বাৰপূজীয়াত ৪২ৰ স্বাধীনতা আন্দোলনৰ দুই শ্বহীদ হেমৰাম পাটৰ-গুণাভিৰাম বৰদলৈক স্মৰণ

1 min read

নিউজ ব্যুৰ’,নগাঁও,২৬ আগষ্ট :- ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ ৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যসূচীত সমগ্ৰ দেশজুৰি ব্যাপক প্ৰভাৱ পৰিছিল। উত্তৰ পূৰ্বাঞ্চলৰ অসমৰ গাঁৱে ভূঁঞে বিদ্ৰোহৰ অগনি জ্বলি উঠিছিল। সেই বছৰৰে ২৬আগষ্টৰ নিশা নগাঁও জিলাৰ বাৰপূজীয়াৰ হেমৰাম পাতৰ আৰু গুণাভিৰাম বৰদলৈয়ে ৰহা থানাৰ অন্তৰ্গত জোঙাল বলহু গড়ৰ সমীপত তহলদাৰী বৃটিছ সৈনিকৰ নিৰ্বিচাৰ গুলীচালনাাত প্ৰাণ আহুতি দিছিল আৰু তাৰ দুদিন পাছত অৰ্থাৎ ২৮ আগষ্টৰ নিশা বাৰপূজীয়া তিনিআলিৰ পহৰাৰ দায়িত্বত থকা বাৰপূজীয়াৰ নিজমিকিৰ গাঁৱৰ পাহুৱাল ডেকা বীৰ তিলক ডেকাই কৰ্তব্যৰত অৱস্থাত থাকোঁতেই তহলদাৰী বৃটিছ সেনাই গছত বান্ধি শূণ্য দূৰত্বৰ পৰা গুলিয়াই হত্যা কৰিছিল। উক্ত তিনি গৰাকী বীৰ শ্বহীদৰ পবিত্ৰ স্মৃতিত অঞ্চলৰ ৰাইজে অতি শ্ৰদ্ধা ভক্তিৰে তেতিয়াৰ পৰাই দুয়োটা দিন “শ্বহীদ দিৱস” হিচাপে উদযাপন কৰি আহিছে। দেশ স্বাধীন হোৱাৰ পাছত এই শ্বহীদ দিৱস উদযাপনত প্ৰশাসনেও সহযোগিতা আগবঢ়াই আহিছে । এইবছৰো শ্বহীদ দিৱসটি সোমবাৰে দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় । কাৰ্যসূচী অনুসৰি পুৱা হেমৰাম পাতৰৰ আবক্ষ মূৰ্তিৰ প্ৰাঙ্গণত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস আৰু আৱক্ষ মূৰ্তিত মাল্যাৰ্পণৰে শ্ৰদ্ধাঞ্জলিৰ শুভাৰম্ভ কৰে প্ৰনৱ মছৰঙে। ইপিনে গুণাভিৰাম বৰদলৈৰ আৱক্ষ মূৰ্তিৰ প্ৰাঙ্গণত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে আৰু আৱক্ষ মূৰ্তিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভ কৰে বলো ডেকা ৰজাই । অঞ্চলৰ সকলো ৰাইজ,সকলো শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী উপস্থিত থকা অনুষ্ঠানটিত তিনিগৰাকী বীৰ শ্বহীদৰ মৃত্যুৰ স্থিৰ দৃশ্যপট কুমুদ চন্দ্ৰ বৰদলৈ পৰিচালনাত মৌন কলা নিকেতনে প্ৰদৰ্শন কৰি অতীত স্মৃতি জীৱন্ত ৰূপত দাঙি ধৰে। ছাত্ৰ-ছাত্ৰীৰ জৰিয়তে দেশপ্ৰেমমূলক গীতত নৃত্য প্ৰদৰ্শন কৰা হয়। উদ্যোক্তা সমিতিৰ সভাপতি শালিনী পৰাশৰ(খণ্ড উন্নয়ন বিষয়া), কাৰ্যকৰী সভাপতি টুলটুল ডেকা, সম্পাদক হৰেশ্বৰ পাতেৰে আজিৰ কাৰ্যসূচী সফল ৰূপায়ণৰ কৃতজ্ঞতা জ্ঞাপন কৰি আগন্তুক ২৮আগষ্টৰ কাৰ্যসূচীতো সকলোৰে সহযোগিতা কামনা কৰে । ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author