ৰবিবাৰে ধিঙত নগাঁও জিলা কবি সন্মিলনৰ তৃতীয় দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশন,ডাঃ প্ৰয়াগ শইকীয়ালৈ শ্ৰেষ্ঠ সাহিত্য সন্মান

1 min read

নিউজ ব্যুৰ’,নগাঁও,১১জুলাই:–সদৌ অসম কবি সন্মিলনৰ অন্তৰ্ভুক্ত নগাঁও জিলা কবি সন্মিলনৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশনখনি ধিং আঞ্চলিক কবি সন্মিলনৰ আতিথ্যত অহা ১৪জুলাইত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। ধিং মহাবিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত আয়োজিত অধিবেশনৰ কাৰ্যসূচী অনুসৰি ১৪ জুলাইত পুৱা ৮বজাত পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰিব ধিং আঞ্চলিক কবি সন্মিলনৰ সভাপতি কৰৱী শইকীয়া আৰু প্ৰাক্তন সভাপতি নিৰলা শইকীয়াই । ইয়াৰ পাছতে পতাকা উত্তোলন কৰিব নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকাই। পৰৱৰ্তী কাৰ্যসূচীত সদৌ অসম কবি সন্মিলনৰ পিতৃ পুৰুষ ৰাম গগৈৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰিব জামুগুৰি শাখা কবি সন্মিলনৰ সভাপতি কৰৱী লিগিৰা আৰু পৰৱৰ্তী কবি শ্ৰদ্ধাৰ্ঘ অনুষ্ঠান শুভাৰম্ভণি কৰিব নগাঁও জিলা কবি সন্মিলনৰ উপদেষ্টাদ্বয় মোলান লস্কৰ আৰু কেশৱ বৰাই । ইয়াৰ পাছতেই নগাঁও জিলা কবি সন্মিলনৰ জ্যেষ্ঠ কবি তথা বিষয় ববীয়াসকলৰ নেতৃত্বত এলানি গছপুলি ৰোপণৰ কাৰ্যসূচী সম্পন্ন হ’ব । অনুষ্ঠানস্থলীতে আয়োজিত ক্ষুদ্ৰ গ্ৰন্থমেলাৰ দ্বাৰ উদঘাটন কৰিব ধিং জ্যেষ্ঠ নাগৰিক সন্থাৰ সম্পাদক খগেন্দ্ৰ নাথ দেৱ শৰ্মাই । ১০বজাত অনুষ্ঠিতব্য প্ৰতিনিধি সভাৰ উদ্বোধন কৰিব বিশিষ্ট শিশু সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্যই । অন্যহাতে প্ৰতিনিধি সভাৰ সমান্তৰালভাৱে অনুষ্ঠিত হ’বলগীয়া আমন্ত্ৰিত কবিৰ কবি সন্মিলন উদ্বোধন কৰিব নগাঁও জিলা কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদক মদাৰজ্যোতিয়ে । উল্লেখযোগ্য যে অনুষ্ঠানত আমন্ত্ৰিত কবি মনোজ কুমাৰ দেওৰজা,জয়ন্ত কুমাৰ মান্তা,মাধৱ চন্দ্ৰ ডেকা, মৌচুম বুঢ়াগোহাঁই,প্রজ্ঞা পাৰমিতা বৰুৱা, কৌস্তুভ খাউণ্ড,মিনতি দেৱী কাকতি,ড° ৰূপা ডেকা পাটৰ,দীপ হেষ্টিংচ বড়ি, সত্যজিত গগৈ,ফটিক নন্দন ৰাভা, ৰাজীৱ ৰাভা,জিতুমণি বৰদলৈ,ড° নিৰ্মালি বৰা মালাকাৰ,মিন্টু দাস,ময়ুৰ কুমাৰ বৰা,গোবিন্দ মালাকাৰ,কুমাৰ বিভূতি উপস্থিত থকাৰ লগতে সত্ৰ পৰিচালক হিচাপে গুণ কাকতী,ৰাজেন বৰা,অশোক ৰাম ভট্টাচার্য,কৰবী লিগিৰা,পুতুল চন্দ্র ডেকা,অতুল চন্দ্ৰ কাকতি,সঞ্জীৱ সাগৰ চৌধুৰী,কৰবী শইকীয়া,শশী কেওট,কল্পনা মহন্ত ডেকা,বিনু লস্কৰ ঠাকুৰীয়া,এল.