বৰ্ষীয়ান ৰাজনীতিক লালকৃষ্ণ আদৱানি অসুস্থ

0 min read

বৰ্ষীয়ান ৰাজনীতিক লালকৃষ্ণ আদৱানি অসুস্থ। দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছে লালকৃষ্ণ আদৱানিক। আজি পুৱাৰ ভাগত ভৰ্তি কৰোৱা হৈছে এইমছত। দেশৰ প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানি। চিকিৎসকৰ নিৰীক্ষণত আছে বৰ্ষীয়ান নেতাজন। বৰ্তমান স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জনাইছে চিকিৎসকে।

৯৬বছৰীয়া লালকৃষ্ণ আদৱানিক শেহতীয়াকৈ ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হৈছিল। ১৯৮০চনত ভাৰতীয় জনতা পাৰ্টীৰ অন্যতম প্ৰতিষ্ঠাপক লালকৃষ্ণ আদৱানিৰ অসুস্থতাৰ বাতৰি পোৱাৰ লগে লগে অগণন গুণমুগ্ধই হাস্পতালত ভিৰ কৰে। ১৯৮৯চনত নতুন দিল্লী লোকসভা সমষ্টিৰ পৰা প্ৰথমবাৰলৈ প্ৰতিদ্বন্দ্বিতা কৰি নিৰ্বাচিত হৈছিল লালকৃষ্ণ আদৱানি। অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰটো অন্যতম ভূমিকা আছে প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানিৰ।

You May Also Like

More From Author