প্ৰফুল্ল মহন্তৰ ঘৰত ৰকিবুল হুছেইন: এজনে আনজনক পিন্ধালে গামোচা…

1 min read

 যিসময়ত ৰাজ্যজুৰি একাংশ বিজেপিৰ প্ৰাক্তন, বৰ্তমানৰ বিধায়কৰ উপৰিও আঞ্চলিক দল অসম গণ পৰিষদৰ একাংশ নেতাই কংগ্ৰেছত যোগদান কৰিব বুলি চৰ্চা চলি আছে সেই সময়তে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বাসগৃহত গৈ উপস্থিত হ’ল কংগ্ৰেছৰ ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন। ইয়াৰ লগে লগে মহন্ত তনয় শ্যামন্ত কাশ্যপৰো কংগ্ৰেছত যোগদানৰ যি চৰ্চা চলি আছিল সেই চৰ্চা সত্য হিচাপে প্ৰমাণিত হোৱাৰ ক্ষেত্ৰত আৰু এখোজ আবাঢ়ি যোৱাৰ উমান পোৱা গৈছে।

মন কৰিবলগীয়া যে, এসময়ৰ বঢ়মুপুৰ বিধানসভা আছিল অসম গণ পৰিষদৰ বৰঘৰ সদৃশ। এই সমষ্টিক প্ৰতিনিধিত্ব কৰিয়েই অসম বিধানসভালৈ নিৰ্বাচিত হৈ গৈছিল প্ৰফুল্ল কুমাৰ মহন্ত। হৈছিল অসমৰ মুখ্যমন্ত্ৰী। সেই বঢ়মপুৰতে এতিয়া ভেঁটি হেৰুওৱাৰ উপক্ৰম হৈছে মহন্ত পৰিয়ালে।

কিয়নো বিগত বিধানসভা নিৰ্বাচনত এই সমষ্টি অসম গণ পৰিষদে মিত্ৰদল বিজেপিক এৰি দিয়াত সমষ্টিটোৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ অন্যতম ঘনিষ্ঠ ব্যক্তি হিচাপে চৰ্চিত জিতু গোস্বামী নিৰ্বাচিত হৈ যায়। ইয়াৰ লগে লগে সমষ্টিটো অসম গণ পৰিষদৰ হাতৰ পৰা মিত্ৰদল বিজেপিৰ দখললৈ যায়।

ইফালে এই সমষ্টি এজিপিৰ পৰা দখল কৰিবলৈ তেতিয়াৰ চামগুৰি সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰ অন্যতম শক্তিশালী মন্ত্ৰী হিচাপে দায়িত্বত থকা ৰকিবুল হুছেইনে আপ্ৰাণ চেষ্টাত লিপ্ত হৈছিল। ১৫ বছৰকৈ মন্ত্ৰীত্বৰ দায়িত্বত থাক হুছেইনে ক্ষমতাত থকাৰ সময়ত মহন্তৰ দখলত থকা বঢ়মপুৰ সমষ্টিক একপ্ৰকাৰে গ্ৰাস কৰি পেলাবলৈ চেষ্টা কৰিছিল। হুছেইনৰ আঙুলিত ধৰিয়েই ২০২১ ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ হৈ এই সমষ্টিৰ পৰা শক্তিশালী ৰূপত প্ৰতিদ্বন্দিতা কৰিছিল সুৰেশ বৰাই।

সেই সুৰেশ বৰাই এইবাৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত যোগদান কৰি নিৰ্বাচনত প্ৰতিদদ্বন্দিতাও কৰিলে। ফলত এই সমষ্টিত এতিয়া কংগ্ৰেছৰ শক্তিশালী নেতাৰ অভাৱ স্পষ্ট। আনহাতে অসম গণ পৰিষদৰ হাতৰ পৰাও এই সমষ্টিত বিজেপিৰ হাতলৈ গৈছে।