প্রদীপ কুমাৰ সিংহ,পুতুলী মুদৈ উপস্থিত থাকিব । বিয়লি ২বজাৰ দ্বিজেন্দ্ৰ নাথ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হ’ব লগীয়া মুকলি সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকিব সদৌ অসম কবি সন্মিলনৰ সভাপতি বংশী বৰা,প্ৰধান সম্পাদক ছৈয়দ পাৰভিজ হুছেইন। নিৰ্দিষ্ট বক্তা ৰূপে কবি উজ্জ্বল পাওগাম,বিশিষ্ট অতিথি ৰূপে সন্মিলনৰ প্ৰাক্তন সভাপতিত্ৰয় প্ৰদীপ শইকীয়া,ড° মাণিক শইকীয়া,নীলকান্ত শইকীয়াৰ লগতে ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিমান হাজৰিকা,প্ৰাক্তন মন্ত্ৰী গৌতম বৰা,নিত্যানন্দ বৰা,ড° জোনাৰাম নাথ, ড° ৰূপাঞ্জলি দেৱী,অজিত শৰ্মা, দীনেশ নাথ,মমতা নায়ক,প্ৰিয়ংকা নায়ক,কুশ মহন্ত,দিলীপ কুমাৰ নাথ,অমল বৰা, পৱন শৰ্মা,মৃদুল কুমাৰ চহৰীয়াৰ উপৰি সন্মানীয় তথা আমন্ত্ৰিত অতিথি ৰূপে বিশিষ্ট কবি ড° লখিমী গগৈ,পলিমা চেতিয়া বসুমতাৰী,হেমন্ত ভাৰতী, প্ৰচাৰ সম্পাদক,সদৌ অসম কবি সম্মিলন ভবেন চন্দ্র নাথ,কৃষ্ণ দৈমাৰী,অনিৰুদ্ধ ডেকা,ছাৰ এৎ হান্সে,অশোক কুমাৰ ডেকা,স্বপন মৈত্র,সংগীতা ৰাজখোৱা, বিদ্যাৰাম ছিংনাৰ,প্রভাত চন্দ্ৰ বৰদলৈ, ৰাজীৱ চহৰীয়া,মহেন্দ্রনাথ হাজৰিকাকে প্ৰমূখ্য কৰি ভালেকেইজন বিশিষ্ট লোক । সম্পাদক ৰাজু সমীৰণে আদৰণি ভাষণ আগবঢ়াব লগীয়া মুকলি সভাৰ আৰম্ভণি ধিং আঞ্চলিক কবি সন্মিলনৰ শিল্পী সকলৰ দ্বাৰা সমবেত সংগীত পৰিবেশন,পৰৱৰ্তী আদৰণি ভাষণ,মুখ্য অতিথি আৰু নিৰ্দিষ্ট বক্তাৰ ভাষণৰ পিছতেই নগাঁও জিলা কবি সন্মিলনৰ মুখপত্ৰ “খাগৰিজান”ৰ উন্মোচন কৰিব “দৈনন্দিন বাৰ্তা” কাকতৰ কাৰ্যবাহী সম্পাদক তথা কবি,নিবন্ধকাৰ ডিম্পুল কুমাৰ চুতীয়াই । ইয়াৰ পিছতেই ধিং শাখাৰ পত্ৰিকা “আকাশ” উন্মোচন কৰিব নগাঁও জিলা কবি সন্মিলনৰ প্ৰাক্তন সভাপতি দিলীপ কুমাৰ নাথে । এই মুকলি সভাতে নগাঁও জিলা কবি সন্মিলনৰ দ্বাৰা কেইবাটিও বঁটা, সন্মান আৰু সম্বৰ্ধনা প্ৰদান কৰা হ’ব। বঁটা প্ৰদান অনুষ্ঠানত “প্রমোদৰাম ভট্টাচাৰ্য্য আৰু সৌজন্যময়ী ভট্টাচার্য্য