নতুন পেঞ্চন স্কীম সন্দৰ্ভত লামডিং ৰেলৱে মাণ্ডলিক প্ৰবন্ধকৰ সংবাদ মেল

1 min read

নিউজ ব্যুৰ’,নগাঁও,২৮আগষ্ট :–চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নতুন পেঞ্চন স্কীম ঘোষণা কৰিলে কেন্দ্ৰীয় চৰকাৰে। কৰ্মচাৰীসকলৰ বাবে কৰা চৰকাৰৰ এই ঘোষণাক আদৰণি জনাই মঙলবাৰে লামডিঙত এক সংবাদ মেল আয়োজন কৰে। লামডিং ৰেলৱে মাণ্ডলিক প্ৰবন্ধকৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সংবাদ মেলত লামডিং ডিভিজন মাণ্ডলিক প্ৰবন্ধক গৰাকীৰ লগতে লামডিং মণ্ডলৰ জ্যেষ্ঠ বাণিজ্যিক শাখাৰ প্ৰবন্ধক জ্যেষ্ঠ DPOৰ লগতে ৰেলৱে দুটাকৈ শ্ৰমিক সংগঠন এমপ্লয়িজ ইউনিয়ন আৰু মজদুৰ ইউনিয়ন উপস্থিত থাকে। সংবাদ মেলখনৰ জৰিয়তে চৰকাৰে নতুনকৈ কৰ্মচাৰী হিতাৰ্থে নতুন পেঞ্চন স্কীম ঘোষণা কৰা বুলিপ্ৰবন্ধকগৰাকীয়ে জনায়। লগতে তেওঁ কয় যে এই নতুন আঁচনিয়ে কৰ্মচাৰী সকলৰ বাবে এক সুখবৰ। ২০০৪বৰ্ষ পিছৰে পৰা চৰকাৰে পেঞ্চন বন্ধ কৰি দিছিল কৰ্মচাৰীৰ। কৰ্মচাৰী শ্ৰমিক সংগঠনেও প্ৰতিবাদ কৰিছিল OPS বন্ধ কৰা বাবে,কিন্তু বৰ্তমান চৰকাৰে ৩০বছৰ সলনি ২৫বছৰ চাকৰি কৰা কাৰ্যকাল সমাপ্ত কৰিলেও নতুন পেঞ্চনৰ নীতিত পেঞ্চন লাভ কৰিবলৈ সক্ষম হ’ব। পুৰণা পেঞ্চনতকৈও বিশেষ লাভৱান হব NPS। কিন্তু পুৰণি আঁচনি (OPS) ঘূৰাই অনা নহয়। নতুন যি পেঞ্চন স্কীম (নেচনেল পেঞ্চন ছিষ্টেম) আছে সেয়া থাকিব। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ইউনিফাইড পেঞ্চন আৰম্ভ কৰা হৈছে। যি পেঞ্চন স্কীমৰ আওতাত ন্যূনতম ৫০ শতাংশ পেঞ্চন নিশ্চিত কৰিছে চৰকাৰে ৷ লগতে কৰ্মচাৰীৰ পৰা ১০শতাংশ মাচুল কাটাৰ বিপৰীতে চৰকাৰে ১৮.৫০ শতাংশ মাচুল জমা কৰি এই পেঞ্চন প্ৰদান কৰিব বুলি জনায়। শনিবাৰে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, ‘চৰকাৰী েকৰ্মচাৰীসকলৰ বাবে ইউনিফাইড পেঞ্চন স্কীমত অনুমোদন জনাইছে কেন্দ্ৰীয় মন্ত্ৰীসভাই। এই ইউনিফাইড পেঞ্চন স্কীমৰ ফলত প্ৰায় ৯০ লাখ কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী লাভৱান হ’ব ৷ ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author