২০৪১ চনলৈ মুছলমান সংখ্যাগৰিষ্ঠ হ’ব, তাত কোনেও বাধা দি ৰাখিব নোৱাৰে : মুখ্যমন্ত্ৰী

1 min read

এইবাৰ ৩ কোটি গছপুলি ৰোপণৰ লক্ষ্য অসম চৰকাৰৰ। ১ আগষ্টৰ পৰা ১৫ আগষ্টলৈ অমৃত বৃক্ষ আন্দোলনৰে ৰোপণ কৰা হ’ব এই গছপুলিসমূহ। অনাগত তিনি বছৰত ৰোপণ কৰা হ’ব ১০ কোটি গছপুলি। আজি এক সংবাদমেলত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

সংবাদ মেলত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘১ কোটি গছপুলি আমি ৰুইছিলো, তাৰে ৯০% গছপুলি থন ধৰি উঠিছে। ৯০% গছপুলি আমি বচাবলৈ সক্ষম হৈছিলো। অমৃত বৃক্ষ আন্দোলনৰ প্ৰথম সংস্কৰণটোৰ পৰা আমি বহুত শিকিলোঁ। এইবাৰ ৩ কোটি গছপুলি ৰোপন কৰিব চৰকাৰে। ১-১৫ আগষ্টলৈ আমি অমৃত বৃক্ষ আন্দোলনেৰে আমি গছপুলি ৰোপণ কৰিম। অনাগত তিনি বছৰত আমি ১০ কোটি গছপুলি ৰোপণ কৰিম।’’

মুখ্যমন্ত্ৰীয়ে কয়, প্ৰধানমন্ত্ৰীৰ অনুৰোধ আছিল মাৰ জন্মদিনৰ দিনা এজোপা গছপুলি ৰোপণ কৰক। এইবাৰ আমি ৪ হাজাৰ ড্ৰিষ্টিবিউচন পইণ্ট ৰাখিম। নিজৰেই অভিলেখ ভংগ কৰিবলৈ এইবাৰ আমি অভিলেখৰ বাবে নাযাও। আমাৰ অভিলেখ বেলেগে ভাঙি দিয়ক, আমি তেওঁলোকৰ অভিলেখো ভাঙিম।

চৰকাৰী বনভূমিৰ পৰা ১০ হাজাৰ হেক্টৰ ভূমি আমি বিগত ৩ বছৰত উদ্ধাৰ কৰাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে ব্ৰহ্মপুত্ৰত যাহ যোৱা ভূমি উদ্ধাৰৰ কথাও সদৰি কৰে। মুখ্যমন্ত্ৰীয়ে কয়, স্বাধীনতাৰ পিছত সম্ভৱ নোহোৱা বহু কাম আমি কৰিছো।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ’ল। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মাজুলীলৈ দল আমি বনালো। গুৱাহাটী- উত্তৰ গুৱাহাটীৰ মাজৰ দলঙৰ কথা বেলেগে ক’লে আমি বনালো।’’

ইফালে, ২০৪১ চনলৈ মুছলমান সংখ্যাগৰিষ্ঠ হ’ব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। ড০ শৰ্মাই কয়, ‘‘২০৪১ চনলৈ মুছলমান সংখ্যাগৰিষ্ঠ হ’ব, তাত কোনেও বাধা দি ৰাখিব নোৱাৰে। মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ হাৰ অসমত হিন্দুকৈ দুগুণ। প্ৰতি দহ বছৰে মুচলমানৰ জনসংখ্যা বৃদ্ধি হয় ২৯-৩০ শতাংশ। হিন্দুৰ হাৰ ১৬ শতাংশ।’’

ৰাহুল গান্ধী জন্ম নিয়ন্ত্ৰণৰ ব্ৰেণ্ড এম্বেচাদৰ হ’ব লাগে বুলিও সংবাদ মেলত কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কয়, মুছলমানে কংগ্ৰেছ আৰু ৰাহুল গান্ধীৰ কথা শুনিব, মোদীৰ কথা নুশুনে।

source: News18NE

You May Also Like

More From Author