আজি আৰু কাইলৈ অসমৰ কেইবাখনো জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে সতৰ্কবাণী। ৮খন জিলাত ৰেড এলাৰ্ট জাৰি কৰাৰ বিপৰীতে ১২খন জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। ১৫খন জিলাত জাৰি কৰা হৈছে ইয়েল’ এলাৰ্ট।
বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, আজিৰ দিনটোত কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ, বৰপেটা, গোৱালপাৰা, বঙাইগাঁও আৰু ডি হাছাও জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। এই জিলাসমূহত মূষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
ধুবুৰী, বজালী, দৰং, নলবাৰী, ওদালগুৰি, মৰিগাঁও, নগাঁও, পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, গোলাঘাট, কাছাৰ আৰু কৰিমগঞ্জ জিলাত Orange Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। এই জিলাসমূহত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান বিভাগে।
দক্ষিণ শালমৰা, কামৰূপ, কামৰূপ (মহানগৰ), শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, হোজাই আৰু হাইলাকান্দি জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। এই জিলাসমূহত বৰষুণৰ লগতে ঠায়ে ঠায়ে বজ্ৰপাত পৰাৰো সম্ভাৱনা আছে।
বিজ্ঞাপন
05
News18 Assam
আনহাতে, ১৯ জুনত ৬খন জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। এই জিলাসমূহ হ’ল ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, গোৱালপাৰা আৰু ডিমা হাছাও।
বিজ্ঞাপন
06
News18 Assam
সেইদৰে ১৯ জুনত দক্ষিণ শালমাৰা, বৰপেটা, বাক্সা, নলবাৰী, তামুলপুৰ, মৰিগাঁও, নগাঁও, পশ্চিং কাৰ্বি আংলং, কাৰ্বি আংলং আৰু গোলাঘাট জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট।
বিজ্ঞাপন
07
News18 Assam
সেইদৰে কামৰূপ, দৰং, ওদালগুৰি, বজালী, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, মাজুলী, হোজাই, কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত ১৯ তাৰিখে জাৰি কৰা হৈছে ইয়েল’ এলাৰ্ট।