অসম চৰ-চাপৰি সাহিত্য সভাৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

1 min read

নিউজ ব্যুৰ’,নগাঁও,১৪জুলাই:–অসমৰ চৰ-চাপৰি জনগোষ্ঠীৰ সাহিত্য অনুষ্ঠান অসম চৰ-চাপৰি সাহিত্য সভাৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি ৰবিবাৰে অনুষ্ঠিত হয়। চৰ-চাপৰি সাহিত্য সভাৰ নগাঁও জিলা সমিতিৰ ব্যৱস্থাপনাত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ পতাকা উত্তোলনৰে শুভাৰম্ভ কৰে অসম চৰ চাপৰি সাহিত্য সভাৰ সভাপতি খবিৰ আহমেদে। ইয়াৰ পিছতে সভাৰ উপ-সভাপতি এমৰান হুছেইন খন্দকাৰৰ সঞ্চালনাত “বৃহত্তৰ অসমীয়া জাতি গঠনত চৰ-চাপৰি জনগোষ্ঠী সমূহৰ ভূমিকা” শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয়। আলোচনা চক্ৰত অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা,বিশিষ্ট লেখক ডাঃ ৰেজাউল কৰিম আৰু অসম চৰ পৰিষদৰ মুখ্য উপদেষ্টা ডঃ আব্দুল ওৱাহাৱে অংশগ্ৰহণ কৰি চৰ চাপৰি জনগোষ্ঠী সমূহৰ সমস্যা আৰু অসমীয়া ভাষা-সংস্কৃতিলৈ তেওঁলোকে আগবঢ়াই অহা অৱদানৰ বিষয়ে উল্লেখ কৰে। বিয়লি অসম চৰ চাপৰি সাহিত্য সভাৰ সভাপতি খবিৰ আহমেদৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথিৰ ভাষণ প্ৰসংগত অসমীয়া জাতীয় অভিধানৰ মুখ্য সম্পাদক তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ দেৱব্ৰত শৰ্মাই কয় যে ভাষা অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত এক সমস্যা। অসমীয়া ভাষালৈ বিভিন্ন ভাষাৰ শব্দৰ সংমিশ্ৰণ হৈছে বুলি উল্লেখ কৰি তেওঁ কয় অসমৰ বিভিন্ন ঠাইত বেলেগ বেলেগ কথিত শব্দ আছে। সেইবোৰ অসমীয়া অভিধানত অন্তৰ্ভুক্ত হোৱাৰ প্ৰয়োজন। তেতিয়াহে অসমীয়া ভাষা সমৃদ্ধিশালী হ’ব। ভাষা আন্দোলনৰ সময়ত অসমীয়া ভাষাৰ প্ৰতিষ্ঠাৰ হকে বহুতৰ লগতে নগাঁৱৰ শিশিৰ নাগ,মফিজ উদ্দিন আহমেদো শ্বহীদ হৈছিল। আমি তেওঁলোকক পাহৰি গৈছোঁ। অসমীয়া ভাষা চহকী কৰিবলৈ যি সকল লোক শ্বহীদ হৈছে তেওঁলোকক আমি স্মৰণ কৰা উচিত বুলি ডঃ শৰ্মাই মন্তব্য কৰে।
অসমীয়া ভাষা সমৃদ্ধি কৰাত চৰ চাপৰি জনগোষ্ঠী সমুহৰ অবদানৰ বিষয়ে উল্লেখ কৰি ডঃ শৰ্মাই কয় যে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াক শক্তিশালী কৰাত চৰ চাপৰি জনগোষ্ঠী সমূহৰ অৱদান উল্লেখনীয়। ৰাজনীতিয়ে সকলোকে ভাগ ভাগ কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে বিভিন্ন ভাষা ভাষী লোকৰ উপ ভাষা আৰু কথিত ভাষাই অসমীয়া ভাষাক সমৃদ্ধি কৰাৰ বহু থল আছে। প্ৰত্যেকৰ ভাষাই মৰ্যাদা পাব লাগিব বুলি মন্তব্য কৰি ডঃ শৰ্মাই কয় যে ভাষা সমন্বয়ৰ সেতু হ’ব লাগিব। সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি প্ৰাক্তন সাংসদ আব্দুল খালেকে নিজৰ চমু ভাষণত চৰ-চাপৰি লোক সকলে আন্তৰিকতাৰে অসমীয়া ভাষাক আকোঁৱালি লৈছে। অসমীয়া ভাষাৰ সন্মুখত হোৱা প্ৰত্যাহ্বানৰ বিষয়ে উল্লেখ কৰি খালেকে কয় যে এই ক্ষেত্ৰত এক জাগৰণ আনিবৰ বাবে ৩০-৪০ অনুৰ্ধৰ লোক সকলৰ সহযোগিতা লাগিব। অসমীয়া সমাজ জীৱনলৈ অসমৰ চৰ চাপৰি জনগোষ্ঠীৰ লোকসকলে আগবঢ়োৱা অৱদানৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰে। সভাত শিশু ছাত্ৰী আয়েশা চিদ্দিকাই ইংৰাজীতে এক মননশীল ভাষণ প্ৰদান কৰে। নগাঁও শ্বহীদ ভৱনত অনুষ্ঠিত সভাত নগাঁৱৰ সমাজ জীৱনলৈ বৰঙণি আগবঢ়োৱা বিশিষ্ট ব্যক্তি ক্ৰমে অৱসৰপ্ৰাপ্ত জিলা ন্যায়াধীশ হবিব উল্লাহ,অৱসৰপ্ৰাপ্ত উপায়ুক্ত চুৰহাৱ আলি,অৱসৰপ্ৰাপ্ত অভিযন্তা দুলাল চন্দ্ৰ শৰ্মা,অৱসৰপ্ৰাপ্ত অধ্যক্ষ লুতফুৰ ৰহমান,বিশিষ্ট সমাজকৰ্মী ঘনকান্ত মহন্ত,শল্য চিকিৎসক ডাঃ বিৰিঞ্চি বৰা,জ্যেষ্ঠ চৰকাৰী অধিবক্তা বিভা ফুকন আৰু জ্যেষ্ঠ সাংবাদিক কনক হাজাৰিকাক সম্বৰ্ধনা জনোৱা হয়। এই সভাতে চৰ চাপৰি সাহিত্য সভাৰ মুখপত্ৰ “ব্ৰহ্মপুত্ৰ” উন্মোচন কৰে মুখ্য অতিথি তথা বিশিষ্ট লেখক ডঃ দেৱব্ৰত শৰ্মাই । প্ৰধান সম্পাদক ৰফিকুল হাছানে উদ্দেশ্যে ব্যাখ্যা আৰু নগাঁও জিলা সমিতিৰ সভাপতি আবুল হাছেম খন্দকাৰে আদৰণি ভাষণ প্ৰদান কৰা সভাত “দৈনিক গণ অধিকাৰ”ৰ সম্পাদক ডঃ জাকিৰ হুছেইন,চৰ পৰিষদৰ সভাপতি গাজী আহমেদ,অৱসৰপ্ৰাপ্ত উপায়ুক্ত আব্দুৰ ৰহিম শ্বেখ আদি বিশিষ্ট ব্যক্তি সকলে অংশগ্ৰহণ কৰে।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author