সোঁৱৰণী শ্রেষ্ঠ সাহিত্য সম্মান” ডাঃ প্রয়াগ শইকীয়ালৈ,”কঁপয়া কোচ সোঁৱৰণী সাহিত্যপ্রাণ সম্মান” গুণ কাকতীলৈ, “স্বভাৱ কবি নৱদ্বীপ দাস সোঁৱৰণী বঁটা” লক্ষী মেধিলৈ, “নৰপ্ৰসাদ শৰ্মা সোঁৱৰণী সমাজ হিতৈষী সম্মান” উৎপল বণিয়ালৈ,”নগঞা শিল্পী বঁটা” ধ্ৰুৱ কুমাৰ ৰাজালৈ আগবঢ়োৱাৰ লগতে “গিৰিণ কোঁচ আৰু পদুম বৰা সোঁৱৰণী কাব্য-অৰুণ বঁটা” ক্রমে তুলিকা দেৱী আৰু আশা বৰালৈ আগবঢ়োৱা হ’ব । একেদৰে “গিৰিণ কোঁচ আৰু পদুম বৰা সোঁৱৰণী কাব্যপ্রভাত সম্মান” ক্রমে বিনয় দাস,শিখা শইকীয়া আৰু তৃষ্ণা বৰা দাসলৈ আগবঢ়োৱাৰ লগতে বিশিষ্ট কবি প্রয়াত “ধীৰেন চন্দ্ৰ কাকতী সোঁৱৰণী কবিতা প্রতিযোগিতা”ৰ প্রথম,দ্বিতীয় আৰু তৃতীয় শ্রেষ্ঠ বঁটা প্রাপক ক্রমে ইলামণি শইকীয়া,কৃষ্ণ দৈমাৰী, অংকুৰিতা ফুকন,বিচাৰকৰ বিশেষ সম্মানপ্রাপক ৰশ্মিতা শইকীয়াকো বঁটা প্ৰদান কৰা হ’ব । নগাঁও জিলা কবি সন্মিলনৰ “শ্রেষ্ঠ সংগঠক”ৰ বঁটা ক্রমে প্রদ্যুম্ম বৰা আৰু কবিতা বৰালৈ আগবঢ়োৱাৰ লগতে “প্ৰচাৰকৰ সম্মান” সাংবাদিক ৰূপম নাথ,লক্ষ্যজ্যোতি বৰা আৰু “ডিবি নিউজ”ৰ নৱ কাশ্যপলৈ,শ্রেষ্ঠ “নৱাগত সংগঠকৰ সন্মান” ক্রমে আৰতি মেধি আৰু পল্লৱী শর্মাৰ লগতে বিশেষ সম্বর্দ্ধনা আগবঢ়োৱা হ’ব জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকা,বুলন চন্দ্ৰ নাথ,নীলকমল শইকীয়া,দীপক কুমাৰ শৰ্মা,দেৱজিৎ হাজৰিকা আৰু বন্দনা নাথ ঠাকুৰীয়াক । তদুপৰি সন্মিলনৰ প্রথম শ্রেষ্ঠ শাখাৰ সম্মান কামপুৰ আঞ্চলিক কবি সম্মিলনলৈ, দ্বিতীয় শ্রেষ্ঠ শাখাৰ সম্মান ফুলগুৰি আঞ্চলিক কবি সম্মিলনলৈ,তৃতীয় শ্রেষ্ঠ শাখাৰ সন্মান ৰঙাজিঞা সদৰ শাখালৈ আগবঢ়োৱাৰ লগতে কলিয়াবৰ শাখালৈ অভিনন্দন সন্মান আৰু ধিং আঞ্চলিক কবি সন্মিলনলৈ কৰ্মপ্ৰাণ সন্মান আগবঢ়োৱা হ’ব । সভাৰ শেষত পল্লৱী শৰ্মা শলাগৰ শৰাইৰ পিছতে কাব্যমন্ত্ৰ পাঠেৰ অনুষ্ঠানৰ সামৰণি পৰিব বুলি নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকা, সম্পাদক ৰাজু সমীৰণ,ধিং শাখা কবি সন্মিলনৰ সম্পাদক পল্লৱী শৰ্মা আৰু সভাপতি কৰৱী শইকীয়াই সংবাদ মাধ্যমক জনাইছে । অনুষ্ঠানত সকলো ৰাইজ তথা কাব্যপ্ৰাণৰ উপস্থিতি কামনা কৰিছে নগাঁও জিলা কবি সন্মিলন তথা ধিং আঞ্চলিক শাখা কবি সন্মিলনৰ বিষয়ববীয়াসকলে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author