ভাল মানুহ হৈ সমাজৰ হকে কাম কৰাৰ বহু সপোন কঢ়িয়াই ফুৰা ছাত্ৰ শান্তো আক্ৰান্ত এক দুৰাৰোগ্য ৰোগত,মুখ্যমন্ত্ৰীৰ মহানুভৱতা

1 min read

নিউজ ব্যুৰ’,নগাঁও,২২জুলাই :–এগৰাকী মৰম লগা ছাত্ৰ। এইগৰাকী মেধাৱী ছাত্ৰ‌ই অসম আৰক্ষীত জনহিতাৰ্থে সেৱা কৰাৰ সপোন মনত পুহি ৰাখিছে। ছাত্ৰজনৰ ঘৰ নগাঁও জিলাৰ নগাঁও-বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত উৰিয়াগাঁৱৰ চুতিয়াগাঁৱত। ভাল মানুহ হৈ সমাজৰ হকে কাম কৰাৰ বহু সপোন কঢ়িয়াই ফুৰা ছাত্ৰজন বৰ্তমান আক্ৰান্ত এক অতি জটিল তথা অতিকৈ দুৰাৰোগ্য ৰোগত। ফলত ছাত্ৰজনৰ “ভাল মানুহ” হোৱাৰ সপোনটোতো দূৰৰে কথা জীয়াই থকাটোতো বাধাৰ প্ৰাচীৰ হৈ ঠিয় দিছে । দুৰাৰোগ্য ৰোগত আক্ৰান্ত ছাত্ৰ গৰাকীৰ নাম শান্তো বনিয়া। শান্তোৰ পৰিয়ালটিৰ আৰ্থিক অৱস্থা অতি দুৰ্বল। তেওঁৰ পিতৃ বছৰ বছৰ ধৰি আক্ৰান্ত হৈ আছে হৃদৰোগত। দুবেলা দুমুঠি অন্নৰ বাবেও বেমাৰী দেহাৰে জীৱন সংগ্ৰামত যুঁজি আছে শান্তোৰ পিতৃ দুৰ্গেশ্বৰ বনিয়াই।প্ৰথমাৱস্থাত সাধাৰণ ৰোগৰ দৰেই শান্তোৰ দেহত প্ৰৱেশ ঘটিছিল এই দুৰাৰোগ্য ৰোগবিধৰ। পঢ়িবলৈ মন নোযোৱা হৈছিল আৰু শৰীৰটোৱে বৰ দুৰ্বল অনুভৱ কৰিছি। তাৰ পৰা কেইটামান টকা যোগাৰ কৰি পিতৃ-মাতৃয়ে চিকিৎসাৰ বাবে শান্তোক লৈ গৈছিল গুৱাহাটীলৈ। ডেৰ মাহ চিকিৎসাৰ অন্তত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে শান্তোৰ শৰীৰত ধৰা পেলাইছিল “লিম্ফমা” নামৰ জটিল ৰোগবিধৰ। ভয়াৱহ ৰোগবিধৰ চিকিৎসাৰ বাবে গুৱাহাটীৰ চিকিৎসকে শান্তোৰ পিতৃ-মাতৃক বাংগালুৰোৰ উন্নত চিকিৎসালয়ত অতি শীঘ্ৰেই ভৰ্তি কৰোৱাৰ বাবে দিছিল উপদেশ।পৰিয়ালে কেনেকৈ দশম শ্ৰেণীত অধ্যয়নৰত শান্তোক চিকিৎসা কৰোৱাব বাংগালুৰোত। ই এক জটিল প্ৰশ্ন হৈ পৰিছিল। সকলো সা-সম্পত্তি বিক্ৰী হৈছিল শান্তোৰ চিকিৎসাৰ নামতেই । পিতৃ-মাতৃৰ একমাত্ৰ সন্তান শান্তো এশ এটা সমস্যাৰে জৰ্জৰিত। পাছত উপায়ন্তৰ হৈ দুদিনমানৰ পূৰ্বে নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ বাসগৃহত আহি উপস্থিত হোৱাত শান্তো আৰু তেওঁৰ মাতৃক শান্তোৰ উন্নত চিকিৎসাৰ ক্ষেত্ৰত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি বিধায়ক শৰ্মাই আশ্বাস প্ৰদান কৰিছিল। ইয়াৰ পিছতেই ৰবিবাৰে বিয়লি বিধায়ক ৰূপক শৰ্মা শান্তোৰ বাসগৃহত উপস্থিত হৈ শান্তোৰ উন্নত চিকিৎসাৰ সমগ্ৰ দায়িত্ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰাৰ কথা অৱগত কৰে। বাংগালুৰোৰ নাৰায়না হৃদয়লয়াত শান্তোৰ চিকিৎসা কৰা হ’ব। সোমবাৰৰ পৰা পূৰ্ণগতিত চিকিৎসা আৰম্ভ হ’ব বুলি বিধায়ক শৰ্মাই উল্লেখ কৰে। উল্লেখ্য যে,বিধায়ক শৰ্মাই দুৰ্ভগীয়া পৰিয়ালটোৰ মুখত সন্তুষ্টিৰ হাঁহি বিৰিঙোৱাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অলেখ ধন্যবাদ জ্ঞাপন কৰে। তেখেতে মুখ্যমন্ত্ৰীৰ মহানুৱতাৰ বাবে এয়া সম্ভৱ হৈ উঠিছে বুলি উল্লেখ কৰে। ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author