নগাঁৱৰ ৰাইডঙীয়াৰ উদয় চন্দ্ৰ শইকীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ

1 min read

নিউজ ব্যুৰ’,নগাঁও,১৩জুলাই :– ১৯৭৪চনত নগাঁও জিলাৰ সোণাইপৰীয়া অঞ্চল ৰাইডঙীয়া কৰচুঙত স্থাপিত উদয় চন্দ্র শইকীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ উৎসৱ শনিবাৰৰে পৰা আৰম্ভ হৈছে। তদুপলক্ষে পুৱাৰে পৰা শিক্ষক-শিক্ষয়িত্ৰী,ছাত্ৰ-ছাত্ৰী, অভিভাৱক-আভিভাৱিকা,প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা অতিথিসকলৰ উপস্থিতিত উদয় চন্দ্ৰ শইকীয়া উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গণত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হয় । সোণালী জয়ন্তী বৰ্ষৰ আৰম্ভণি অনুষ্ঠান শনিবাৰে পুৱা উষা কীৰ্তনেৰে আৰম্ভ কৰে ভবেন বৰাই আৰু ৯বজাত বিদ্যালয়ৰ পতাকা উত্তোলন কৰে প্ৰধান শিক্ষয়িত্ৰী জ্যোতি ভূঞাই লগতে সোণালী জয়ন্তীৰ মূল পতাকা উত্তোলন কৰে সোণালী জয়ন্তী উৎসৱ উদযাপন সমিতিৰ সভাপতি নৱকমল ৰাজাই ।

ইয়াৰ পিছতে বন্তি প্ৰজ্বলন কৰে ভবেন বৰাই আৰু স্মৃতি তৰ্পন কৰে প্ৰয়াত উদয় চন্দ্ৰ শইকীয়াৰ জীয়ৰী স্বৰ্ণলতা শইকীয়া বৰুৱাই । দুপৰীয়া ১২বজাত ন-পুৰণি গুৰু শিষ্যৰ মহামিলন অনুষ্ঠান আৰম্ভ হয়। ৰূপহী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ভদ্ৰকান্ত বৰাই উদ্বোধন কৰা অনুষ্ঠানটিত সভাপতিত্ব কৰে নৱকমল ৰাজাই। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতিয়ে সোণাই নৈৰ পাৰৰ ৰাইডঙীয়া অঞ্চলৰ ঐতিহ্যৰ বিশ্লেষণ কৰে। মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰি মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈ,নগাঁও মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যাপিকা কল্পনা হাজৰিকা গায়ন,প্ৰাক্তন ছাত্ৰী তথা যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ প্ৰবক্তা ড° চয়নিকা বৰা,অৱসৰপ্ৰাপ্ত শিক্ষক মুনীন্দ্ৰ শইকীয়া,বিশিষ্ট লেখিকা কল্পনা গায়নে গুৰু শিষ্যৰ সম্পৰ্কৰ ওপৰত বহুমূলীয়া বক্তব্য আগবঢ়ায়। অনুষ্ঠানত বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ৰিপুঞ্জয় শইকীয়া,সমাজকৰ্মী ধীৰ সিং পাটৰ,ৰোহিনী বৰা,কিৰণ চন্দ্ৰ হাজৰিকা,প্ৰবীণ কলিতা,নৱ কুমাৰ বৰা,গনেশ মুদৈ,ৰিন্টু গোস্বামী,শিক্ষক প্ৰমোদ বৰা,শিক্ষক সঞ্জয় বৰা, দিপান্বিতা গোস্বামীকে আদি কৰি শতাধিক লোক উপস্থিত থাকে । বিয়লিলৈ মুকলি সভা আৰু নিশা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভ কৰি নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই অঞ্চলটো সংস্কৃতিবান হোৱাৰ উপৰিও শিক্ষাৰ ক্ষেত্ৰতো আগবঢ়াৰ বাবে শলাগ লয়। শৰ্মাই যি মহান উদ্দেশ্য লৈ এই শিক্ষানুষ্ঠানটি গঢ়িছিল সেই উদ্দেশ্যে সফল হ’ব লাগিব বুলিও ভাষণ প্ৰসংগত কয় ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author