এইমছ গুৱাহাটীৰ সমস্যা পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে

0 min read

গুৱাহাটী, ১৫ জুন: অসমৰ মুখ্য সচিব ড০ ৰবি কোটাই কালি এইমছ গুৱাহাটীৰ বিষয়ববীয়াৰ সৈতে এক বৈঠকত মিলিত হৈ আগশাৰীৰ স্বাস্থ্যসেৱা প্ৰতিষ্ঠানটোৰ সৈতে জড়িত বিভিন্ন সমস্যাসমূহৰ পৰ্যালোচনা কৰে।
এইমছ গুৱাহাটীৰ সভাকক্ষত অনুষ্ঠিত হোৱা বৈঠকত ৰাজ্য চৰকাৰৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব সিদ্ধাৰ্থ সিঙ, কামৰূপ জিলাৰ জিলা আয়ুক্ত কীৰ্তি জল্লীকে ধৰি জলসম্পদ, লোক নিৰ্মাণ (ৰাষ্ট্ৰীয় ঘাইপথ), এ পি ডি চি এল, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ বিষয়াসকল উপস্থিত থাকে।
এইমছ গুৱাহাটীৰ সভাকক্ষত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত এইমছ গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক প্ৰফেছৰ (ড০) অশোক পুৰাণিকে মুখ্য সচিবগৰাকীক এইমছ গুৱাহাটীত চলি থকা বিভিন্ন নিৰ্মাণ কাৰ্য আৰু বিভিন্ন প্ৰকল্পৰ স্থিতিৰ বিষয়ে অৱগত কৰে আৰু লগতে চিকিৎসা শিক্ষা আৰু ৰোগীৰ যতন আদি ক্ষেত্ৰসমূহত এইমছ গুৱাহাটীয়ে গ্ৰহণ কৰা পদক্ষেপ সম্পৰ্কেও মুখ্য সচিবগৰাকীক অৱগত কৰে।
বৈঠকত মুখ্য সচিবগৰাকীয়ে ভূমি অধিগ্ৰহণ, এইমছ চৌহদত বৰষুণৰ পানীৰ প্ৰৱেশ প্ৰতিৰোধৰ বাবে এক উপযুক্ত নলা ব্যৱস্থা গঢ়ি তোলা , এইমছ সংযোগী পথৰ উন্নতি সাধন আদি বিষয়সমূহৰ ওপৰতো আলোচনা কৰে।

অভিজিত কলিতা, গুৱাহাটী

You May Also Like

More From Author