বানাকান্তৰ মাজত খাদ্য-সামগ্ৰী বিতৰণ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা বিহালীৰ সমাজকৰ্মী প্ৰেমলাল গঞ্জুৰ

1 min read

ৰাজ্যৰ চৌদিশে বান তাণ্ডব। বিহালী তো বানপানীয়ে লৈছে ভয়ংকৰ ৰূপ । বানাকান্তৰ মাজত খাদ্য-সামগ্ৰী বিতৰণ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা বিহালীৰ সমাজকৰ্মী প্ৰেমলাল গঞ্জুৰ ।

বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বিভিন্ন ঠাইৰ লগতে চিলামাৰী আৰু গোহালীভঙাতো বানপানীৰ ভয়ংকৰ ৰূপ। বিগত দুই তিনিদিন ধৰি পানীৰ মাজত আবদ্ধ শ শ লোক আৰু বহুত সংখ্যক জীৱ জন্তু । খোৱাপানী অভাৱ লগতে খাদ্য-সামগ্ৰী ৰ অভাৱ বানাকান্ত লোক সকলৰ । যাতায়তৰ একমাত্ৰ উপাই হিচাপে ব্যৱহাৰ নাও অথবা কলগছৰ ভুৰ । ইফালে প্ৰতিমূহুততেই ব্ৰক্ষ্মপুত্ৰ নদীৰ বাহনী পানী ৰাইজৰ ঘৰৰ ভিতৰত সোমাই পৰিছে । উক্ত অঞ্চলৰ ৰাইজক সহায় কৰিবলৈ ৰাইজৰ কাষ চাপিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা সমাজকৰ্মী প্ৰেম লাল গঞ্জু। বানাকান্ত লোকৰ মাজলৈ গৈ দুখ দুৰ্দশাৰ খৱৰ লোৱাৰ লগতে উক্ত অঞ্চলৰ মুৰী,চেনী, বিস্কুট আৰু পানীৰ ইত্যাদি খাদ্য সামগ্ৰীৰ বিতৰণ কৰে। এই দুখন গাঁৱত প্ৰশাসনৰ লোক অথবা ৰাজনৈতিক নেতা কোনো উপস্থিত হোৱা নাই বুলি উল্লেখ কৰে । তেনে সময়ত প্ৰেমলাল গঞ্জু উপস্থিত হৈ খাদ্য সামগ্ৰী বিতৰণ কৰাত তেওঁ ধন্যবাদ জ্ঞাপন কৰে বানাকান্ত ৰাইজে । ইফালে জিলা প্ৰশাসন কোনো খৱৰ বা সহায় নকৰাক লৈ তিব্ৰ অসন্তুষ্টি প্ৰকাশ বানাকান্ত ৰাইজৰ ।

বিহালীৰ পৰা কৰণ শইকীয়া প্ৰতিবেদন

You May Also Like

More From Author