নগাঁৱৰ বেবেজীয়াৰ মাজগাঁৱত ”সোণাইপৰীয়া শিল্পী মঞ্চ”ৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

1 min read

চিত্ৰাংকন প্ৰতিযোগিতা-শিশুৰ প্ৰতিভা বিকাশৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন

নিউজ ব্যুৰ’,নগাঁও,২৪জুলাই :–২০২৩চনৰ ৮জুলাইত নগাঁ‌ও জিলাৰ বৃহত্তৰ সোণাইপৰীয়া অঞ্চলৰ শিল্পীসকলৰ সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনত উৎকৰ্ষ সাধনেৰে একত্ৰিত হৈ সোণাই নৈৰ সোঁ‌তে সোঁ‌তে চিৰকাল বোৱাঁই ৰখাৰ মানসেৰে ”সোণাইপৰীয়া শিল্পী মঞ্চ”ৰ প্ৰতিষ্ঠা হয় । মঞ্চৰ প্ৰতিষ্ঠা দিৱসটি অহা ২৬ জুলাইত (শুক্ৰবাৰে) বেবেজীয়াৰ সমীপৰ মাজগাঁৱত আয়োজন কৰা হৈছে । ইতিমধ্যে দয়ানন্দ গোস্বামীক সভাপতি আৰু কিশোৰ কুমাৰ শইকীয়াক সম্পাদক ৰূপে লৈ এখনি প্ৰতিষ্ঠা দিৱস উদযাপন সমিতি গঠন কৰা হৈছে । মাজগাঁৱৰ জগজ্জ্যোতি নাট্য মন্দিৰৰ সাংস্কৃতিক মঞ্চ প্ৰাংগণত আয়োজিত ”সোণাইপৰীয়া শিল্পী মঞ্চ”ৰ প্ৰতিষ্ঠা দিৱসৰ দিনযোৰা কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন আৰু গছপুলি ৰোপনৰ পাছতে চিত্ৰাংকন প্ৰতিযোগিতা আৰু বিয়লি “শিশুসকলৰ প্ৰতিভা বিকাশৰ সাংস্কৃতিক অনুষ্ঠান” অনুষ্ঠিত হ’ব । সন্ধ্যা বন্তি প্ৰজ্বলন আৰু সম্বৰ্ধনা অনুষ্ঠানৰ অন্তত নিশা আমন্ত্ৰিত শিল্পী আৰু সোণাইপৰীয়া শিল্পী মঞ্চৰ শিল্পীসকলৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি সভাপতি জিতু শ্ৰাৱণ আৰু সম্পাদক কাঞ্চন কুমাৰ বৰদলৈয়ে জনাইছে । উল্লেখ্য যে প্ৰতিষ্ঠা দিৱসটিৰ যোৱা ৮ জুলাইত আয়োজন কৰা হৈছিল যদিও ৰাজ্যত হোৱা বানপানীৰ পৰিপ্ৰেক্ষিতত বানাক্ৰান্ত ৰাইজৰ দুখ-দুৰ্দশাৰ সমভাগী হৈ অনিদিষ্ট তাৰিখলৈ অনুষ্ঠানটি পিছুৱাই দিয়া হৈছিল। ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হ’লে অনুষ্ঠানটি আয়োজনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । প্ৰতিষ্ঠা দিৱসৰ সমূহ কাৰ্যসূচীত ৰাইজৰ সহায় তথা সহযোগ উদ্যোক্তাসকলে কামনা কৰিছে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author