নগাঁৱত দিব্যাঙ্গসকলৰ সহায়ক সঁজুলিসমূহৰ বিনামূলীয়া বিতৰণ

1 min read

নিউজ ব্যুৰ’,নগাঁও,৯আগষ্ট:–নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগ আৰু মহিলা আৰু শিশু বিভাগ,নগাঁৱৰ সহযোগত তোদী ফাউণ্ডেচন, জয়পুৰ ফুড কেম্প,ভগৱান মহাবীৰ বিকলাংগ সহায়তা সমিতিৰ সৌজন্যত দিব্যাঙ্গসকলৰ সহায়ক সঁজুলিসমূহৰ বিনামূলীয়া বিতৰণ কাৰ্যসূচী ৮আগষ্টৰ পৰা ১৯আগষ্টলৈকে নিম্ন উল্লেখিত স্থানসমূহত বিতৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে। জুৰীয়া আই. চি. ডি. এছ. প্ৰজেক্টৰ অন্তৰ্গত বলিকটীয়া বালিকা প্ৰাথমিক বিদ্যালয়ত ৮আগষ্টৰ পৰা ১১আগষ্টলৈ,খাগৰিজান আই. চি. ডি. এছ. প্ৰজেক্টৰ অন্তৰ্গত ডিমৰুগুৰি পঞ্চায়ত কাৰ্যালয়ত ১২আগষ্টৰ পৰা ১৪আগষ্টলৈ,লাওঁখোৱা আই. চি. ডি. এছ.প্ৰজেক্টৰ অন্তৰ্গত লাওঁখোৱা গাঁও পঞ্চায়ত কাৰ্য্যালয়ত ১৬আগষ্টৰ পৰা ১৮আগষ্টলৈ আৰু নগাঁওৰ অন্তৰ্গত পানীগাঁও চাৰিআলিৰ শ্ৰীমন্ত শংকৰ মিছনত অহা ১৯আগষ্টত অনুষ্ঠিত হ’ব। তদুপলক্ষে এই শিবিৰসমূহত ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতা নগাঁও জিলা প্ৰশাসন আৰু সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগ আৰু মহিলা আৰু শিশু বিভাগে আন্তৰিকতাৰে কামনা কৰিছে।
যোৱা ৮আগষ্টৰ পৰা জুৰীয়াৰ বলিকটীয়া বালিকা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত এই শিবিৰত প্ৰথমেই দিব্যাঙ্গসকলক স্কীনিং কৰি তেওঁলোকৰ প্ৰয়োজন অনুসৰি বিভিন্ন ধৰণৰ সঁজুলি আজি দুদিন ধৰি প্ৰায় ৩৫০জনক বিতৰণ কৰা হৈছে। উক্ত শিবিৰত জিলা অতিৰিক্ত আয়ুক্ত (সমাজ কল্যাণ) কাকুমণি শইকীয়া, জিলা সমাজ কল্যাণ বিষয়া ভোলানাথ পেগু,পি.এম.এম.ভি.ৱাই.ৰ জিলা সমন্বয়ক কুইন বৰা,চুপাৰভাইজাৰ মহিলা আৰু শিশু বিভাগৰ বিষয়ববীয়া,অঙ্গনবাড়ী কৰ্মী আৰু তোদী ফাউণ্ডেচন,জয়পুৰ ফুড কেম্প,ভগৱান মহাবীৰ বিকলাংগ সহায়তা সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে । ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author