এলাগী হোৱাৰ পথত জখলাবন্ধা চহৰ, কৃষিভূমি-জলাশয় ধ্বংস কৰি ফ’ৰলেনৰ জৰীপ আৰম্ভ

1 min read

নিউজ ব্যুৰ’,নগাঁও,১জুলাই:–একাংশ ক্ষমতাশালী ৰাজনৈতিক নেতাৰ স্বাৰ্থসিদ্ধি তথা কূটিল অভিসন্ধিৰ বাৱেই সম্প্ৰতি ফ’ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ দিশ সলনি হোৱা বিষয়টোৱে ৰাইজক ক্ষুব্ধ কৰি তুলিছে। নগাঁও জিলাৰ কলিয়াবৰৰ জখলাবন্ধা চহৰৰ মাজেদি ফ’ৰলেন নোযোৱা বুলি নিশ্চিত হোৱাত এতিয়া ক্ষুব্ধ হৈ পৰিছে কুঁৱৰীটোল,হাটবৰ আৰু জখলাবন্ধা বাসী ৰাইজ। জখলাবন্ধা চহৰখন এলাগী হোৱাৰ লগে লগে ইয়াৰ ব্যৱসায়ীসকল নিগমে মৰিব বুলি এতিয়া আতংকিত হৈছে সংশ্লিষ্ট ক্ষুদ্ৰ বৃহৎ ব্যৱসায়ীসকল। উল্লেখযোগ্য যে, কলিয়াবৰ তিনিআলিৰ পৰা জখলাবন্ধা হৈ নুমলিগড়লৈকে ফ’ৰলেন যুক্ত ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ নোযোৱাটো নিশ্চিত হোৱাৰ পূৰ্বে বিগত বছৰৰ ২৩ জুনত জিলা উপায়ুক্তৰ নিৰ্দেশ মৰ্মে হাটবৰত এখনি ৰাজহুৱা শুনানিৰ আয়োজন কৰা হৈছিল। যি খন সভাত অংশগ্ৰহণ কৰা এশ শতাংশ নাগৰিকে ফ’ৰলেনযুক্ত পথটো জখলাবন্ধা চহৰৰ মাজেৰে হ’ব লাগে বুলি ৰাজহুৱাভাৱে দাবী উত্থাপন কৰি সভাগৃহ উত্তাল কৰি তুলিছিল। সেই সভাত অংশগ্ৰহণ কৰা স্থানীয় বিধায়ক তথা ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্তইও সভাত উদাত্ত কন্ঠৰে ৰাইজৰ ৰাজহুৱা দাবীক চৰকাৰে মানি ল’ব বুলি প্ৰতিশ্ৰুতি দিয়াৰ পাছত এতিয়া ফ’ৰলেনযুক্ত পথটো জখলাবন্ধা চহৰৰ মাজেৰে নেযোৱাতো নিশ্চিত হোৱাত ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰা শুনা গ’ল। স্থানীয় একাংশ ৰাইজে সংবাদ মাধ্যমক কয় যে কেশৱ মহন্তৰ দৰে এজন জ্যেষ্ঠ কেবিনেট মন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতিক ৰাষ্ট্ৰীয় ঘাই পথ নিৰ্মাণ প্ৰাধিকৰণে কিয় অৱহেলা কৰিলে ? এগৰাকী কেবিনেট মন্ত্ৰীৰ কথাৰ মূল্য নাই নেকি বুলিও তেওঁলোকে প্ৰশ্ন কৰি কয় যে সভাত উপস্থিত থকা নগাঁও জিলাৰ উপায়ুক্ত নৰেন্দ্ৰ শ্বাহেও ৰাজহুৱা দাবীক চৰকাৰে মানি ল’ব বুলি ঘোষণা কৰিছিল। যদি মুখ্যমন্ত্ৰীৰ কথাতে এক ৰাতিতে ফ’ৰলেনযুক্ত পথটোৰ নক্সা সলনি কৰিব পাৰে তেনেহলে হাটবৰত ৰাজহুৱা শুনানিৰ নাটক কিয় কৰিব লগা হ’ল বুলিও চৰকাৰক প্ৰশ্ন উত্থাপন কৰিছে । ইপিনে বিগত চাৰিদিনৰ পৰা সংশ্লিষ্ট কৰ্তৃপক্ষই বাৰিষা-বৰষুণকো আওকান কৰি যুদ্ধকালীন ক্ষিপ্ৰতাৰে ফ’ৰলেনযুক্ত পথৰ বাবে মাটি জোখ-মাখ কৰা কাম ইতিমধ্যে আৰম্ভ কৰিছে ৷ কলিয়াবৰ তিনিআলিৰ পৰা সৌভাগ্য মাধৱ দেৱালয়ৰ কাষেৰে দাৰিগজি হৈ দলগাঁও বৰপেটাৰ সমীপৱৰ্তী এলেকাৰ মাজৰে চিকনি শিল খোৰোং মন্দিৰৰ সন্মুখেদি আৰু লক্ষী মন্দিৰৰ পাছফালে গৈ ৰাঙলুৰ কাষেৰে ফ’ৰলেনযুক্ত ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰীপ ইতিমধ্যে খৰতকীয়া কৰা পৰিলক্ষিত হৈছে। স্থানীয় ৰাইজৰ অভিযোগ পুৰণি ৰাষ্ট্ৰীয় ঘাইপথ এটা থকাৰ পাছত ফ’ৰলেন নিৰ্মাণৰ অচিলাৰে হাজাৰ হাজাৰ কৃষিভূমি আৰু জলাশয় ধ্বংস কৰাৰ যুক্তি ক’ত ?

যি সময়ত এই খন চৰকাৰেই জলাশয় আৰু কৃষিভূমি উন্নয়নৰ বাবে কোটি কোটি ধন ব্যয় কৰিব লাগিছে আকৌ এইখন চৰকাৰেই অসমীয়াৰ পথাৰ ধ্বংস কৰিবলৈ উঠি পৰি লগা কাৰ্য‌ক ৰাইজে সহজভাৱে ল’ব পৰা নাই। প্ৰকৃতাৰ্থত একাংশ ক্ষমতাশালী ৰাজনৈতিক নেতাই ক্ৰয় কৰা মাটিৰ সন্মুখেৰে ফ’ৰলেনযুক্ত পথটি লৈ যোৱাৰ বাবে চলিছে কুছকাৱাজ ৷ এই জৰীপ মতে যদি ফ’ৰলেনযুক্ত পথ নিৰ্মাণ চুড়ান্ত হয় তেন্তে জখলাবন্ধা চহৰ এৰাবাৰীলৈ পৰ্যবসিত হোৱাটো নিশ্চিত। তাহানিৰ লিমকা বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত স্থান পোৱা কলিয়াবৰৰ ব্যৱসায়িক চহৰ জখলাবন্ধাক লৈ এতিয়া চিন্তিত হৈ পৰিছে বিভিন্ন দল সংগঠনৰ লগতে কলিয়াবৰৰ সচেতন ৰাইজ। জখলাবন্ধাবাসী ৰাইজে বিষয়টো পুনৰ বিবেচনাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে। ইয়াৰ বিপৰীতে কলিয়াবৰ বাসী ৰাইজে এক গণ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলি মুখ্যমন্ত্ৰীক সকয়নী দিছে। ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author