নিউজ ব্যুৰ’,নগাঁও,৮ছেপ্টেম্বৰ:–নগাঁও জিলাৰ বৰঘাটত ৰবিবাৰে দিনজোৰা কাৰ্যসূচীৰে অসম গ্ৰামীণ বিকাশ বেংকৰ অৱসৰী সন্থাৰ ডিফু আঞ্চলিকৰ তৃতীয় বাৰ্ষিক অধিৱেশন সম্পন্ন হয়। বৰঘাট বাইপাছৰ হোটেল ডেষ্টিনীত ৰাজেশ্বৰ বে’ৰ সভাপতিত্বত অনুষ্ঠিত অসম গ্ৰামীণ বিকাশ বেংকৰ অৱসৰী সন্থাৰ অধিৱেশনখনিত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধি সকল উপস্থিত থাকে। সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক শৰৎ চন্দ্ৰ মহন্তই আঁতধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত মুখ্য অতিথি হিচাপে সদৌ অসম গ্ৰামীণ বিকাশ বেংকৰ অৱসৰী সন্থাৰ উপ-সভাপতি পল্লৱ বৈৰাগীয়ে ভাষণ প্ৰদান কৰে। সভাত সন্থাৰ কেইবাজনো অৱসৰী বিয়য়াই বিভিন্ন সমস্যাৰ ওপৰত আলোকপাত কৰি ভাষণ আগবঢ়ায়। সভাৰ আৰম্ভণিতে সন্থাৰ প্ৰয়াত সদস্যসকলৰ আত্মাৰ সদগতিৰ বাবে মৌন প্ৰাৰ্থনা জনোৱা হয়।
সভাত সম্পাদকীয় প্ৰতিবেন পাঠ কৰে ভাৰপ্ৰাপ্ত সম্পাদক শৰৎ চন্দ্ৰ মহন্তই। সভাত সৰ্বসন্মতিক্ৰমে উক্ত প্ৰতিবেদন সভাই গৃহীত কৰে। সন্থাৰ বিষয়ববীয়া সিদ্ধেশ্বৰ ডেকাই গীত পৰিবেশনৰে আৰম্ভ হোৱা সভাখনিত চিত্তৰঞ্জন হাজৰিকা আৰু ননীমা গগৈয়ে দ্বৈতগীত সংগীত পৰিবেশনেৰে অনুষ্ঠিত জীপাল কৰি তোলে। এই সভাতে আগন্তুক বৰ্ষৰ বাবে ৰাজেশ্বৰ বে’ক সভাপতি আৰু দিলীপ কুমাৰ সিনহাক সম্পাদক হিচাপে লৈ ১৫ জনীয়া এখন শক্তিশালী সমিতি গঠন কৰা হয়। সভাৰ অন্তত শৰৎ চন্দ্ৰ মহন্তৰ শলাগৰ শৰাইৰ পিছতে অনুষ্ঠানৰ সামৰণি পৰে । ঋতু পৰ্ণ শৰ্মা,নগাঁও