বটদ্ৰৱাৰ কদমনিৰ ই-ৰিক্সা চালক নিৰুদ্দেশ

1 min read

নিউজ ব্যুৰ’,নগাঁও,১০জুলাই:–নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত কদমনি গাঁৱৰ ই-ৰিক্সা চালক নজৰুল ইছলাম মঙলবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে। ঘটনাৰ বিৱৰণী মতে,নজৰুল ইছলাম আন দিনাৰ দৰে মঙলবাৰেও বিয়লি ৪বজাত ই-ৰিক্সাখন লৈ ভাড়া মাৰিব ওলাই গৈছিল। পাছত নিশা পৰ্যন্ত ঘৰলৈ উভতি নহাত পৰিয়ালৰ সদস্যই বুধবাৰে পুৱা আত্মীয় স্বজন তথা বন্ধু-বান্ধৱৰ ঘৰত বিচাৰ-খোচাৰ কৰি কোনো শুংসূত্ৰ নোপোৱাত বটদ্ৰৱা আৰক্ষী থানাত লিখিত এজাহাৰ দাখিল কৰে ৷ আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰি বিয়লি হয়বৰগাঁও আৰক্ষীৰ চকীৰ অন্তৰ্গত গৰৈমাৰীৰ পৰা নজৰুলৰ AS 02 GR 0813 নম্বৰৰ ই-ৰিক্সাখন উদ্ধাৰ কৰে। ৰহস্যজনকভাৱে উদ্ধাৰ কৰি অনা ই-ৰিক্সাখনৰ চাৰিটা বেটাৰী আৰু অতিৰিক্ত টায়াৰটো বৰ্তমানলৈকে পোৱা নাই ৷ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও চালক নজৰুল ইছলামক উদ্ধাৰ কৰিব পৰা নাই ৷ পৰিয়ালৰ লোকে অভিযোগ কৰা মতে কোনোবা অচিনাক্ত দুস্কৃতিকাৰীয়ে সংজ্ঞাহীন কৰি কোনোবা ঠাইত পেলাই ৰাখিছে ৷ কোনো সদাশয় লোকে ৫০বছৰীয়া নজৰুল ইছলামৰ সম্ভেদ পালে বটদ্ৰৱা আৰক্ষী নাইবা সমীপৰ আৰক্ষী চকীত বা 7002788643 এই নম্বৰত যোগাযোগ কৰিবৰ বাবে পৰিয়ালৰ তৰফৰ পৰা আহ্বান জনাইছে । ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author