নিউজ ব্যুৰ’,নগাঁও,৭আগষ্ট :-আত্মবিশ্লেষণ,মহানুভৱতা আৰু সুন্দৰ মন সফল শিক্ষানুষ্ঠানৰ চাবিকাঠী।”—এই মন্তব্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তথা বিশিষ্ট সাহিত্যিক ড° অমৰ জ্যোতি চৌধুৰীৰ। বুধবাৰে নগাঁও কলেজৰ ৮০সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু স্নাতক সমাৰোহৰ মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি এই মন্তব্য কৰে ড° চৌধুৰীয়ে । নগাঁও কলেজ (অট’নমাচ)ৰ আভ্যন্তৰীণ মান আশ্বাসন কোষৰ সমন্বয়ক ড° ভূৱন চন্দ্ৰ চুতীয়াই আঁত ধৰা প্ৰতিষ্ঠা দিৱস আৰু স্নাতক সমাৰোহৰ মুকলি সভাত আদৰণী ভাষণ প্ৰদান কৰে নগাঁও কলেজৰ অধ্যক্ষ ড০ ৰঞ্জিত কুমাৰ মজিন্দাৰে। মুকলি সভাৰ আৰম্ভণিতে মহাবিদ্যালয় খনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক-অধ্যাপিকা আৰু অনাশিক্ষক কৰ্মচাৰীসকলক “গুৰু সেৱা” কাৰ্যসূচীৰ দ্বাৰা সন্মান জনোৱা হয়। বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি ড° চৌধুৰীয়ে নগাঁও কলেজৰ ৮০ বছৰীয়া যাত্ৰাত সেৱা আগবঢ়োৱা অৱসৰপ্ৰাপ্ত অধ্যাপক- অধ্যাপিকা,প্ৰাক্তন ছাত্ৰ-ছাত্ৰী,অৱসৰ প্ৰাপ্ত অনাশিক্ষক কৰ্মচাৰী,বৰ্তমানৰ অধ্যাপক-অধ্যাপিকা,অনাশিক্ষক কৰ্মচাৰী,ছাত্ৰ-ছাত্ৰী আৰু সকলো শুভাকাঙ্ক্ষীক শুভেচ্ছা জ্ঞাপন কৰে। ড° চৌধুৰীয়ে গুৰু সেৱাৰ ক্ষেত্ৰত নগাঁও কলেজে বাট কাটি সমগ্ৰ অসমলৈ এক বাৰ্তা প্ৰেৰণ কৰিছে বুলি মন্তব্য কৰে। ভাষণ প্ৰসংগত ড° অমৰ জ্যোতি চৌধুৰীয়ে জাগীৰোডত স্থাপন হ’বলগা এচিয়াৰ সৰ্ববৃহৎ চেমিকণ্ডাক্টৰ উদ্যোগৰ প্ৰসংগেৰে বিশ্ববিদ্যালয়লৈ উন্নীত হোৱা নগাঁও কলেজে ছাত্ৰ-ছাত্ৰীৰ নিয়োগৰ প্ৰতি লক্ষ্য ৰাখি ছেমিকণ্ডাক্টৰ সম্পৰ্কীয় এখন পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ বাবে পৰামৰ্শ আগবঢ়ায় ।
বিশ্ববিদ্যালয়খনক আগুৱাই নিবৰ বাবে কেনেধৰণৰ পথ গ্ৰহণ কৰিব লাগিব, সেই সম্পৰ্কত তেওঁ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰসংগেৰে বিভিন্ন পৰামৰ্শ আগবঢ়ায়। নগাঁও বিশ্ববিদ্যালয়লৈ পাঠ্যক্ৰমৰ বাহিৰেও পৰিপূৰ্ণ মানুহ হিচাপে গঢ়ি তুলিব পৰা পদক্ষেপ গ্ৰহণৰ বাবে ড° চৌধুৰীয়ে আহ্বান জনায়। ঐতিহ্যমণ্ডিত নগাঁৱক সমৃদ্ধ কৰি তুলি ধৰাৰ ক্ষেত্ৰত নগাঁও কলেজে বাট দেখুৱাবলৈ আহ্বান জনায়। লগতে তেখেতে গণশিল্পী সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ স্মৃতিত ৰচনা কৰা তেখেতৰ “এটা গান শেষ হ’ল” কবিতাটো আবৃত্তিৰে সকলোকে মন্ত্ৰমুগ্ধ কৰে। নগাঁও কলেজ পৰিচালনা সমিতিৰ সভাপতি ড° শৰৎ কুমাৰ দত্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত সদ্যঘোষিত নগাঁও কলেজৰ স্নাতক পৰীক্ষাত শীৰ্ষস্থান দখল কৰা আৰু বিজ্ঞান,বাণিজ্য,কলা শাখাৰ শ্ৰেষ্ঠ স্নাতকক অভিনন্দন জ্ঞাপন কৰা হয়।
আটাইকেইটা বিভাগৰ ভিতৰত শীৰ্ষ স্থান দখল কৰে গণিত বিভাগৰ প্লাৱিতা শইকীয়া,দ্বিতীয় শীৰ্ষ স্থান লাভ কৰে অৰ্থনীতি বিভাগৰ ৰশ্মিৰেখা বৰাই আৰু তৃতীয় শীৰ্ষ স্থান লাভ কৰে গণিত বিভাগৰ ছাত্ৰ বাস্তৱ বৰাই। মুকলি সভাত ২০২৪ বৰ্ষৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্ত নগাঁও কলেজৰ দহজন ছাত্ৰ-ছাত্ৰীক প্ৰশংসা পত্ৰ বিতৰণ কৰাৰ লগতে সদ্যঘোষিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেট,শ্লেট,গেট,জেম আদি পৰীক্ষাত উত্তীৰ্ণ ২০জনতকৈ অধিক নগাঁও কলেজৰ ছাত্ৰ-ছাত্ৰীক প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়। বুধবাৰে অনুষ্ঠিত প্ৰতিষ্ঠা দিৱস আৰু স্নাতক সমাৰোহত নগাঁও কলেজৰ ভাৰপ্ৰাপ্ত উপাধ্যক্ষ ড° পুলিন চন্দ্ৰ বৰা প্ৰমুখ্যে অৱসৰপ্ৰাপ্ত অধ্যাপক-অধ্যাপিকা, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী,বৰ্তমানৰ অধ্যাপক- অধ্যাপিকা,অনাশিক্ষক কৰ্মচাৰী, এন.এছ.এছ আৰু এন.চি.চিৰ সদস্যা, পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰী আৰু শুভাকাংক্ষী উপস্থিত থাকে। অধ্যাপক ড০ নৱপ্ৰসাদ নাথৰ শলাগৰ শৰাইৰ দ্বাৰা অনুষ্ঠানৰ লগতে সন্ধিয়া ৮০ গছি বন্তি প্ৰজ্জ্বলনেৰে ৮০সংখ্যক প্ৰতিষ্ঠা দিৱস কাৰ্যসূচীৰ অন্ত পৰে। ঋতু পৰ্ণ শৰ্মা,নগাঁও