চিৰাঙৰ বিজনীৰ বড়োবাজাৰস্থিত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ নৱনিৰ্মিত গাৰ্লছ হোষ্টেল বৃহস্পতিবাৰে উদ্বোধন কৰা হয়। ভাৰত চৰকাৰৰ সমগ্ৰ শিক্ষা আঁচনিৰ অধীনত মুঠ ১.৪৯ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই গাৰ্লছ হোষ্টেলৰ শুভ উদ্বোধন কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই।
তদুপৰি হোষ্টেল চৌহদত গছপুলি ৰোপণ কাৰ্য্যসূচীতো অংশগ্ৰহণ কৰে প্ৰমোদ বড়োই। উদ্বোধন কৰি সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত প্ৰমোদ বড়োই কয় যে, মোৰ লক্ষ্য কেৱল ৰাজনীতি নহয়, বিটিআৰত থকা ৩৫ লাখ জনসাধাৰণৰ শান্তি সম্প্ৰতি, শিক্ষা-দীক্ষা, নিৰাপত্তা, উন্নয়নে হৈছে মোৰ আচল লক্ষ্য।
ইয়াৰ পিছতে বড়োবাজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়।সভাত প্ৰমোদ বড়ো সহ অন্যান্য উপস্থিত অতিথি সকলে ভাষন প্ৰসংগত ইউপিপিএল দল বিটিচিৰ শাসনভাৰ লাভ কৰাৰ পিছত বিটিআৰ এলেকাত এক শান্তিৰ পৰিৱেশ ঘুৰাই আনিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে। লগতে সামান্তৰাল ভাবে বিটিআৰ এলেকাত গুণগত শিক্ষা, উন্নত স্বাস্থ্য সেৱাৰ লগতে সাৰ্বিক উন্নয়নৰ হকে কাম কৰি থকাৰ কথা উল্লেখ কৰে।
সভাৰ অন্তত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত তেখেতে কয় যে, লোকসভা নিৰ্বাচনত চিদলী বিধানসভা সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী সাংসদ হিচাপে বিজয়ী হৈ যোৱাৰ পিছত খালি থকা ৩১ নং চিদলী সভা সমষ্টিত উপ নিৰ্বাচনত মিত্ৰজোঁট তথা ইউপিপিএল দলৰ প্ৰাৰ্থী বিপুল ভোটত বিজয়ী হ’ব।
আজিৰ উদ্বোধনী কাৰ্য্যসূচী তথা সভাত বিটিচিৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী, বিজনীৰ প্ৰাক্তন বিধায়ক কমলসিং নাৰ্জাৰী, বিজনীৰ মহকুমাধিপতি কৃতি চেছৰা, বিজনী জিলা ইউপিপিএলৰ সভাপতি ফনীন বড়ো, সম্পাদক হোম প্ৰসাদ শৰ্মা, চিৰাঙৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া ড০ জয়পাল সিং ব্ৰহ্ম, বড়োবাজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ খুংখ্ৰা বসুমতাৰী সহ অন্যান্য অতিথিবৃন্দ উপস্থিত থাকে।
কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ নৱনিৰ্মিত গাৰ্লছ হোষ্টেলৰ শুভ উদ্বোধন বিটিচি প্ৰধান প্ৰমোদ বড়োৰ