শিৱসাগৰৰ চিন্তামণি গড়ত নাবিলিকাক অপহৰণৰ চেষ্টা

1 min read

উত্থাপিত অভিযোগ অনুসৰি খনামুখ চিন্তামণি গড়লৈ বলিয়াঘাটৰ পৰা ধৰ্মীয় প্ৰচাৰৰ উদ্দেশ্যৰে অহা ধৰ্মীয় প্ৰচাৰ দলৰ এজন যুৱকে নিশা এগৰাকী নাবালিকাৰ বাসগৃহত গোপনীয় ভাৱে প্ৰৱেশ কৰে। নিশাভাগত গোপনীয় ভাৱে প্ৰৱেশ কৰা যুৱক জনে ঘৰৰ মুৰব্বী নথকাৰ সুযোগ গ্ৰহণ কৰি নাবালিকা গৰাকীক মুখত অপহৰণৰ চেষ্টা চলায়। আন সদস্য আৰু নাবালিকাৰ চিঞৰ-বাখৰত কোনোমতে ৰক্ষা পৰে। ঘটনাটোৰ সন্দৰ্ভত নাবালিকাৰ পৰিয়ালে স্থানীয় ব্যক্তি আৰু গাঁওৰ নিশা তহলদাৰী বাহিনীক অৱগত কৰাৰ লগতে তৎপৰতাত নাবালিকাক অপহৰণৰ চেষ্টা চলাৱো যুৱকজনক স্থানীয় আৰক্ষীক জমজাই দিয়ে।

স্থানীয় কেইজন মান ব্যক্তিয়ে আৰক্ষীক চমজাই দিয়া যুৱজনৰ সৈ আৰু নাবালিকা গৰাকীক অপহৰণৰ চেষ্টা চলাওঁতে আঘাতপ্রাপ্ত হোৱা নাবালিকা গৰাকীক চিকিৎসা সেৱা গ্ৰহণৰ আশ্বাস প্ৰদান কৰি আৰক্ষীৰ পৰা যুৱক জনক মুকলি কৰিবৰ বাবে হেঁচা প্ৰয়োগ কৰে নাবালিকাৰ পৰিয়ালক। হৰ্থাৎ উক্ত অঞ্চলটোৰ পৰা ধৰ্মীয় প্ৰচাৰৰ দলৰ লগতে যুৱক জন অন্তৰ্ধান হোৱাত ভুক্তভোগী নাবালিকা গৰাকীৰ অভিভাৱকে আশ্বাস প্ৰদানৰ হেঁচা প্ৰয়োগ কৰা ব্যক্তি কেইজনৰ কথামতেই সংঘটিত কৰা যুৱকৰ পিতৃ-আত্মীয়ক অৱগত কৰি চিকিৎসা সেৱা সন্দৰ্ভত জানিবলৈ বিচৰাত ওভতাই অশ্লীল গালি গালাজ পাৰে। আনহাতে বিভিন্ন ভাৱে হেঁচা প্ৰয়োগ কৰি যুৱকজনক মুকলি কৰি নিয়া স্থানীয় ব্যক্তি কেইজনেও একেই দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন কৰে ভুক্তভোগী পৰিয়ালে।

ইতিমধ্যে সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত স্থানীয় আৰক্ষী ঘটনাটোৰ সন্দৰ্ভত উচিত ন্যায় বিচাৰি এজাহাৰ দাখিল কৰিছে ।

বিভিন্ন অপৰাধজনিত ঘটনা, অপহৰণ, ধৰ্ষণ, ব্যল্য-বিবাহ, নাৰী- নিৰ্যাতন, নাবালিকা অপহৰণ-ধৰ্ষণ আদিৰ বিৰুদ্ধে উল্লেখনীয় পদক্ষেপ গ্রহণ কৰি দেশত নতুনকৈ আইন বলৱৎ হোৱাৰ সময়তে ধৰ্মীয় প্ৰচাৰৰ নামত এনেদৰে অপৰাধজনিত ঘটনা সংঘটিত হোৱাৰ সন্দৰ্ভত আৰক্ষীৰ প্ৰশাসনৰ ফালৰ কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব ।

আমগুৰি পৰা ৰেৱত দত্ত ৰিৰ্পট ৷

You May Also Like

More From Author