পৰ্যালোচনা বৈঠকৰ বাবে নগাঁৱত উপস্থিত মন্ত্ৰী পীযুষ হাজৰীকা

1 min read

নিউজ ব্যুৰ’,নগাঁও,২৩জুলাই :–শেহতীয়া বানত নগাঁও পৌৰসভাৰ কেইবাটাও মহলাকে ধৰি চহৰখনৰ পাৰ্শ্বৱৰ্তী কলঙৰ পাৰৰ কিছু অঞ্চল প্লাবিত হৈছিল। বানৰ কবলত পৰা লোকসকলক পৰৱৰ্তী সময়ত আশ্ৰয় শিৱিৰলৈ স্থানান্তৰিত কৰা হৈছিল। বৰ্তমান কলঙৰ জলপৃষ্ঠ কিছু হ্ৰাস পোৱাত বহু লোক ইতিমধ্যে শিৱিৰৰ পৰা নিজ গৃহলৈ গৈছে। অৱশ্যে কিছু লোকৰ গৃহৰ পৰা এতিযাও পানী সম্পূৰ্ণ ওলাই যোৱা নাই। সেইসকল লোক বৰ্তমানো শিৱিৰতে আশ্ৰয় লৈ আছে। মংগলবাৰে এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণৰ উদ্দেশ্যে অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকা নগাঁৱত উপস্থিত হয় ।জিলাখনৰ বান পৰিস্থিতি সন্দৰ্ভত জিলা আয়ুক্ত,আৰক্ষী অধীক্ষক, বিধায়কদ্বয় ৰূপক‌ শৰ্মা,জিতু গোস্বামীৰ সৈতে অন্য প্ৰশাসনিক বিষয়াৰ সৈতে আলোচনাত অংশ লয় মন্ত্ৰী হাজৰীকাই । উল্লেখ্য যে,চলিত বৰ্ষৰ বানত ৪ লাখ মানুহ আৰু ৪৫০টা ঘৰ ক্ষতিগ্ৰস্ত হোৱাৰ তথ্য দাঙি ধৰা লগতে অতি শীঘ্ৰেই বানত ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য প্ৰদানৰ আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে। বাৰিষাৰ পাছতেই উন্নত প্ৰযুক্তিৰে কামপুৰৰ চাংচকীত মথাউৰি নিৰ্মাণ কৰাৰ কথাও উল্লেখ কৰে। লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নগাঁও জিলাত ৬০ হাজাৰ ঘৰ নিৰ্মাণ কৰা হ’ব আৰু জিলাখনৰ ৯৫% ঘৰেই পকী হ’ব বুলি জনাই মন্ত্ৰী পীযুষ হাজৰীকাই। এই সময়ছোৱাতে মন্ত্ৰীগৰাকীয়ে এটা বান‌ শিবিৰো পৰ্যবেক্ষণ কৰে। ৰত্নকান্ত বৰকাকতি হাইস্কুলৰ বান শিবিৰত আশ্ৰয় লৈ থকা লোকসকলৰ অভাৱ-অভিযোগৰো বুজ লয় মন্ত্ৰী হাজৰীকাই । ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author