২০ ছেপ্টেম্বৰত নগাঁৱৰ জামুগুৰিত উন্মোচন হ’ব স্বাধীনতা সংগ্ৰামী শ্বহীদ মনবৰ নাথৰ প্ৰতিমূৰ্তি

1 min read

নিউজ ব্যুৰ’,নগাঁও,১ জুলাই:–নগাঁও জিলাৰ ইতিহাস বিজড়িত বেবেজীয়াৰ জামুগুৰি গাঁৱৰ সাহসী সন্তান তথা ১৯৪২ৰ স্বাধীনতা আন্দোলনৰ বীৰ শ্বহীদ মনবৰ নাথৰ প্ৰতিমূৰ্তিটি অহা ২০ছেপ্টেম্বৰত জামুগুৰিত উন্মোচিত হ’ব ৷ ইতিমধ্যে এইগৰাকী অতুল্য প্ৰেৰণাৰ প্ৰতীক শ্বহীদ মনবৰ নাথৰ প্ৰতিমূৰ্ত্তি ভাগ আজিৰ পৰা প্ৰায় তিনিবছৰ পূৰ্বে নাথ যোগী ছাত্ৰ সন্থাৰ দ্বাৰা নিৰ্মাণ আৰু উন্মোচনৰ দিহা কৰিছিল যদিও মূৰ্ত্তিভাগ এই পৰ্যন্তও উন্মোচনৰ যাৱতীয় কাম-কাজ সম্পূৰ্ণ হৈ নুঠাত যোৱা ৩০জুনত জামুগুৰি সাৰ্বজনীন গৰখীয়া থানৰ স্থায়ী কাৰ্যালয়ত পুৱা প্ৰায় ৯বজাত অনুষ্ঠিত হোৱা এক আলোচনা সভাত বিশিষ্ট সমাজ সংগঠক তথা জামুগুৰিৰ সুদক্ষ সাংস্কৃতিক তথা সচেতন ব্যক্তি খগেন চন্দ্ৰ নাথে এই মন্তব্য দাঙি ধৰে ৷ জামুগুৰিৰ বয়োজ্যেষ্ঠ তথা থান পৰিচালনা সমিতিৰ সভাপতি থানেশ্বৰ নাথৰ উপৰি গাঁওখনৰ প্ৰবীণ অনাতাঁৰ শিল্পী গম্ভীৰ নাথ,অবসৰপ্ৰাপ্ত শিক্ষকদ্বয় দেৱেন নাথ,অনিল নাথ, সাংবাদিক প্ৰাঞ্জল বৰদলৈ,বেবেজীয়া- ডিমৌ-বাংঠাই গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি দিগন্ত কুমাৰ নাথ,জামুগুৰিৰ জংগম গোষ্ঠীৰ প্ৰতিষ্ঠাপক সভাপতি ভূৱন নাথ,জ্যেষ্ঠ নাগৰিক পিতাম্বৰ নাথ,সাংস্কৃতিক সংগঠক প্ৰদীপ নাথ,যুৱ সমাজকৰ্মী পঙ্কজ নাথ,ইন্দ্ৰ কুমাৰ নাথ,ৰাজীৱ কুমাৰ নাথ,টঙ্কেশ্বৰ নাথ,পুতুল নাথ প্ৰমুখ্যে গাঁওখনৰ বহুকেইগৰাকী লোকৰ উপস্থিতিত অনুষ্ঠিত উক্ত সভাত গাঁওখনৰ তেজাল যুৱক,শ্বহীদ মনবৰ নাথৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰি সকলোৱে অহা ২০ ছেপ্টেম্বৰৰ শ্বহীদ মনবৰ নাথৰ স্মৃতি দিৱসৰ দিনটোতে প্ৰতিমূৰ্ত্তি ভাগ উন্মোচন কৰাৰ ক্ষেত্ৰত বক্তব্য প্ৰদান কৰে ৷ অৱশ্যে আজিৰ পৰা তিনি বছৰ পূৰ্বে জামুগুৰিৰ সকলো ৰাইজ ঐক্যবদ্ধ হৈ শ্বহীদজনাৰ প্ৰতিমূৰ্ত্তি নিৰ্মাণৰ কাম হাতত লৈ আগবঢ়াৰ সময়তে হঠাৎ নাথ যোগী ছাত্ৰ সন্থাই বিষয়টোত হস্তক্ষেপ কৰি শ্বহীদ মনবৰ নাথৰ প্ৰতিমূৰ্ত্তি তেওঁলোকে নিৰ্মাণৰ বাবে আগভাগ ল’বলৈ উৎসাহিত হৈ পৰাৰ পিছত জামুগুৰিৰ ৰাইজ আধাতে থমকি ৰ’বলগীয়া হয় ৷

