নিউজ ব্যুৰ’,নগাঁও,৮আগষ্ট:-নগাঁও জিলাৰ ডিমৌৰ পূৱ শালমৰাৰ প্ৰাক্তন ছাত্রনেতা পাৰ্থজ্যোতি মেধি (৪০)ৰ আজি আদ্যশ্ৰাদ্ধ উপলক্ষে ফুলগুৰি আঞ্চলিক কবি সন্মিলনৰ উদ্যোগত ছাত্র নেতা গৰাকীৰ স্মৃতিচাৰণ সভা সম্পন্ন হয়। সভাত প্ৰাক্তন মন্ত্ৰী উমেশ চন্দ্ৰ দাসে মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি কয় যে মানৱ জীৱন বৰ অনুপম। জন্ম মৃত্যু শাশ্বত যদিও অকল্পনীয়। তেওঁ কয় যে চল্লিশটা বসন্ত গৰকা পাৰ্থজ্যোতি মেধিৰ মৃত্যুয়ে কালসন্ধ্যা নমাই আনিলে ভৰ দুপৰীয়াতে । ফুলগুৰি আঞ্চলিক কবি সন্মিলনৰ সম্পাদিকা আৰতি মেধিয়ে আঁত ধৰা অনুষ্ঠানটিত ছাত্ৰনেতা পংকজ দাস আৰু নগাঁও জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি তুলেন্দ্ৰ পাটৰে পাৰ্থজ্যোতি মেধিৰ আছুৰ কাৰ্যকালৰ বিভিন্ন কাম কাজৰ আলোকপাত কৰে। স্মৃতিচাৰণ সভাখনিত বিশিষ্ট কবি বুদ্ধেশ্বৰ খাউণ্ড আৰু জ্যেষ্ঠ সাংবাদিক দেৱজিৎ হাজৰিকাইও বক্তব্য ৰাখে। স্মৃতিচাৰণ সভাত ছাত্ৰনেতা গৰাকীৰ প্ৰয়াত পত্নী শ্যামলীমা বৰুৱা মেধি,ভাতৃ তাপস জ্যোতি মেধি,অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ইৰালতা মেধি,কামপুৰ লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা নিৰুপমা মেধি,ভাস্কৰ্য শিল্পী ধ্ৰুৱজ্যোতি ৰাজা(মান্না), সমাজকৰ্মী ইন্দ্ৰ বৰুৱা, প্ৰফুল্ল শইকীয়া,ধৰ্মেশ্বৰ শইকীয়া, জয়কান্ত বৰুৱা,বকুল বৰা,ফুলগুৰি কবি সন্মিলনৰ সভাপতি পুতুল ডেকা,ছাত্ৰ নেতা দীপাংকৰ মেধি আৰু মৃন্ময় কাকতিকে ধৰি অঞ্চলৰ বহু গণ্য মান্য ব্যক্তি আৰু পৰিয়ালৰ লোক উপস্থিত থাকে । উল্লেখ্য যে ফুলগুৰি আঞ্চলিক কবি সন্মিলন আৰু দক্ষিণ পশ্চিম আঞ্চলিক ছাত্র সন্থাৰ তৰফৰ পৰা একোখনকৈ শোক পত্ৰ সভাত প্ৰদান কৰা হয় । ইফালে পুৱা নেতা গৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে পত্নী আৰু পৰিয়ালব্বগই । দুপৰীয়া নাম প্ৰসংগ আৰু বিয়লি ছাত্ৰনেতা গৰাকীৰ সোঁৱৰণত স্মৃতিচাৰণ সভাখনি অনুষ্ঠিত হয় । সন্ধিয়া বন্তি প্ৰজ্বলনৰ পিছত উৰেষা পাঠৰে সামৰণি মৰা হয় । ঋতু পৰ্ণ শৰ্মা,নগাঁও