰ্থনা কৰিলে জিলা আয়ুক্তক। চৰকাৰী নিৰ্দেশনা অৱমাননা কৰি কেবিনেট বৈঠকৰ বাবে আয়োজন কৰিছিল বিধে বিধে সুস্বাদু ব্যঞ্জন। নিৰ্দেশনা অনুসৰি দিব লাগিছিল সাধাৰণ নিৰামিষ আহাৰ। কিন্তু তাৰ পৰিৱৰ্তে দীঘলীয়া খাদ্য তালিকাত আছিল ছাগলী মাংসৰ পৰা সাতবিধ মাছলৈ, খাহীৰ তেলেৰে মাহৰ দাইলৰ পৰা গোলাপ জমুনলৈ প্ৰায় ২২ বিধ খাদ্য। আহাৰৰ তালিকাত অত্যধিক ব্যঞ্জন পৰিৱেশনক লৈ পত্ৰযোগে অসন্তুষ্টি প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে।

নলবাৰীত অনুষ্ঠিত হোৱা কেবিনেট বৈঠক উপলক্ষে খাদ্য তালিকাত আছিল –
১) প্লেইন ৰাইচ, জিৰা ৰাইছ আৰু পোলাও
২) ছাগলীৰ মাংস
৩) কাৱৈ আৰু মাগুৰ মাছৰ বিশেষ আঞ্জা
৪) মিছা মাছ ভাজি
৫) আদা দিয়া সৰু সৰু মাছ
৬) টেঙাৰে আৰি, ভকুৱা, বৰালি মাছ
৭) খাহীৰ তেলৰে মাহৰ দাইল
৮) মিক্সড ডাইল
৯) তৰকাৰী
১০) কলফুল ভাজি
১১) চিকেন চুপ বইল
১২) ঢেঁকীয়া ভাজি
১৩) কল পছলা
১৪) সৰু আলু ভাজি
১৫) বৰা ভাজি
১৬) আলু পিটিকা
১৭) পদিনা চাটনি
১৮) তিল চাটনি
১৯) অমিতা খাৰ
২০) চালাদ
২১) মিঠা দৈ
২২) গোলাপ জামুন

ইয়াৰ উপৰি ব্ৰেকফাষ্টত আছিল ধোকলা, চেন্দুইচ আৰু বইল কণী। অৱশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খাইছিল নিৰামিষ। লগতে মন্ত্ৰী বিমল বৰাই খাইছিল ৰুটি আৰু দৈ।

কিয় খাদ্যৰ তালিকাক লৈ অসন্তুষ্টি প্ৰকাশ মুখ্যমন্ত্ৰীৰ?

উল্লেখযোগ্য যে হাফলঙত অনুষ্ঠিত কেবিনেট বৈঠকত গুৱাহাটীৰ পঞ্চতাৰকা হোটেলৰ পৰা গৈছিল খাদ্য সম্ভাৰ। গুৱাহাটীৰ এখন পঞ্চতাৰকা হোটেলৰ প্ৰিমিয়াম খাদ্য যোগান ধৰা হৈছিল হাফলঙৰ কেবিনেট বৈঠকত। যাৰ বাবে সমালোচনাৰ সন্মুখীন হৈছিল ৰাজ্য চৰকাৰ। তাৰ পিছতে মুখ্যমন্ত্ৰীয়ে শীঘ্ৰে সেইধৰণৰ ব্যৱস্থা বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল আৰু কেবিনেট বৈঠকত সাধাৰণ নিৰামিষ আহাৰৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ দিছিল।

তাৰ পিছতে শিলচৰত অনুষ্ঠিত হৈছিল কেবিনেট বৈঠক। মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মেই শিলচৰত অনুষ্ঠিত কেবিনেট বৈঠকৰ খাদ্য তালিকা আছিল তেনেই সাধাৰণ। নৱেম্বৰ মাহত শিলচৰত অনুষ্ঠিত কেবিনেট বৈঠকত থলুৱাভাৱে প্ৰস্তুত কৰা খাদ্য পৰিৱেশন কৰা হৈছিল। আশীৰ্বাদ কমিউনিটী হলত প্ৰস্তুত কৰা শিলচৰ কেবিনেট বৈঠকৰ খাদ্য তালিকাত আছিল ভাত, ৰুটি, মিক্স ভেজ, মটৰ পনীৰ, ৰহৰ দাইল আৰু মুৰ্গী মাংস।

কিন্তু নলবাৰীৰ কেবিনেট বৈঠকত পুনৰ বিলাসবহুল খাদ্য সম্ভাৰ পৰিৱেশনক লৈ খৰ্গহস্ত হৈ পৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সাধাৰণ নিৰামিষ আহাৰৰ পৰিৱৰ্তে মাছে-মঙহে বিবিধ প্ৰকাৰৰ খাদ্য প্ৰস্তুত কৰাৰ পিছতে অসন্তোষ প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই। যাৰ বাবে পত্ৰ লিখি জিলা আয়ুক্তক ককৰ্থনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

 

You May Also Like

More From Author