মঙলদৈ নগৰবাহীত অৱসৰী শিক্ষকলৈ বিদায় সম্ভাষণ

0 min read

মঙলদৈৰ নিকতৱৰ্তী নগৰবাহী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক জগত কুমাৰে ৩৩ বছৰ সুখ্যাতিৰে শিক্ষকতা কৰাৰ অন্তত যোৱা ৩০ জুনত অৱসৰ গ্ৰহণ কৰে।সেই উপলক্ষে আজি বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড০ চহিৰ ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত বিদায় সম্বৰ্ধনা সভাত অৱসৰী কৃতী শিক্ষক কুমাৰক উষ্ম বিদায় সম্ভাষণ জনোৱা হয়। উল্লেখযোগ্য যে ১৯৯১ চনৰ পৰা সুদীৰ্ঘ ২২ বছৰ কাল বিনাবেতনে ছাত্ৰ ছাত্ৰীক পাঠদান কৰাৰ অন্তত ২০১৩ বৰ্ষতহে বিদ্যালয়ৰ আন শিক্ষক সকলৰ লগতে তেওঁৰো চাকৰি নিয়মীয়া হয়। প্রাদেশীকৃত হোৱাৰে পৰা ২০২৪ বর্ষলৈ ১১ বছৰ নিয়মীয়াকৈ আৰু
বিনা বেতনে ২২ বছৰ সৰ্বমুঠ ৩৩ বছৰ কৰ্মজীৱন অব্যাহত ৰখা কুমাৰে বিদ্যালয় খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হিচাপেও প্ৰায় তিনিবছৰ কাল কার্যনির্বাহ কৰিছিল ।আজি বিদ্যালয় পৰিচালনা সমিতি,ছাত্ৰ ছাত্ৰী, অভিভাৱক, শিক্ষক শিক্ষয়িত্রী তথা শুভাকাংক্ষী ৰাইজে বিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ফুলাম গামোচা, চেলেং, ফুলাম জাপি, শৰাই,গ্রন্থৰ টোপোলা, ছিটিকা ধৰি বিভিন্ন উপহাৰ সামগ্ৰীৰে বিদায় সম্ভাষণ জনায় । সহকাৰী শিক্ষক ফাইজুৰ ৰহমানে আঁতধৰা এই অনুষ্ঠানত কলাইগাও শিক্ষা খণ্ডৰ গানণিক পাৰ্থ কুমাৰ,চাহাবুদ্দিন আহমেদ,অধিবক্তা আনোৱাৰ হুছেইন,কবিৰাম কলিতা,মহিবুল হক ,নইমুদ্দিন আহমেদ, ফইজুল হক ,অৱসৰী প্ৰধান শিক্ষক কৰুণা বৰুৱা আৰু সাংবাদিক বাবুল মকছেদ আহমেদে অতিথিৰূপে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে।ব্যাসৰ ওজাপালিৰ বিশিষ্ট ওজা আনন্দি কলিতাই পৰিবেশন কৰা ওজাপালিয়ে সকলোকে মন্ত্ৰমুগ্ধ কৰা সভাত বিদ্যালয় খনৰ অবসৰী প্ৰধান শিক্ষক মকিবৰ ৰহমান,মুছলিম আলি,প্ৰাক্তন ছাত্ৰ নেতা ইজাজুল হকে অংশগ্ৰহণ কৰে ।বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী তথা অৱসৰী কৃতী শিক্ষক গৰাকীৰ সহধর্মিনী ৰীণা কলিতা আৰু বিদ্যালয়ৰ প্রধান শিক্ষক ইয়াজুদ্দিন আহমেদে অভ্যাগত সকলক ফুলাম জাতীয় গামোচাৰে আদৰণি জনায়।

You May Also Like

More From Author