চৰাইবাহীত মহাবাহু এগ্ৰো ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

1 min read

নিউজ ব্যুৰ’,নগাঁও,২৫আগষ্ট:–মৰিগাঁও জিলাৰ কপিলী উন্নয়ন খণ্ডৰ অন্তৰ্গত চৰাইবাহীৰ মহাবাহু এগ্ৰ’ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি ৰবিবাৰে পালন কৰা হয়।

এই উপলক্ষে চৰাইবাহী গাঁও পঞ্চায়ত কাৰ্যালয়ত অনুষ্ঠিত মহাবাহু এগ্ৰ’ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী পুৱা বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰে সমাজসেৱক সন্দেশ্বৰ নাথে আৰু পতাকা উত্তোলন কৰে মহাবাহু এগ্ৰ’ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ অধ্যক্ষ মানস নাথে ৷ ইয়াৰ পিছতে প্ৰায় ৩০টা গছপুলি ৰোপন কৰাৰ অন্তত মানস নাথৰ সঞ্চালনাত এখন কৃষক সজাগতা সভা অনুষ্ঠিত হয়। মহাবাহু এফ চি পিৰ মূখ্য কাৰ্যবাহী বিষয়া ডিবেন্দ্ৰ কুমাৰ হাজৰিকাই আঁত ধৰা সভাখনি শুভ উদ্বোধন কৰে ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠান,গুৱাহাটীৰ প্ৰকল্প বিষয়া নলীনাক্ষ্য চমুৱাই। সভাত আমন্ত্ৰিত অতিথিৰূপে কৃষকৰ সমস্যা আৰু উন্নয়নৰ সন্দৰ্ভত বক্তব্য আগবঢ়ায় ক্ৰমে জিলা কৃষি বিভাগৰ এপাৰ্ট আঁচনিৰ বাণিজ্যিক বিষয়া ধনঞ্জী যাদৱ,মৰিগাঁৱৰ ইয়াংলী এফ চি পিৰ সঞ্চালক জান মণি মহন্ত,সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ সভাপতি দিব্যজ্যোতি হাজৰিকা, গুৱাহাটীৰ উদ্যমী কাঠফুলা খেতিয়ক তুলিকা গগৈ স্বৰ্গীয়াৰী,মৰিগাঁৱৰ উদ্যমী মহিলা মমী নাথ,জ্যেষ্ঠ সাংবাদিক বিষ্ণু ডেকা,পোহৰ এগ্ৰ’ কৃষক উৎপাদক প্ৰতিষ্ঠানৰ সঞ্চালক সচিদান্দ বৰদলৈ, চৰাইবাহীৰ বিশিষ্ট সমাজসেৱক কমল বৰদলৈ,চৰাইবাহী সমবায় সমিতিৰ সভাপতি নিতুল বৰদলৈ,বৰভগীয়া গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি হিৰেন্দ্ৰ কুমাৰ নাথৰ লগতে বহু কেইগৰাকীয়ে । উল্লেখ্য যে সভাখনত আমন্ত্ৰিত অতিথিসকলক একোটি গছপুলি আৰু ফুলৰ থোপাৰে আদৰণি জনোৱা হয় । সভাখনিৰ আৰম্ভণিতে এফচিপিৰ সদস্যাসকলে মহাবাহু এফচিপিৰ মানস নাথৰ ৰচনা আৰু সূৰ্য নাথৰ সুৰেৰে এটি সমবেত সংগীত গীত পৰিৱেশন কৰে। সভাৰ শেষত এফচিপিৰ ১৪গৰাকী কৃষকক মৰিগাঁও জিলা কৃষি বিভাগৰ তৰফৰ পৰা যোগান ধৰা কেঁচুসাৰৰ বেগ আনুষ্ঠানিক ভাৱে প্ৰদান কৰা হয়। উল্লেখ্য যে মহাবাহুৰ গাণনিক অভিজিত নাথে আমন্ত্ৰিত অতিথি সকলক শলাগৰ শৰাই আগবঢ়ায় । সভাখনিত মহাবহু এফচিপিৰ সঞ্চালক মণ্ডলী আৰু কৃষকসকল উপস্থিত থাকে ৷ ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author