বক্সিং ৰিঙত নামি ৪৬ ছেকেণ্ডৰ ভিতৰতেই নাম প্ৰত্যাহাৰ৷ ইটালীৰ মহিলা বক্সাৰ এঞ্জেলিনা কাৰিনিয়ে পেৰিছ অলিম্পিকত ল’লে এই সিদ্ধান্ত৷ আঘাত লগাৰ কাৰণে এই সিদ্ধান্ত ল’বলৈ বাধ্য হৈ পৰিছে বুলি জনালেও তেওঁ ৰিং এৰি যোৱাক লৈ তৈয়াৰ হৈছে নতুন বিতৰ্ক৷ কাৰিনি খেলত নামিছিল আলজেৰিয়াৰ ইমান খেলিফৰ বিৰুদ্ধে৷ তেওঁক লৈয়েই এতিয়া উঠিছে একাধিক প্ৰশ্ন৷
২০২৩চনত বিশ্ব চেম্পিয়নশ্বিপত খেলিফে নিজকে মহিলা বুলি প্ৰমাণ কৰিব নোৱাৰিলে৷ কিন্তু বিশ্ব অলিম্পিক্স সংস্থাই খেলিফক খেলিবলৈ দিয়ে৷ কাৰিনিয়ে এই সন্দৰ্ভত কয়, ‘খেলিফৰ ঘোচাত প্ৰচণ্ড জোৰ আছে৷ নিজৰ সমগ্ৰ কেৰিয়াৰত ইমান জোৰে ঘোচা কাৰোপৰা খোৱা নাই৷ আনকি ৪৬ ছেকেণ্ডৰ যুঁজত কাৰিনিৰ নাকৰ পৰা তেজ ওলাই আহে৷ ৰিঙৰ মাজতেই তেওঁ কান্দোনত ভাঙি পৰে৷
২০২২ চনত খেলিফ বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক পাইছিল৷ আন্তৰ্জাতিক বক্সিং সংস্থাই জনোৱা অনুসৰি তেওঁ মহিলা হিচাপে নিজকে প্ৰমাণ কৰিব নোৱাৰিলে৷ বিগত বছৰত সেয়ে দিল্লীত বিশ্ব চেম্পিয়নশ্বিপত তেওঁৰ মেচ বাতিল হৈছিল৷ কিন্তু অলিম্পিক্স সংস্থাই খেলিফৰ খেলাৰ অনুমতি দিয়ে৷
ইটালীৰ মহিলা বক্সাৰে ৪৬ ছেকেণ্ডত নাম তুলি লোৱাৰ পাছতেই আকৌ এবাৰ খেলিফক লৈ উঠিছে প্ৰশ্ন৷ হেৰি পটাৰৰ লেখিকা জে কে ৰাওলিঙে এই সন্দৰ্ভত কয়, ‘এজন পুৰুষে এগৰাকী মহিলাক মাৰিছে, বিনোদনৰ বাবে সেয়া আপোনালোকে ল’ব পাৰে কিন্তু এয়া উচিত হোৱা নাই৷’ কেৰিনিয়ে মেচত শেষতো খেলিফৰ সৈতে হেণ্ডচেক নকৰিলে৷
বক্সিঙৰ এটা মেচত তিনিটাকৈ ৰাউণ্ড থাকে৷ প্ৰতিটো ৰাউণ্ড হয় ৩মিনিটৰ বাবে৷ কিন্তু মেচ আৰম্ভ হোৱাৰ ৪৬ছেকেণ্ডৰ পাছতেই নেখেলো বুলি হাত দাঙি দিয়ে কেৰিনিয়ে৷ খেলিফৰ ঘোচাত নাকৰ পৰা তেজ ওলোৱা আৰম্ভ হৈছিল কেৰিনিৰ৷ কেৰিনিয়ে কয়, ‘মোৰ নাকত প্ৰচণ্ড জোৰত ঘোঁচা পৰিছিল৷ এটা পাঞ্চতেই নাকেৰে তেজ ওলাই আহে৷ সেয়ে ভাৱিলো মই নেখেলাটোৱেই ভাল হ’ব৷’
এই ঘটনাত অসন্তুষ্ট ইটালীৰ প্ৰধানমন্ত্ৰীও৷ জিয়োৰাজিয়া মেলোনিয়ে ঘটনাক লৈ কয়, ‘মোৰ মতে সকলো খেলুৱৈকে জীনগতভাৱে মহিলা নে পুৰুষ সেই পৰীক্ষা কৰিহে ইভেণ্টত নামিবলৈ দিব লাগে৷ কাকো পৃথক কৰিবলৈ এই কথা কোৱা নাই৷ মহিলাৰ সুৰক্ষাৰ কথা ভাৱিহে এই কথা কৈছো৷ তেওঁলোকক নিজৰ মাজত যুঁজ কৰাৰ সুযোগ পাবৰ বাবেই এই কথা কৈছো৷’
খেলিফৰ লৈ বহু প্ৰশ্ন উত্থাপণ হোৱাৰ পাছতেই মুখ খুলিছে আন্তৰ্জাতিক অলিম্পিক সংস্থাৰ মুখপাত্ৰ মাৰ্ক এডামে৷ তেওঁ কয়, ‘ছোৱালীৰ খেলত যিসকল নামিছে সকলোবোৰেই মহিলা৷ প্ৰত্যেকৰে পাছপৰ্টত মহিলা বুলিয়েই উল্লেখ আছে৷ সেয়ে তেওঁলোকক খেলিবলৈ দিয়া হৈছে৷’ আলজেৰিয়াৰ অলিম্পিক সংস্থাৰ এজন সদস্যই কয়, ‘আমাৰ খেলুৱৈসকলক অন্যায়ভাৱে আক্ৰমণ কৰা হৈছে৷ বিদেশী সংবাদমাধ্যমেই এই কাম কৰিছে৷’
আন্তৰ্জাতিক বক্সিং সংস্থাই এই সন্দৰ্ভত জনাই যে, খেলিফা জিনগতভাৱে পুৰুষ৷ তেওঁলোকৰ পক্ষৰ পৰা এই দাবী কৰা হৈছিল৷ কিন্তু খেলিফাই তেওঁলোকক এই কথাৰ বাবেই কোৰ্ট অফ আৰবিট্ৰেছন ফৰ স্পৰ্টছত গোচৰ তৰে৷ পাছলৈ অৱশ্যে তেওঁ সেই গোচৰ নিজেই উঠাইয়ো লয়৷ তাৰপাছতেই অলিম্পিকৰ মহিলা বিভাগত খেলিবলৈ পেৰিছলৈ যায় খেলিফা৷