উল্লেখ্য যে নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্বইও মহান শ্বহীদ জনাৰ প্ৰতি চৰম গাফিলতি প্ৰদৰ্শনেৰে যোৱা তিনি বছৰ ধৰি মূৰ্ত্তি ভাগ অসম্পূৰ্ণকৈ ৰখাত জামুগুৰিৰ সচেতন লোকমাত্ৰেই লজ্জানত হ’বলগীয়া হোৱাত শেহতীয়াকৈ গাঁওখনৰ সচেতন ৰাইজ সাৰ্বজনীন গৰখীয়া থানত মিলিত হৈ অহা ২০ছেপ্টেম্বৰত মনবৰ নাথৰ স্মৃতি দিৱসৰ দিনটোত উক্ত প্ৰতিমূৰ্ত্তি বিধায়ক ৰূপক শৰ্মাৰ জৰিয়তে উন্মোচনৰ সিদ্ধান্তত একমত হোৱাৰ লগতে নাথ যোগী ছাত্ৰ সন্থাই দেশৰ এগৰাকী শ্বহীদৰ প্ৰতি প্ৰদৰ্শন কৰা অবহেলাৰ বাবে দুখ প্ৰকাশ কৰে ৷ অবশ্যে ইয়াৰ পূৰ্বে নগাঁৱৰ হয়বৰগাঁও পুথিভঁৰালৰ ব্যৱস্থাপনাত উন্মোচিত হ’বলগীয়া শ্বহীদ মনবৰ নাথৰ প্ৰতিমূৰ্ত্তিৰ কাষত এটা সুন্দৰ পৰিবেশ ৰচনাৰ বিষয়টোত গুৰুত্ব আৰোপ কৰি দেবদাৰু,নিম আদি গছপুলিৰ ৰোপণৰ দৰে এক আকৰ্ষণীয় কাৰ্যসূচী পুৱা ৬:৩০ বজাত আৰম্ভ কৰা হয় ৷ এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সেউজ কোঁৱৰ উপাধিৰে সন্মানিত বিশিষ্ট প্ৰকৃতি প্ৰেমী স্বপন চৌধুৰীৰ উপৰি সাপ্তাহিক কলংপাৰ কাকতৰ সম্পাদক ভৱেন বৰা,বিশিষ্ট ধৰ্মপ্ৰাণ ব্যক্তি তথা পাঠেক পুষ্পেন্দ্ৰ হাজৰিকা আৰু সমাজকৰ্মী মুকুট বৰাই ৷ উল্লেখ্য যে চিপচিপীয়া বৰষুণৰ মাজতো ৰাইজে শ্বহীদ জনাৰ মূৰ্ত্তিভাগৰ ঠাইখণ্ড আগন্তুক ২০ ছেপ্টেম্বৰৰ আগতেই এটা প্ৰাকৃতিক পৰিবেশ ৰচনাৰ বাবে আজিৰ গছ পুলি ৰোপণৰ দৰে কাৰ্যসূচীৰ দ্বাৰাই এক নতুন যাত্ৰাৰ বাবে ৰাইজে মন মেলা বুলি সমাজ কৰ্মী খগেন চন্দ্ৰ নাথে জানিবলৈ দিয়ে ৷ গছপুলি ৰোপণৰ উক্ত কাৰ্যসূচী পৰৱৰ্তী সময়ত জামুগুৰি সাৰ্বজনীন গৰখীয়া থানৰ চৌহদতো পালন কৰা হয় ৷ ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author