কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰতি চৰম ভাবুকি,কলিয়াবৰৰ হাতীমূৰাত গাইড বান্ধ ভঙাত হাহাকাৰ

1 min read

নিউজ ব্যুৰ’,নগাঁও,২জুলাই:-বানত বুৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। যাৰ ফলত ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱকুলৰ প্ৰতি আহিছে চৰম ভাবুকি। বিশেষকৈ ওখ ঠাইৰ সন্ধানত ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা ওলাই আহি ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হোৱাৰ সময়ত যান-বাহনৰ পৰা জীৱ-জন্তুৰ প্ৰাণৰ প্ৰতি সংশয় আহিছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু কলিয়াবৰ মহকুমা আৰক্ষী প্ৰশাসন তাৰ বাবে এতিয়া সষ্টম হৈ পৰাৰ লগতে ইতিমধ্যে কাজিৰঙাত বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখ্য যে বান পৰিস্থিতিৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱকুলৰ এক বৃহৎ অংশ ৰাষ্ট্ৰীয় উদ্যানখনৰ দক্ষিণ দিশে থকা ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ কাৰ্বি পাহাৰৰ দিশে গতি কৰিছে । ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হওঁতে জীৱ-জন্তুসমূহ বিভিন্ন সময়ত দুৰ্ঘটনাত পতিত হয়। বিগত সময়ছোৱাত দেখা গৈছে যে দুৰ্ঘটনা নিয়ন্ত্ৰণ কৰিবৰ বাবে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই টাইম কাৰ্ডৰ ব্যৱস্থা গ্ৰহণ কৰিছিল।

কিন্তু এই বৰ্ষত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আৰক্ষী প্ৰশাসনৰ সহযোগত নিৰ্দিষ্ট সংখ্যক বাহনক একগোট কৰি আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ মাজেৰে কলিয়াবৰৰ ৰাঙলুৰ পৰা কাজিৰঙাৰ কঁহৰালৈ আগবঢ়াই নিব। তদ্ৰুপ উজনিৰ দিশৰ পৰা অহা গাড়ীসমূহৰ ক্ষেত্ৰতো একেই ব্যৱস্থা গ্ৰহণ কৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে যান-বাহনসমূহ পাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই । আনহাতে,কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই গাঁওৰক্ষী বাহিনীক সজাগ কৰাও দেখা গৈছে। লগতে বানপানীৰ সময়ত সহায় হোৱাকৈ প্ৰদান কৰিছে ৰেইন কোট । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ ২৩৩টা শিবিৰৰ ভিতৰত ৯০ টাতকৈও অধিক শিবিৰ সম্পূৰ্ণৰূপে জলমগ্ন হোৱা বুলি সদৰী কৰিছে উদ্যান কৰ্তৃপক্ষই। উদ্যানখনৰ অন্তৰ্গত অগৰাতলি ৰেঞ্জৰ অধীনত মুঠ ৩৪টা চোৰাংচিকাৰী পৰ্যবেক্ষণ শিবিৰৰ ভিতৰত ২২টা এতিয়া সম্পূৰ্ণৰূপে জলমগ্ন ৷ আনহাতে,উদ্যানৰ অধীনস্থ শিবিৰসমূহত প্ৰায় ৫ ফুটলৈকে বৃদ্ধি পাইছে পানী ।

ইয়াৰ উপৰি মানস ৰাষ্ট্ৰীয় উদ্যানতো একেই অৱস্থা ৷ চকুৰ প্ৰচাৰতেই মানস ৰাষ্ট্ৰীয় উদ্যানৰ এটা চোৰাংচিকাৰী পৰ্যবেক্ষণ শিবিৰ বেঁকী নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিয়ে ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ সহকাৰী সঞ্চালক জেচিম আহমেদে জনোৱা মতে ৰাষ্ট্ৰীয় উদ্যানখন বৰষুণৰ পানীয়ে ইতিমধ্যে জলমগ্ন কৰিছে ৷ যাৰ বাবে জীৱ-জন্তুবোৰে ইতিমধ্যে ওখ স্থানত আশ্ৰয় লৈছে ৷ ইপিনে কলিয়াবৰৰ সমীপৰ হাতীমূৰাত গাইড বান্ধ ভঙাৰ ফলত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হয়। সোমবাৰে নিশা ২বজাত প্ৰথমটো গাইড বান্ধ ভাঙে।

এই ঘটনাৰ পিছতে সোমবাৰে পুৱা ১০ বজাত পুনৰ মূল মথাউৰিৰ একাংশ ভাঙি যায়। দুটাকৈ স্থানত মথাউৰি ভগাৰ পাছতে এতিয়া হাহাকাৰ লাগিছে কলিয়াবৰ মহকুমাৰ লগতে মধ্য অসমৰ নগাঁও জিলাত। বিসংগতি পূৰ্ণভাৱে নিৰ্মাণ কৰা বাবে মথাউৰিৰ দুটাকৈ স্থান ভঙাৰ অভিযোগ উঠিছে। জানিব পৰা মতে,সম্পূৰ্ণ বান্ধটো বালি মাটিৰে নিৰ্মাণ কৰা ফলতে সোমবাৰে নিশা গাইড বান্ধ ভাঙি যায়।

বালি মাটিৰে নিৰ্মাণ কৰা বাবে গাইড বান্ধটো ভাগি পৰে। এই ঘটনাৰ পিছতে মঙলবাৰে হাতীমূৰাৰ শ্লুইছ গেইটত থকা বিসংগতিৰ বাবে প্ৰথমে মূল মথাউৰিৰে পানী নিগৰি পিছত মূল মথাউৰিটো খহাই নিয়ে। শ্লুইছ গেইটৰ আন্তঃগাঁথনিত থকা বিসংগতিৰ বাবে পানীয়ে মূল মথাউৰিটো ভাঙি পেলায়। ফলত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে সাধাৰণ ৰাইজ। বৰ্তমানেও জলমগ্ন কলিয়াবৰ মহকুমাৰ বিভিন্ন স্থান। আতংকিত হৈ পৰিছে সমগ্ৰ কলিয়াবৰ ৰাইজ।

গাঁৱৰ ৰাইজে ভয়াৱহ বানৰ শংকাত টালি-টোপোলা বান্ধি নিৰাপদ স্থানলৈ যাত্ৰা আৰম্ভ কৰিছে। বাতৰি লিখা সময়লৈকে কলঙৰে হুৰাহুৰে পানী বৈয়ে আছে । হাতীমূৰা মথাউৰি ভঙাৰ পিছতে উফন্দি উঠিছে কলঙৰ বুকু। মূহুৰ্তৰ ভিতৰতে বানে উটুৱাই লৈ গ’ল এখন দলং। বৰ্তমান কলিয়াবৰৰ সকলো ঠায়ে ঠায়ে কেৱল পানী দেখিবলৈ পোৱা গৈছে।

কলিয়াবৰৰ পৰা ঋতু পৰ্ণ শৰ্মাৰ প্ৰতিবেদন

You May Also Like

More From Author