এনে পৰিস্থিতিত অসম গণ পৰিষদত থাকি বঢ়মপুৰত প্ৰফুল্ল মহন্তৰ পুত্ৰ শ্যামন্ত কাশ্যপৰ ৰাজনৈতিক ভৱিষ্যত একপ্ৰকাৰে অন্ধকাৰ হৈ পৰিছে। ইফালে অসম গণ পৰিষদৰ নেতৃত্বৰ সৈতেও মহন্ত পৰিয়ালৰ দূৰত্ব যথেষ্ট বৃদ্ধি পালে।

সেয়ে সাতে-সোতৰয়ে মিলি শ্যামন্ত কাশ্যপে কংগ্ৰেছতে যোগদান কৰি ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰাত মনোনিবেশ কৰিছে বুলি চৰ্চা অব্যাহত আছিল। এনে চৰ্চাৰ মাজতে আজি প্ৰফুল্ল মহন্তৰ ঘৰত উপস্থিত হৈ ৰকিবুল হুছেইন আৰু প্ৰফুল্ল মহন্তই এজনে আনজনক গামোচা পিন্ধোৱা কাৰ্যই এই চৰ্চাক অধিক মান্যতা প্ৰদান কৰিল।

এসময়ত অহি-নকুল সদৃশ সম্পৰ্ক ৰক্ষা কৰি অহা মহন্ত আৰু হুছেইনৰ এই ঘনিষ্ঠতাই বহু কথাই স্পষ্ট কৰিছে। চৰ্চা হৈছে ৰকিবুল হুছেইনৰ আঙুলিত ধৰিয়েই মহন্ত তনয়ে কংগ্ৰেছত নতুন ইনিংছ আৰম্ভ কৰিব।

অৱশ্যে মহন্ত পৰিয়ালৰ অনুগতসকলে এই সিদ্ধান্তত নিশ্চিতভাৱে আচৰিত নহ’ব। খবৰ অনুসৰি ২০২১ ৰ নিৰ্বাচনত বিজেপিক বঢ়মপুৰ এৰি দিয়াৰ প্ৰতিবাদত একাংশ আঞ্চলিকতাবাদী দলৰ সমৰ্থকে ভোট দিয়াৰ পৰা বিৰত আছিল যদিও আন একাংশই আকৌ সমষ্টিটো বিজেপিক এৰি দিয়াৰ বিৰোধিতাৰে কংগ্ৰেছ প্ৰাৰ্থীজনকেই ভিতৰি সমৰ্থন আগবঢ়াইছিল।

এনে পৰিস্থিতিত এতিয়া শ্যামন্ত কাশ্যপে যদি সঁচাকৈয়ে কংগ্ৰেছত যোগদান কৰে তেন্তে ২০২৬ ত বঢ়মপুৰৰ ৰাজনৈতিক যুঁজখন আকৰ্ষণীয় হৈ পৰিব। সমান্তাৰলকৈ কংগ্ৰেছৰ বিৰোধিতাৰেই আঞ্চলিক দলৰ নেতৃত্ব প্ৰদান কৰি মুখ্যমন্ত্ৰী পৰ্যন্ত হোৱা প্ৰফুল্ল মহন্তৰ পুত্ৰই এতিয়া আঞ্চলিক দল এৰি কংগ্ৰেছত যোগদান কৰিবলোৱা বিষয়টোক আন বহুতেই সহজভাৱেও ল’ব পৰা নাই। স্বাভাৱিকতে এই বিষয়টোও সমালোচনাৰ মাজলৈ আহিব।

অৱশ্যে ৰকিবুল হুছেইনে আজি মহন্তৰ বাসগৃহত গৈ উপস্থিত হোৱা এই বিষয়টোক সম্পূৰ্ণ অৰাজনৈতিক বুলিহে প্ৰকাশ কৰিছে। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ অসুস্থতাৰহে খবৰ ল’বলৈ ৰকিবুল হুছেইনে সপৰিয়ালে প্ৰফুল্ল কুমাৰ মহন্তৰ গুৱাহাটীৰ বাসভৱনত উপস্থিত হোৱা বুলি জনাইছে।

You May Also Like

More From Author