কাজিৰঙাত প্লাৱিত ৯৫ টা বনশিবিৰ, ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ-আৰক্ষীৰ বিশেষ সতৰ্কতা,চৰ-চাপৰিবাসীৰ মাজত হাহাকাৰ পৰিৱেশ

1 min read

নিউজ ব্যুৰ’,নগাঁও,২জুলাই :–কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত বৃদ্ধি পাইছে জলস্তৰ ৷ বিগত কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ধনশিৰি নৈৰ জলস্তৰ বৃদ্ধি পোৱাৰ লগে লগে উদ্যান সংযোগী নলাসমূহৰে তীব্ৰগতিত বাঢ়নী পানী প্ৰৱেশ কৰাত প্লাৱিত হৈছে ৰাষ্ট্ৰীয় উদ্যানখন ৷ মঙলবাৰে উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে,কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ৯৫টা বনশিবিৰ এলেকা প্লাৱিত হৈছে ৷ অগৰাতলি বনাঞ্চলৰ মুঠ ৩৪টা বনশিবিৰৰ ৩৪টা,কহঁৰা বনাঞ্চলৰ ৫৮টা বনশিবিৰৰ ২০টা, বাগৰি বনাঞ্চলৰ ৩৯টা বন শিবিৰৰ ১০টা,বুঢ়াপাহাৰ বনাঞ্চলৰ ২৫টা বন শিবিৰৰ ৫টা,বোকাখাতৰ ৯টা বন শিবিৰৰ ৬টা আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ ৩০টা বন শিবিৰৰ ২০টা বনশিবিৰ এলেকা প্লাবিত হৈছে ৷ বাঢ়নী পানীয়ে উদ্যানৰ অন্তৰ্ভাগৰ কেতবোৰ এলেকা ৫ফুট পৰ্যন্ত বুৰাই পেলোৱাৰ পৰিপ্ৰেক্ষিতত উক্ত বনাঞ্চলসমূহৰ ৬টাকৈ বন শিবিৰ স্থানান্তৰ কৰিব লগা হৈছে ৷ বৰ্তমানলৈকে অগৰাতলিত ১টা, কহঁৰাত ১টা,বোকাখাতত ৩টা আৰু বিশ্বনাথৰ ১টা বনশিবিৰ স্থানান্তৰ কৰিব লগা হৈছে ৷

ইফালে,উদ্যানৰ অন্তৰ্ভাগত থকা বিভাগীয় হাতীসমূহ সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰাৰ সমান্তৰালকৈ বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে উদ্যান কৰ্তৃপক্ষই ৷ উদ্যানৰ অন্তৰ্ভাগত ঠায়ে ঠায়ে মেচিন নাও,হাত নাও,স্পীড ব’ট আদিৰে বনকৰ্মীয়ে তহলৰ ব্যৱস্থা কৰাৰ লগতে উদ্ধাৰ কাৰ্যৰ বাবে যাৱতীয় সামগ্ৰী প্ৰস্তুত কৰি ৰখা হৈছে ৷ আনহাতে,বানৰ লগে লগে উদ্যানৰ বন্যপ্ৰাণীসমূহ আশ্ৰয়স্থল বিচাৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি পাহাৰৰ নামনি অঞ্চলত প্ৰৱেশ কৰিছে ৷ এই সময়চোৱাত যাতে ঘাইপথৰ এনিমেল ক’ৰিড’ৰসমূহত যান-বাহনৰ দ্বাৰা বাধাপ্ৰাপ্ত অথবা দুৰ্ঘটনাগ্ৰস্ত নহয় তাৰ বাবে ঠায়ে ঠায়ে বেৰিকেডৰ ব্যৱস্থা কৰিছে। লগতে বনকৰ্মীৰ দ্বাৰা নিয়মীয়া তহলৰ ব্যৱস্থা কৰা হৈছে ৷ তহলৰ বাবে অতিৰিক্ত বনকৰ্মী নিয়োগ কৰাৰ সমান্তৰাকৈ দাঁতিকাষৰীয়া এলেকা সমূহত বনকৰ্মী আৰু আৰক্ষীৰ যৌথ তহলৰ ব্যৱস্থাও কৰা হৈছে ৷ ইফালে,মঙলবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ গোলাঘাট জিলা আৰক্ষী অধীক্ষকে বানৰ সময়ত কাজিৰঙাৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে ঘাইপথত যান-বাহনৰ চলাচলত কেতবোৰ নীতি-নিয়ম বান্ধি দি এক নিৰ্দেশনা জাৰি কৰিছে ৷ সেই অনুসৰি,বানৰ সময়ত বাণিজ্যিক যান-বাহনৰ চলাচল কাজিৰঙাৰ ঘাইপথ অতিক্ৰম কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷

কেৱল দিনৰ ভাগত ব্যক্তিগত যান-বাহন নিয়ন্ত্ৰিত গতিবেগৰ মাজেৰে কাজিৰঙা অতিক্ৰম কৰিব পাৰিব ৷ ৰাতিৰ ভাগত কেৱল স্থানীয় ব্যক্তিগত যান-বাহনহে কাজিৰঙাৰ ঘাইপথত চলাচল কৰিব পাৰিব। ইপিনে মৰিগাঁও জিলাৰ মৈৰাবাৰী-লাহৰীঘাট অঞ্চলৰ চৰ-চাপৰিতো ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে প্ৰলয়ৰ সূচনা কৰিছে । ব্ৰহ্মপুত্ৰৰ জলস্তৰ ওফন্দি উঠাত চৰ-চাপৰিৰ লোক বানৰ কৱলত পৰিছে। চৰ-চাপৰি চাৰিওফালে বানে বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰিছে । জনজীৱন বিপৰ্যস্ত কৰি তোলাৰ লগতে বান পৰিস্থিতি ভয়াৱহ হোৱাৰ আশংকাই খেদি ফুৰিছে চৰবাসীক । বৰ্তমান ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত আৱদ্ধ হৈ পৰিছে অগণন চৰ-চাপৰিৰ ৰাইজ । ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে চৰ-চাপৰিৰ ঘৰ-বাৰী ডুবাই দিলে । চৰম দুৰ্দশাৰ সন্মুখীন হৈছে চৰবাসী । ইতিমধ্যে চিতলমাৰী,ৰংৰা চাপৰি,আৰিমাৰী ভজাইখাইতি গাঁও,ভজাইখাইটি পথাৰ, মদাৰগুৰি,চিতলমাৰী কলনি,লেৰুৱা মুখ,গৰৈমাৰী চৰ সম্প্ৰতি পানীৰ তলত । বহু পৰিয়ালৰ লোক যেনে তেনে ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ মথাউৰিত অৱস্থান লৈছে যদিও বহুলোক এতিয়াও চৰতেই আৱদ্ধ হৈ আছে । এতিয়ালৈকে কোনো মন্ত্ৰী-বিধায়কে চৰবাসীৰ খবৰ লবলৈ অহা নাই । এতিয়া ব্ৰহ্মপুত্ৰ আৰু চৰ বুলি ক’লে কেৱল পানী আৰু পানী চৰ-চাপৰি বাসীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। মানুহৰ লগতে পোহনীয়া গৰু-ছাগলী,হাঁহ-কুকুৰাক লৈও সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ।

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মাৰ প্ৰতিবেদন

You May Also Like

More From Author