বিশিষ্ট সাহিত্য সমালোচক-প্ৰাৱন্ধিক ধনী বৰালৈ “ক্ৰান্তিকাল সাহিত্য সন্মান-২০২৩” প্ৰদান

1 min read

নিউজ ব্যুৰ’,নগাঁও,১৪জুলাই :–গুৱাহাটীৰ শিলপুখুৰীস্থিত পঞ্চৱতীত বিশিষ্ট সমালোচক আৰু প্ৰাৱন্ধিক ধনী বৰাক “ক্ৰান্তিকাল সাহিত্য সন্মান-২০২৩” প্ৰদান কৰা হয়। বিশিষ্ট বুদ্ধিজীৱী ড°হীৰেন গোহাঁই, বিশিষ্ট সাহিত্য সমালোচক প্ৰদীপ আচাৰ্য আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিশিষ্ট সাহিত্যিক ডাঃ ধ্ৰুৱজ্যোতি বৰাই ধনী বৰাক এই বঁটা প্ৰদান কৰে। উল্লেখ্য যে ১৯৫৫ চনত গোলাঘাটত জন্ম গ্ৰহণ কৰা ধনী বৰাই ১৯৭৭ চনত “সাপ্তাহিক নীলাচল” কাকতত যোগ দিয়ে আৰু পৰৱৰ্তী সময়ত “আজিৰ অসম” আৰু “অগ্ৰদূত” কাকতৰ উপ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে।গভীৰ অধ্যয়নপুষ্ট ধনী বৰাই বাদ আৰু ব্যাখ্যা,আধুনিক ব্যাখ্যা, বিদায় আধুনিকতা,জাতিসত্তা,ভাষা আৰু সংস্কৃতি আদি গ্ৰন্থেৰে প্ৰাচ্য আৰু পাশ্চাত্যৰ গ্ৰন্থ,বৌদ্ধিক ব্যক্তিত্ব,সাহিত্য আৰু সমাজ-সংস্কৃতি তত্ত্ব আৰু ধাৰাৰ একাণপতীয়া চৰ্চা কৰি অসমীয়া সমালোচনা সাহিত্যক সমৃদ্ধ কৰি আহিছে। প্ৰচাৰবিমুখ এই লেখকজনৰ চিন্তাৰ মৌলিকতা আৰু সামাজিক দায়বদ্ধতাৰ প্ৰতিফলন তেওঁৰ প্ৰৱন্ধসমূহত প্ৰকাশ পাইছে। শিৱকান্ত-ক্ৰান্তিকালৰ ন্যাসৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানৰ বঁটাটিত আছে পিতলৰ জাপি,স্মাৰক,কিতাপৰ টোপোলা,ফুলৰ থোপা আৰু নগদ ২০ হাজাৰ টকা। বঁটা প্ৰদান কৰি ধনী বৰাৰ প্ৰসংগত ড° হীৰেন গোহাঁয়ে কয় যে ধনী বৰাক মই এজন বিস্ময় বালক হিচাপেই জানিছিলোঁ। ১৯৭১ চনৰ কথা। ধনী দশম শ্ৰেণীৰ ছাত্ৰ। মোৰ সম্পাদনাত প্ৰকাশিত “নতুন পৃথিৱী”ত প্ৰকাশৰ বাবে ধনীয়ে এটা প্ৰৱন্ধ পঠাইছিল। প্ৰৱন্ধটো যথেষ্ট তাত্ত্বিক আছিল। সেই বয়সতে তেওঁ সেই তত্ত্ববোৰ ইমান সুন্দৰকৈ আয়ত্ত কৰিছিলযে মই অভিভূত হৈছিলোঁ। বহু পূৰঠ লেখকৰ ৰচনাতো সেই ধৰণৰ পৰিচ্ছন্ন চিন্তা আৰু সেই চিন্তাক আগুৱাই নিব পৰা ক্ষমতা দেখা নাযায়। বঁটা প্ৰাপক ধনী বৰাই ভাষণ প্ৰসংগত কয় যে প’ষ্ট-ট্ৰুথৰ সত্য যে কেৱল মৰীচিকা হৈ পৰিছে, তেনে নহয় সত্য হৈ পৰিছে অপ্ৰাসংগিক । বঁটা প্ৰদান অনুষ্ঠানত সমালোচনা সাহিত্য আৰু সাম্প্ৰতিক সময়ৰ জ্বলন্ত সমস্যাসমূহৰ ওপৰত ড°হীৰেন গোহাঁই, প্ৰদীপ আচাৰ্য,প্ৰভাত বৰা,মুনীন বায়ন, দিগন্ত ওজাই সাৰুৱা বক্তব্য আগবঢ়াই অনুষ্ঠানটোক অনন্য মাত্ৰা প্ৰদান কৰে। বিশিষ্ট সাহিত্য সমালোচক অৰিন্দম বৰকটকীয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাত সাহিত্য সমালোচক বিভাস চৌধুৰী, প্ৰশান্ত সাগৰ চাংমাই,কবি নীলিম কুমাৰ,গল্পকাৰ জ্যোতিষ শিকদাৰ, সাংবাদিক চন্দন শৰ্মা,মিনাক্ষী বৰকটকী আৰু বহু কেইজন গুণী-জ্ঞানী ব্যক্তিৰ উপস্থিতিয়ে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author