নিউজ ব্যুৰ’,নগাঁও,১০জুলাই:–ৰাজ্যৰ বান পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আহিছে যদিও আজিও জলমগ্ন হৈ আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ বৰ্তমানেও পানীৰ তলতে আছে কাজিৰঙাৰ বহু কেইটা বন শিবিৰ এলেকা ৷ শেহতীয়া তথ্য মতে চলিত বৰ্ষৰ বিধ্বংসী বানত কাজিৰঙাত মুঠ ৬টা গঁড়সহ ১৩৭টা বন্যপ্ৰাণীৰ মৃত্যু হৈছে। উদ্যান কৰ্তৃপক্ষই কয় যে বৰ্তমানলৈকে দুটা গঁড়ৰ পোৱালিকে ধৰি ৯৯টা জীৱ-জন্তু উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ লগতে দুটা হাতী পোৱালিও উদ্ধাৰ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ পৰিচালক সোণালী ঘোষে কয় যে এই বানত ডুব গৈ ১০৪টা সুগৰী পহু,৬ টা গঁড় আৰু ২টা শৰপহুৰ মৃত্যু হৈছে ৷ ইপিনে এই বানৰ সময়চোৱাতে বাহনৰ খুন্দাত ২টা সুগৰী পহুৰ মৃত্যু হয় ৷ আনকি এই সময়চোৱাতে এটা উদৰো মৃত্যু হয় ৷ অৱশ্যে উদটোৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ৷ পৰিচালক ঘোষে উল্লেখ কৰা মতে,এই পৰ্যন্ত উদ্ধাৰ হোৱা ২২টা জীৱ-জন্তুৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু হৈছে । উদ্যানখনৰ ২৩৩টা শিবিৰৰ ভিতৰত ৭০টা বন শিবিৰ এতিয়াও পানীৰ তলত আছে। তথ্য অনুসৰি,বানৰ ফলত সোমবাৰে অসমত আৰু ছজন লোকৰ মৃত্যু হৈছে ৷ যাৰ ফলত ৮ জুলাইলৈকে বানত মৃত্যুৰ সংখ্যা মুঠ ৭২লৈ বৃদ্ধি পাইছে ৷ ৰাজ্যৰ ২৮ খন জিলাৰ ২৭.৭৪ লাখৰো অধিক লোক এতিয়াও বানৰ ফলত ক্ষতিগ্ৰস্ত হৈ আছে । এতিয়াও বানত ডুব গৈ থকা জিলাকেইখন হৈছে-নগাঁও,গোৱালপাৰা,নলবাৰী,কামৰূপ,মৰিগাঁও,ডিব্ৰুগড়,শোণিতপুৰ, ধুবুৰী,লখিমপুৰ,দক্ষিণ শালমাৰা,চিৰাং, যোৰহাট,চৰাইদেউ,হোজাই,কৰিমগঞ্জ,কাছাৰ,শিৱসাগৰ,বঙাইগাঁও,ধেমাজি,দৰং,হাইলাকান্দি,গোলাঘাট,বিশ্বনাথ, বৰপেটা,কামৰূপ (মেট্ৰ’),তিনিচুকীয়া, কাৰ্বি আংলং,কাৰ্বি আংলং (পশ্চিম) আৰু মাজুলী । ঋতু পৰ্ণ শৰ্মা,নগাঁও