নগাঁৱত স্থাপন কৰা ২.০ নিযুত ক্ষমতাৰ অসমৰ প্রথমটো পয় প্ৰণালী পৰিশোধন প্ৰকল্পৰ উদ্বোধন

1 min read

নিউজ ব্যুৰ’,নগাঁও,২৫আগষ্ট:–অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ পদক্ষেপত গৃহ আৰু নগৰ পৰিকল্পনা বিভাগে নগাঁও চহৰত স্থাপন কৰা ২.০নিযুত (2.0 MLD) ক্ষমতাৰ অসমৰ প্রথমটো পয় প্ৰণালী পৰিশোধন প্ৰকল্প(সেয়াগ ট্ৰীটমেন্ট প্লেন্ট,STP)ৰ ৰবিবাৰে শুভ উদ্বোধন কৰা হয়। এই প্ৰকল্পটিৰ আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে ৰাজ্যৰ গৃহ,নগৰ পৰিক্ৰমা আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে। নলা -নৰ্দমাৰ আবৰ্জনাযুক্ত প্ৰদূষিত পানী বিশুদ্ধিকৰণৰ বাবে এই অভিলাষী প্ৰকল্প অসমত পোনপ্ৰথমবাৰৰ বাবে নগাঁও চহৰৰ মধ্যস্থল কেন্দ্ৰীয় কাৰাগাৰৰ কাষত স্থাপন কৰা হৈছে । এই প্ৰকল্পৰ জৰিয়তে প্ৰতিদিনে ২.০ নিযুত লিটাৰ পানী পৰিশোধন কৰা হ’ব। পোনপ্ৰথমে এই প্ৰকল্পৰ প্ৰথম পৰ্যায়ত নগাঁও পৌৰসভাৰ অন্তৰ্গত ১৪,১৫ আৰু ১৬ নং মহলাৰ নলা-নৰ্দমা সংযোগ কৰা আৰু তিনিটা মহলাৰ প্ৰায় ১১,০০০ জনসংখ্যাক সামৰি লোৱা হৈছে। পৰ্যায়ক্ৰমে নগাঁও পৌৰসভাৰ অন্তৰ্গত সকলো মহলাৰ নলা-নৰ্দমা এই প্ৰকল্পত সংযোগ কৰা হ’ব। পূৰ্বতে নগাঁও চহৰৰ আবৰ্জনাময় পানী কলং নৈত পৰি নৈখন দূষিত হৈছিল।এতিয়াৰে পৰা নলা-নৰ্দমাৰ পানী নগাঁৱত স্থাপন কৰা এই প্ৰকল্পৰ জৰিয়তে পৰিশোধন হৈ কলঙত পৰিব আৰু নগাঁওবাসীৰ মান,স্বাভিমান কলং নৈ প্ৰদুষণমুক্ত হ’ব। নগাঁও চহৰৰ সকলো বৰ্জিত প্ৰদূষিত পানী পৰিশোধন কৰি জনসাধাৰণৰ উপকৃত কৰা উদ্দেশ্যেৰে অসমত পোনপ্ৰথম বাৰৰ বাবে সংস্থাপন কৰা প্ৰকল্পটোৰ আজিৰ শুভ উদ্বোধনী অনুষ্ঠানটি নগাঁও আবৰ্ত ভৱনৰ সমীপত থকা মুকলি মঞ্চত হয়। সভাত নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা,গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব কবিতা পদ্মনাভনৰ লগতে অসম নগৰ পানী যোগান আৰু পয় প্ৰণালী পৰিষদৰ অধ্যক্ষ কুশল দুৱৰী,নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, নগাঁও পৌৰসভাৰ পৌৰপতি অম্বিকা মজুমদাৰ,উপ পৌৰপতি সীমান্ত বৰা, অসম নগৰ পানী যোগান আৰু পয় প্ৰণালী পৰিষদৰ পৰিচালন সঞ্চালক ড°প্ৰণতি গগৈ,নগৰ উন্নয়ন প্ৰাধীকৰণৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি শৰ্মা,পৌৰ আয়ুক্ত সকল,জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া আৰু নগাঁও পৌৰসভাৰ বিষয়া- কৰ্মচাৰীকে প্ৰমুখ্য কৰি শুভাকাংখী ৰাইজ উপস্থিত থাকে । ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author