ধৰ্ষণৰ ঘটনাসমূহ অসভ্য সমাজৰ সভ্য সমাজৰ ওপৰত আক্ৰমণৰ ঘটনা

1 min read

নিউজ ব্যুৰ’,নগাঁও,২৫আগষ্ট:–নগাঁও জিলাৰ ধিঙত মানৱ সমাজক লজ্জানত কৰা ধৰ্ষণ কাৰ্যৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে। ইয়াৰ মাজতে ৰবিবাৰে নগাঁৱত নগৰ উন্নয়ন আৰু জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে ধৰ্ষণ সন্দৰ্ভত সাংবাদিকৰ আগত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। নগাঁৱত এক চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পিছত মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত কয় যে ধিঙৰ ঘটনাটো অকল ধিঙৰ ঘটনা নহয়। মধ্য অসম,নামনি অসম, উত্তৰপাৰতো এনে ঘটনা হৈছে।

আনকি মোৰ নিজা সমষ্টি ঢেকীয়াজুলিটো ৩টা ধৰ্ষণৰ ঘটনা হৈছে আৰু দুটা ধৰ্ষণৰ চেষ্টা কৰাৰ ঘটনা হৈছে। এই ধৰ্ষণৰ ঘটনাসমূহ অসভ্য সমাজৰ সভ্য সমাজৰ ওপৰত আক্ৰমণৰ ঘটনা বুলি মন্ত্ৰী গৰাকীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই অসভ্য সমাজক উত্তৰ দিবলৈ সভ্য সমাজ একগোট হব লাগিব,সংগঠিত হব লাগিব। ইয়াৰ বাহিৰে আন বিকল্প পথ আমাৰ হাতত নাই। ধৰ্ষণৰ ঘটনা হোৱাৰ পিছত আৰক্ষীয়ে ব্যৱস্থা লয়। কিন্তু এই মানসিকতাৰ পৰা অসভ্য সমাজক মুক্তি দিবলৈ সভ্য সমাজ সংগঠিত হ’ব লাগিব। এই যুঁজ সভ্য সমাজ আৰু অসভ্য সমাজৰ মাজত আছে। কংগ্ৰেছ বিধায়ক আব্দুল ৰশ্বিদে এই সন্দৰ্ভত কৰা মন্তব্যৰ বিষয়ে প্ৰতিক্ৰিয়া বিচৰাত মন্ত্ৰীগৰাকীয়ে কয় যে যিসকলে বেয়া কথা কয়,যিসকলে ধৰ্ষণ হৈছে নে নাই এই কথা কয় তেওঁলোকে অসভ্য সমাজক প্ৰতিনিধিত্ব কৰে। ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author