কলিয়াবৰৰ জখলাবন্ধাৰ মাজমজিয়াত বৃহস্পতিবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কলিয়াবৰ সমিতিয়ে মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি পৰিৱেশ উত্তাল কৰি তোলে ৷ লগতে মুখ্যমন্ত্ৰীক কঠোৰ সকীয়নি প্ৰদান কৰে কলিয়াবৰ আটছাৰ কৰ্মকৰ্তা সকলে।
উল্লেখযোগ্য যে, বুধবাৰে আৰক্ষীৰ লগত আটচাৰ বাকবিতণ্ডাৰ সৃষ্টি হোৱাৰ লগতে আৰক্ষীয়ে আটচাৰ কেইবাগৰাকী নেতাক প্ৰহাৰ কৰিছিল হাতীখুলী চাহ বাগিচাৰ ৰঙাজানত। হাতীখুলী চাহ বাগিছাত অসম চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে চাহ বাগিছা উচ্ছেদ কৰি বিলাসী হোটেল নিৰ্মাণৰ প্ৰসংগকলৈ বুধবাৰে ৰঙাজানত যি পৰিস্থিতিৰ সৃষ্টি হল তাৰ বাবে কলিয়াবৰ আটছাই গৰিহনা দিয়া বুলি প্ৰতিবাদ কাৰী সকলে প্ৰকাশ কৰে।
ক্ষুব্ধ প্ৰতিবাদকাৰী সকলে কয় যে, ৰঙাজানত গণতান্ত্ৰিক আন্দোলন কৰিবলৈ যোৱা চাহ শ্ৰমিক লোক সকৰক আৰক্ষীয়ে লাঠি চালনা কৰি বহু প্ৰতিবাদ কাৰীক আহত কৰিছে তাৰ বাবে আমি অসম চৰকাৰৰ লগতে আৰক্ষী মহলক ধ্বিকাৰ জনাইছো। তাৰ প্ৰতিবাদতে বৃহস্পতিবাৰে কলিয়াবৰৰ জখলাবন্ধাত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ কথাও তেওঁ লোকে উল্লেখ কৰে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি আটছাৰ কৰ্মকৰ্তা সকলে লগতে কয় যে চাহ জনগোষ্ঠীয়লোক সকলে ২৬ ৰ বিধানসভা নিৰ্বাচনত ভোট বৰ্জন কৰিব। বিজেপি চৰকাৰৰ দিনত এতিয়া একাংশ পুজিপতি আৰু মুখ্যমন্ত্ৰীৰ চকু এতিয়া কলিয়াবৰৰ কৃষিভূমি¸চাহ বাগিছাৰ ওপৰত।
ইপিনে কলিয়াবৰ কৃষিভূমি¸চাহ বাগিছা ধ্বংস কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আজি জখলাবন্ধাত আটছাই গ্ৰহণ কৰাএই প্ৰতিবাদী কাৰ্যসূচীয়ে বৰ্তমান সময়ত বিশেষ তাৎপৰ্য বহন কৰা পৰিলক্ষিত হৈছে। উল্লেখ যোগ্য যে,বোকাখাট ৰাজহ চক্ৰৰ অন্তৰ্গত হাতিখুলি চাহ বাগিচাৰ ৰাইজে হাবি জংঘল চাফা কৰি শ শ বছৰ ধৰি আদিবাসী জনগোষ্ঠীৰ কেইবাটাও পৰিয়ালে ভোগদখল কৰি খেতি কৰি থকা প্ৰায় ৭০ বিঘা ভূমি সহজ সৰল আদিবাসী লোকসকলক আবণ্টন নিদি বিজেপি চৰকাখনে হায়াত নামৰ বহিৰাগত ব্যক্তিগত প্ৰতিষ্ঠান এটাক গতাই দিব বিছৰা ষড়যন্ত্ৰক সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ই তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।
সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ ভূমি ব্যৱস্থাপনা সম্পাদক ৰহান ভূমিজ, যুটীয়া সম্পাদক পুৰন গঞ্জু, নগাঁও জিলাৰ সভাপতি থানেশ্বৰ গড়, সম্পাদক চন্দন দিগাল ,বিশ্বনাথ জিলা সম্পাদক অমৃত মুণ্ডাই উক্ত স্থানত উপস্থিত হৈ সমগ্ৰ পৰিস্থিতিৰ বুজ লয় আৰু এক প্ৰেছ বিবৃতি যোগে জনায় যে বোকাখাট চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত হাতিখুলী চাহ বাগিছাৰ অতিৰিক্ত চিলিং ভূমি ২৩ ঘৰ খিলঞ্জীয়া আদিবাসী পৰিয়ালে শ শ বছৰ ধৰি হাবি জংঘল ছফা কৰি খেতি বাতি কৰি খাই থকা ভূমি অসম চৰকাৰে বলপূৰ্বকভাৱে হায়াট নামৰ বহিৰাগত ব্যক্তিগত প্ৰতিষ্ঠানক ৭০ বিঘা কৃষি ভূমি গতাই দিব বিচৰা সিদ্ধান্তক আছাই কেতিয়াও মানি নলয় আৰু অসম চৰকাৰক তোষামোদ কৰিবলৈ অসম আৰক্ষীয়ে উক্ত ভূমি বলপূৰ্বক ভাবে দখল কৰিবলৈ যাওঁতে স্থানীয় লোক ও জাতীয় সংগঠনৰ নেতা সকলে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰে কিন্তু অসম আৰক্ষীয়ে গুৰুগোসাঁই নামানি যি বৰ্বৰতাৰে লাঠি চালান কৰি আঘাতপ্ৰাপ্ত কৰে তাক আছাই তীব্ৰ নিন্দা কৰে আৰু এই হঠকাৰী সিদ্ধান্তক বাতিল নকৰিলে সংগঠনটোৱে তীব্ৰ গণতান্ত্ৰিক কায্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হব ৷
সংগঠনটোৱে শীঘ্ৰে চৰকাৰক ২৩ টা খিলঞ্জীয়া আদিবাসী পৰিয়ালক ভূমি ঘূৰাই দিয়াৰ লগতে পট্টা দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়। সংগঠনটোৱে কয় যে ইয়াৰ লগতে কলিয়াবৰৰ চিকনি চাহ বাগিছাও চাৰি লেন যুক্ত পথ নিৰ্মাণ কৰাৰ নামত যি বাগিছা উচ্ছেদৰ গোপন পৰিকল্পনা কৰিছে তাক আছাৰ বিষয়ববীয়াই অসম চৰকাৰক সকিয়াই দিয়ে বাৰম্বাৰ উন্নয়নৰ দোহাই দি কেবল চাহ বাগিচাক লক্ষ্য কৰি লোৱা হৈছে এয়া কোনো কাৰনত মানি লোৱা নহব ৷ লগতে বহুবাৰ চাহ শ্ৰমিকৰ ভূমি চৰকাৰে উচ্ছেদ কৰি আহিছে। চৰকাৰৰ এই মনোপলি নীতিক ছাত্ৰ সন্থাই তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। আদিবাসী চাহ শ্ৰমিকৰ ভূমি বাৰম্বাৰ উচ্ছেদ কৰা সিদ্ধান্তক শীঘ্ৰেই বন্ধ কৰক অন্যথা ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তোলা হব বুলি জানিবলৈ দিয়ে। যি সময়ত অসমৰ চাহ বিশ্ব দৰবাৰত পৰিচিত সেই একে সময়ত অসমৰ একাংশ ৰাজনৈতিক নেতাৰ লাভালাভৰ বাবে বাগিছাৰ খিলঞ্জীয়া আদিবাসী চাহ শ্ৰমিকক কু- দৃষ্টি ৰে চাই,অতিৰিক্ত ভূমি সমূহ বণিয়া গোষ্ঠীৰ লগত গোপন মিতিৰালিৰে ভূমি সমোহ গটাই দিয়াটো কিমান গ্ৰহণ যোগ্য বুলি আছাই চৰকাৰক প্ৰশ্ন কৰে? যদি চৰকাৰৰ এনে আকোঁৰগোজ নীতিৰে বাৰম্বাৰ চাহ শ্ৰমিকৰ ওপৰত অন্যায় কৰি থাকে তেন্তে ২০২৬ ৰ চনৰ বিধান সভা নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিয়া হব বুলি স্পষ্ট কৰি দিয়ে l