কলঙৰ বুকুয়েদি হুৰাহুৰে ব্ৰহ্মপুত্ৰৰ পানী,ভাঙিলে মাজৰআটি-লাওগাঁও গড়কাপ্টানী পথ

1 min read

নিউজ ব্যুৰ’,নগাঁও,১০জুলাই:–ব্ৰহ্মপুত্ৰৰ পানী হুৰাহুৰে বৈ আহি কলঙৰ বুকুৱেদি নগাঁৱত কলঙৰ বাঢ়নি পানীয়ে ভাঙিলে এটি গড়কাপ্তানী পথ। বাঢ়নী পানীয়ে ভগা পথটি পৰিদৰ্শন কৰি শীঘ্ৰে মেৰামতিৰ ব্যৱস্থা লবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ বিধায়ক ৰূপক শৰ্মাৰ। কলিয়াবৰৰ হাতীমূৰাৰ বান্ধ চিগাৰ পাছত এতিয়া ব্ৰহ্মপুত্ৰৰ পানী কলঙৰ বুকুৱেদি হুৰাহুৰে বৈ অহা পৰিলক্ষিত হৈছে । নগাঁও চহৰৰ মাজমজিয়াৰে বৈ যোৱা কলঙৰ বুকু উফন্দি উঠিছে । আজি বিয়লি নগাঁও চহৰত কলং নৈৰ জলপৃষ্ঠ বিপদ সীমাৰ ৬৩ছেন্টিমিটাৰ ওপৰেৰে বৈ আছে ।

কলঙৰ বাঢ়নী পানীয়ে ইতিমধ্যে নগাঁও চহৰৰ পানীগাঁও আদৰ্শ গাঁও,শিৱ নগৰ,তেলীয়া গাঁও, ভূঞাপট্টি,আইন মহাবিদ্যালয় ৰোড, চকীটোপ,ছোট হয়বৰগাঁও,আজাদ নগৰ,নাজিৰাজান,কুমাৰটুপ,বৈদ্যটুপ প্ৰমুখ্যে বিভিন্ন অঞ্চলৰ বিস্তীৰ্ণ এলেকা প্লাৱিত কৰিছে । তাৰোপৰি শেহতীয়াকৈ চহৰখনৰ পাৰ্শ্বৱৰ্তী মাজৰআটি আৰু লাওগাঁও সংযোগী গড়কাপ্তানী পথটো ভাঙি নিয়ে কলঙৰ বাঢ়নী পানীয়ে ।পথটো চিঙাৰ ফলত কেইবাখনো পথাৰ জলমগ্ন হৈ পৰিছে। বাঢ়নী পানীয়ে ক্ষতিগ্ৰস্ত কৰে পাঁচখনকৈ পথাৰৰ ধান খেতি আৰু পুখুৰীৰ মাছৰ। ইপিনে ভগ্ন পথটোৰ পৰিস্থিতি বুজ লবলৈ আজি মাজৰআটিত উপস্থিত হয় নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা। বিধায়ক গৰাকীয়ে ভগ্ন পথটো শীঘ্ৰে মেৰামতিৰ ব্যৱস্থা লবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে । ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author