নগাঁৱৰ ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱাগত আদৰণি অনুষ্ঠান সম্পন্ন

1 min read

নিউজ ব্যুৰ’,নগাঁও,৩ছেপ্টেম্বৰ:–নগাঁৱৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱাগত আদৰণি অনুষ্ঠানটি মঙলবাৰৰ পৰা আৰম্ভ হৈছে । ৩ ছেপ্তেম্বৰত কাৰ্যসূচীৰ প্ৰথম দিনা দিনৰ ১০ বজাৰ পৰা নৱাগত আদৰণি আৰু ফুলাই বৰা সোঁৱৰণী বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। এই উপলক্ষে নগাঁও জিলা পুথিভঁড়ালত আয়োজিত অনুষ্ঠানটি পৰিচালনা কৰে অধ্যক্ষ দিলীপ বৰা আৰু সংগীতা বৰাই। পুৱা ৭:৪৫ বজাত বিদ্যালয় চৌহদত বন্তি প্ৰজলন আৰু স্মৃতি তৰ্পণৰে কাৰ্যসূচীৰ পাতনি মেলা হয়। ৭:৪৫ বজাত বিদ্যালয়ৰ পতাকা উত্তোলন কৰে অধ্যক্ষ দিলীপ বৰাই। প্ৰয়াত ফুলাই বৰাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জলন আৰু পুষ্প অৰ্পণেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° মৃদুল হাজৰিকাৰ লগতে ৰাজ্যৰ দুই জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰু আৰু প্ৰকাশ মহন্ত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। ভাষণ প্ৰসংগত প্ৰশান্ত ৰাজগুৰুয়ে কয় যে ৰামানুজনক লৈ আজি সমগ্ৰ গৌৰাম্বিত। প্ৰতিজন লোকে ৰামানুজনক লৈ গৌৰৱ কৰে ।


বৰ্তমানলৈকে ৰামানুজনৰ পৰা ১০৮ জনে ৰাজ্যৰ ভিতৰতে বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ৰামানুজনত অধ্যয়ন কৰিবলৈ পোৱা ছাত্ৰ-ছাত্ৰী সৌভাগ্যৱান বুলি অভিহিত কৰি জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰুয়ে কয় যে ৰামানুজনত শিক্ষাপ্ৰাপ্তি হৈছে এক গৌৰৱ। ছাত্ৰ-ছাত্ৰীসকলে প্ৰত্যাহবানক নেওচি আগবাঢ়ি যাব লাগিব। কেৰিয়াৰ লগত ব্যক্তিত্ব জড়িত হৈ আছে। কেৰিয়াৰ আৰু ব্যক্তিত্বৰ মাজত প্ৰদান ব্যৱস্থা জড়িত হৈ আছে। শিক্ষা কেৱল আহৰণ কৰিলেই নহ’ব,প্ৰদানো কৰিব পাৰিব লাগিব। শিক্ষা প্ৰদানত আনন্দ আছে। ইপিনে প্ৰকাশ মহন্তই কয় যে শিক্ষাৰ প্ৰসাৰ দ্ৰুত গতিত ঘটিছে। কৃত্ৰিম বুদ্ধিমত্তা ইয়াৰ এক উদাহৰণ। জ্ঞান এতিয়া এটা এপত,এটা কেপচুলত ভৰাব পৰা হ’ল। ছাত্ৰ-ছাত্ৰীসকলক বাস্তবধৰ্মী হ’বলৈ আহ্বান জনাই ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই কয় যে ৰামানুজনৰ অধ্যক্ষ দিলীপ বৰাই সামাজিক দায়বদ্ধতাৰে কাম কৰি আহিছে। ৰামানুজনত দৰিদ্ৰ ঘৰৰ শিক্ষাৰ্থী জ্যোতিষ্মান হৈ জিলিকি উঠিছে। সকলোকে গুণগত শিক্ষা দিবলৈ চেষ্টা কৰা হৈছে। এই অনুষ্ঠানটিতে ডা: সত্যেন্দ্ৰ নাথ তালুকদাৰৰ সোঁৱৰণী বঁটা কৃৰ্তিমান ছাত্ৰী তৃষ্ণা দেৱীক প্ৰদান কৰা হয়। অধ্যক্ষ দিলীপ বৰাই আঁতধৰা ফুলাই বৰা সোঁৱৰণী বঁটা বিতৰণী অনুষ্ঠানত কৃৰ্তিমান স্নেহা হাজৰিকা,এঞ্জেলিনা চেতিয়া,দেৱশ্ৰী কন্যা বৰুৱা,মাধুৰ্য প্ৰসাদ বসুমতাৰী,মুনমী বৰপাত্ৰ গোঁহাই, ৰাইহানা তাচৰিন,তৃষ্ণা লীনা কলিতা, উৰ্মি বৰমুদৈ,সৃষ্টিৰূপা দিহিঙ্গীয়া,সুকন্যা বৰগোহাই,ৰিশ্মীতা তামুলী,কৃষানু কৌশিক নাথ,সৃষ্টি কন্দৰ্প,অনুপম চক্ৰবৰ্তী,ইব্ৰাহিম আলি আহমেদ আদিক বঁটা প্ৰদান কৰাৰ লগতে অসমীয়া আৰু জীৱবিজ্ঞান বিভাগৰ শিক্ষকসকলকো উক্ত অনুষ্ঠানতে সম্বৰ্দ্ধনা জনোৱা হয়। ইয়াৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয় ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author