চলিত বৰ্ষৰ প্ৰথমটো বানত কাজিৰঙাত ১০টা গঁড়কে ধৰি ২১২টা বন্যপ্ৰাণীৰ মৃত্যু

1 min read

নিউজ ব্যুৰ’,নগাঁও,১৬জুলাই :–বানত বিধ্বস্ত অসম।মানুহৰ লগতে জীৱকুলেও আলৈ-আহুকালৰ সন্মুখীন হৈছে আহাৰমহীয়া বানত ৷ চলিত বৰ্ষৰ প্ৰথমটো বানত কাজিৰঙাত ১০টা গঁড়কে ধৰি ২১২টা বন্যপ্ৰাণীৰ মৃত্যু হৈছে । বান শুকাই যোৱাৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বহু বন্যপ্ৰাণীৰ মৃত্যু ঘটিছে । বানত বিধ্বস্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড° সোণালী ঘোষে জনোৱা মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলৰ ২৩৩টা বন শিবিৰৰ ২৬টা এতিয়াও বানৰ কবলত। অগৰাতলিৰ ৩৪টা শিবিৰৰ ভিতৰত দুটা শিবিৰ এতিয়াও পানীৰ তলত ৷ কাজিৰঙাৰ ৫৮টা শিবিৰৰ ভিতৰত ১৫টা আৰু বাগৰিৰ ৩৯টা শিবিৰৰ ভিতৰত ৯টা শিবিৰত পাঁচ ফুটতকৈ অধিক পানী আছে । বানৰ পানী কমি অহাত ইতিমধ্যে পুনৰ শিবিৰলৈ উভতি আহিছে বনকৰ্মীসকল। বছৰৰ প্ৰথমটো বানৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে কাষৰীয়া অঞ্চলসমূহ ভয়াৱহভাৱে ক্ষতিগ্ৰস্ত হৈছে । এইবাৰৰ বানৰ ফলত উদ্যানখনৰ ভিতৰৰ ওখ স্থানত বহু বন্যপ্ৰাণীয়ে আশ্ৰয় লোৱাৰ বিপৰীতে উদ্যানখনৰ আশে-পাশে থকা অঞ্চল আৰু দক্ষিণ কাৰ্বি পাহাৰত খাদ্য আৰু নিৰাপত্তাৰ সন্ধানত বিভিন্ন বন্যপ্ৰাণীয়ে ৰাষ্ট্ৰীয় উদ্যানখন এৰি থৈ গৈছে। বন বিভাগৰ লগতে বিভিন্ন ব্যক্তি আৰু সংগঠনে দিনে-নিশাই এই বন্যপ্ৰাণী প্ৰজাতিক সুৰক্ষা প্ৰদান কৰি আহিছে । বৰ্তমানেও উদ্যানখনৰ ভিতৰত বানত আৱদ্ধ অথবা দক্ষিণে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ যোৱাৰ সময়ত বহু বন্যপ্ৰাণী আহত হৈছে । আহাৰমহীয়া বানৰ সময়চোৱাত কাজিৰঙা বন বিভাগে উদ্ধাৰ কৰিছে মাতৃৰ পৰা পৃথক হৈ থকা দুটা হাতী পোৱালি আৰু দুটা গঁড়ৰ পোৱালিকে ধৰি মুঠ ১৪৩টা বন্যপ্ৰাণী । চিকিৎসাৰ অন্তত ইতিমধ্যে মুকলি কৰি দিয়া হৈছে ১২৩টা বন্যপ্ৰাণী । ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author