শীঘ্ৰেই বন্ধ হোৱাৰ দিশে ৰাজ্যৰ ১৬১ খন প্ৰাথমিক বিদ্যালয়

1 min read

ৰাজ্য চৰকাৰে ‘শিক্ষা-ক্ষেত্ৰ’ আঁচনিৰ অধীনত বিলুপ্ত কৰিব এইসমূহ বিদ্যালয় ৷ ইতিমধ্যেই প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে এই সন্দৰ্ভত জাৰি কৰিছে জাননী।

শিক্ষাৰ্থীৰ সংখ্যা কম হোৱাৰ বাবে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে এই বৃহৎ সংখ্যক চৰকাৰী বিদ্যালয় বন্ধ কৰিব খুজিছে ৷ এইসমূহ সমীপৱৰ্তী আন বিদ্যালয়ৰ সৈতে একত্ৰীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে ।

প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে জাৰি কৰা জাননীত থকা বিলুপ্তি ঘটিবলগীয়া ১৬১খন চৰকাৰী বিদ্যালয়সমূহৰ ভিতৰত সৰ্বোচ্চ সংখ্যক বিদ্যালয় বন্ধ হ’ব নদী দ্বীপ মাজুলীত ৷ এই জাননীযোগে মাজুলীত বিলুপ্ত কৰা হ’ব ৩১ খন বিদ্যালয় ৷

লগতে, লখিমপুৰ জিলাত ১৯ খন, বঙাইগাঁও জিলাত ১৪ খন বিদ্যালয় বিলুপ্ত হ’ব৷ হাইলাকান্দিত ১০ খন আৰু কাছাৰৰ ৯ খন বিদ্যালয় বন্ধ হ’ব ৷ আনহাতে, যোৰহাট, নগাঁও, শিৱসাগৰত বিলুপ্ত হ’ব ৭ খনকৈ বিদ্যালয় ৷ বৰপেটা আৰু নলবাৰীত ৬ খনকৈ বিদ্যালয় বিলুপ্ত হ’ব । লগতে তিনিচুকীয়া আাৰু কামৰূপ মহানগৰৰ ৪ খন বিদ্যালয় বিলুপ্ত হ’ব ৷

ইয়াৰ বিপৰীতে, গোৱালপাৰা, হোজাই জিলাত বিলুপ্ত হ’ব ৩ খনকৈ বিদ্যালয় ৷ এইবাৰৰ বিদ্যালয় একত্ৰীকৰণৰ জড়িয়তে ১৯ খন জিলাত বিলুপ্ত হ’ব এই বিদ্যালয়সমূহ ৷ মৰিগাঁৱত ৩ খন, শোণিতপুৰত ৩ খন বিদ্যলয় এইবাৰৰ একত্ৰীকৰণৰ যোগেদি বিলুপ্তি ঘটিব ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বে শিক্ষা বিভাগে ‘শিক্ষা-ক্ষেত্ৰ’ আঁচনিৰ অধীনত অসমত মুঠ ৯৬ খন হাইস্কুল আৰু ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ বিলুপ্তি ঘটাইছিল ৷

You May Also Like

More From Author